খোজ কাঢ়িও ওজন কমাব পাৰি; এক কিলোগ্ৰাম ওজন কমাবলৈও এদিনত কিমান কিলোমিটাৰ খোজ কাঢ়িব লাগে জানেনে ? - HOW TO LOSE WEIGHT
Walking Benefits: যেতিয়া আপোনাৰ ওজন বৃদ্ধি পায় তেতিয়া মানুহে আপোনাক খোজ কাঢ়িবলৈ পৰামৰ্শ দিয়ে । মানুহে বিশ্বাস কৰে যে খোজ কঢ়াটোৱে ওজন কমোৱাত সহায় কৰে আৰু ই এক প্ৰকাৰে সঠিক কথাও । কিন্তু প্ৰশ্ন হয় যে যদি আমি আমাৰ দেহৰ এক কিলোগ্ৰাম ওজন কমাব বিচাৰো তেন্তে আমি এদিনত কিমান কিলোমিটাৰ খোজ কাঢ়িব লাগিব । তেন্তে আজি জানি লওক এই প্ৰশ্নৰ উত্তৰ-

Published : June 13, 2024 at 2:11 PM IST
বৰ্তমান সময়ত মানুহৰ বাবে এটা চিৰপৰিচিত সমস্যা হৈ পৰিছে মেদবহুলতা ৷ পৰিস্থিতি এনেকুৱা যে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কত কি যে পন্থা অৱলম্বন কৰিবলগীয়া হৈছে মেদবহুল শৰীৰৰ গৰাকী এজনে ৷ পুৱা সোনকালে শুই উঠি খোজ কঢ়া, ব্যায়াম, জিমলৈ যোৱাকে ধৰি আটাইবোৰ পন্থাই বাছি ল’বলগীয়া হয় এনে লোকসকলে ৷
পিচে আপুনি প্ৰায়ে শুনিব যে শৰীৰৰ ওজন হ্ৰাস কৰিবৰ বাবে এক উত্তম উপায় হৈছে নিয়মীয়াকৈ খোজ কঢ়া ৷ বহুতে আপোনাক এনে পৰামৰ্শ দিয়াটো চাগে আপোনাক বাবে নতুন কথা নহয় ৷

কিন্তু আপোনাক কোনোবাই কেতিয়াবা কৈছেনে বহুত খোজ কাঢ়িলে আপোনাৰ ওজন কিমান কমি যাব? নিতৌ কিমান দূৰ খোজ কাঢ়িলে আমি নিজৰ দেহটোক সুঠাম আৰু সুস্থ ৰাখিব পাৰো ৷ এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকক জনাম যে নিজৰ দেহৰ এক কিলোগ্ৰাম ওজন কমাবলৈ আপুনি দৈনিক কিমান কিলোমিটাৰ খোজ কঢ়াতো উচিত ৷
খোজ কঢ়াৰ উপকাৰিতা
কিছুমান বৈজ্ঞানিক তথ্য:
- ওজন কমোৱাৰ প্ৰক্ৰিয়া তিনিটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ৷ আমি কিমান কিলোমিটাৰ খোজ কাঢ়িব লাগে সেইটো আমাৰ শৰীৰৰ ওজনৰ নিৰ্ভৰ কৰে ৷
- শৰীৰৰ ওজনৰ লগতে খোজ কঢ়াৰ স্পীড বা বেগো আন এটা কাৰক যিয়ে ওজন কমোৱাৰ প্ৰক্ৰিয়াত ডাঙৰ প্ৰভাৱ পেলায় ৷ স্বাভাৱিকভাৱে খোজ কঢ়াই হওক বা দ্ৰুত গতিত খোজ কঢ়াই হওক, ই ওজন হ্ৰাসত প্ৰভাৱ পেলাব পাৰে ৷
- তৃতীয়টো হ’ল বিপাকীয় ক্ষমতা ৷ ব্যক্তিভেদে এই ক্ষমতা বেলেগ বেলেগ ধৰণৰ হ’ব পাৰে ৷ চিকিৎসা বিশেষজ্ঞসকলে কয় যে, এজন ব্যক্তিয়ে এক কিলোগ্ৰাম ওজন কমাবলৈ প্ৰায় ৭,০০০ কেলৰি বাৰ্ন কৰিব লাগিব ৷খোজ কঢ়াৰ উপকাৰিতা (ETV Bharat)

