ETV Bharat / state

সামৰিক মৰ্যদাৰে শেষকৃত্য সমাপন বিহাৰত মৃত্যু হোৱা অসম আৰক্ষীৰ জোৱান মিণ্টু ৰায়ৰ - Police jawan dies after drowning

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 5:16 PM IST

Assam Police jawan Mintu Rai: স্বগৃহলৈ অনা হ'ল বিহাৰত গংগা নদীত গা ধুবলৈ গৈ মৃত্যুবৰণ কৰা অসম আৰক্ষীৰ জোৱান মিণ্টু ৰায়ৰ নশ্বৰদেহ । সামৰিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হয় জোৱানগৰাকীক । মঙলবাৰে গংগাত গা ধুবলৈ গৈ নিখোঁজ হৈ পৰিছিল অসম আৰক্ষী জোৱান মিণ্টু ৰায় ।

Police jawan Mintu Rai honoured with military honours in Bilasipara
সম্পূৰ্ণ সামৰিক মৰ্যদাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰক্ষীৰ জোৱান মিণ্টু ৰায়লৈ (ETV Bharat Assam)

সম্পূৰ্ণ সামৰিক মৰ্যদাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰক্ষীৰ জোৱান মিণ্টু ৰায়লৈ (ETV Bharat Assam)

বিলাসীপাৰা, ১৬ মে': বিহাৰত গংগা নৈত গা ধুবলৈ গৈ মৃত্যুবৰণ কৰা অসম আৰক্ষীৰ জোৱান মিণ্টু ৰায়ক বিলাসীপাৰাৰ বাসভৱনত সম্পূৰ্ণ সামৰিক মৰ্যদাৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় । বৃহস্পতিবাৰে মিণ্টু ৰায়ৰ মৃতদেহ স্বগৃহলৈ অনাৰ পাছতে এক শোকাকুল পৰিৱেশৰ মাজত অসম আৰক্ষীয়ে সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা নিবেদন কৰে ।

বিলাসীপাৰাৰ সন্তান তথা অসম আৰক্ষীৰ জোৱান মিণ্টু ৰায়ে বিহাৰত লোকসভা নিৰ্বাচনৰ কৰ্তব্য পালন কৰিবলৈ গৈছিল । মঙলবাৰে দুই সতীৰ্থৰ লগত গা ধুবলৈ গৈছিল ৰাজ্যখনৰ সমষ্টিপুৰৰ গংগা নদীত । গা ধুই থাকোতেই তিনিওজন জোৱান গংগাৰ ঘূলিত পৰি যায় । কাষতে থকা নাৱৰীয়াই দুজনক জীৱন্তে উদ্ধাৰ কৰে যদিও মিন্টুক উদ্ধাৰ কৰিবলৈ সক্ষম নহয় ।

বুধবাৰে এন ডি আৰ এফে অভিযান চলাই ৰায়ৰ মৃতদেহ উদ্ধাৰ কৰে । বৃহস্পতিবাৰে ৰায়ৰ নশ্বৰদেহ বিলাসীপাৰাৰ ৯ নং ৱাৰ্ডৰ বাসভৱনলৈ অনাৰ লগে লগে এক শোকাকুল পৰিস্থিতিৰ সৃষ্টি হয় । যুৱকজনৰ আত্মীয় স্বজনৰ লগতে গাঁওবাসীয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । জোৱানজনক অসম আৰক্ষীয়ে সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা নিবেদন কৰে ।

অসম আৰক্ষীৰ মহাপৰিদৰ্শক দিলীপ কুমাৰ দে’, ধুবুৰীৰ আৰক্ষী অধীক্ষক নবীন সিং, ১ম বেটেলিয়নৰ অধীক্ষক মোছলেম উদ্দিন আহমেদ, ২০ তম ভাৰতীয় সংৰক্ষিত বেটেলিয়নৰ অধীক্ষক, বিহাৰৰ আৰক্ষীৰ বিষয়া, মহকুমাধিপতি, বিপনন বিভাগৰ অধ্যক্ষ ড৹ অশোক কুমাৰ সিংহী, বিধায়ক ছামছুল হুদাকে ধৰি কেইবাজনো ৰাজনৈতিক নেতা, শীৰ্ষ বিষয়া, দল-সংগঠনৰ নেতৃবৃন্দই ৰায়ক অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে ।

অসম আৰক্ষীৰ মহাপৰিদৰ্শক দিলীপ কুমাৰ দে'ই ৰায়ৰ বিভাগীয় কাম-কাজসমূহ ত্বৰান্বিত কৰি তোলাৰ লগতে ভগ্নীয়ে বিচাৰিলে আৰক্ষী বিভাগত চাকৰি প্ৰদান কৰিবলৈ চৰকাৰলৈ বিভাগীয়ভাৱে আবেদন জনাব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক: বিহাৰত সন্ধানহীন অসম আৰক্ষীৰ কনিষ্টবল; গংগাত মাৰিছিল ডুব - Assam Police Jawan Missing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.