লগতে পঢ়ক: দীৰ্ঘায়ু হ’ব বিচাৰিছে নেকি ? তেন্তে নিতৌ কৰক এই কাম - Walking Benefits
গণিতে কি কয়:
বিশেষজ্ঞসকলৰ মতে, যদি আপুনি এক কিলোমিটাৰ দৈনিক খোজ কাঢ়ে তেন্তে আপুনি প্ৰায় ০.৪ কেলৰিৰ পৰা ০.৫ কেলৰি বাৰ্ন কৰিব পাৰিব ৷ ইয়াৰ ভিত্তিত যদি আপোনাৰ ওজন ৭০ কেজি হয় তেন্তে এক কিলোমিটাৰ খোজ কাঢ়িলে আপুনি প্ৰায় ২৮ৰ পৰা ৩৫ কেলৰি বাৰ্ন কৰিব পাৰিব ৷
এনে পৰিস্থিতিত শৰীৰৰ এক কিলোগ্ৰাম চৰ্বি কমাবলৈ হ’লে আপুনি প্ৰায় ৭০০০ কেলৰি বাৰ্ন কৰিব লাগিব ৷ ইয়াৰ বাবে আপুনি এক কিলোগ্ৰাম চৰ্বি হ্ৰাস কৰিবলৈ প্ৰায় ২০০ৰ পৰা ২৫০ কিলোমিটাৰ পৰ্যন্ত খোজ কাঢ়িব লাগিব ৷
কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল এই যে, যিকোনো পৰিস্থিতিত আপুনি নিজৰ খাদ্যাভ্যাস আৰু অন্যান্য দিশত কোনো ধৰণৰ পৰিৱৰ্তন নকৰাকৈ এবাৰতে ২০০ৰ পৰা ২৫০ কিলোমিটাৰ খোজ কাঢ়িব লাগিব অৰ্থাৎ প্ৰায় ২,৫০,০০০ৰ পৰা ৩,১২,৫০০ ফুট পৰ্যন্ত ৷ ঘন্টাৰ হিচাপত জুখিলে আপুনি প্ৰতি ঘণ্টাৰ হিচাপত প্ৰায় ৫ কিলোমিটাৰ খোজ কাঢ়িব লাগিব আৰু ৪০ৰ পৰা ৫০ ঘণ্টা ধৰি অবিৰতভাৱে খোজ কাঢ়িব লাগিব, তেতিয়াহে আপুনি আপোনাৰ ওজন এক কিলোগ্ৰাম হ্ৰাস কৰিব পাৰিব ৷

ওজন কমাবলৈ আন উপায়ো আছে
এতিয়া এজন সাধাৰণ মানুহৰ বাবে দিনটোত ২০০ৰ পৰা ২৫০ কিলোমিটাৰ খোজ কঢ়াটো সম্ভৱ নহয়, গতিকে কম পৰিমাণে খোজ কাঢ়িও কেনেকৈ আমি আমাৰ ওজন কমাব পাৰো জানো আহক-
- নিয়মিতভাৱে খোজ কাঢ়িব লাগে ৷
- কম কেলৰিযুক্ত খাদ্য খাব লাগে ৷
- ব্যায়াম কৰিবলৈ নাপাহৰিব ৷
- খোৱাৰ পিচত খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক ৷
- শৰীৰক পৰ্যাপ্ত পৰিমাণে পানীৰ যোগান ধৰা ৷
- যিমান পাৰি লিফ্ট ব্যৱহাৰ নকৰি চিৰি ব্যৱহাৰ কৰাৰ অভ্যাস কৰক ৷
লগতে পঢ়ক: অসময়ত খোজ কাঢ়িবলৈ গৈ আপোনাৰ শৰীৰৰ বাবে বিপদ চপাই নল’ব - Best Time For Walk

