ETV Bharat / city

Death of Jorhat Mob Lynching Accused : ক’লা ল’ৰাৰ মৃত্যুত কিয় উৎফুল্লিত যোৰহাটবাসী ?

author img

By

Published : Dec 1, 2021, 9:29 PM IST

Jorhat mob lynching accused
Jorhat mob lynching accused

ক’লা ল’ৰাৰ মৃত্যু হ’ল ৷ যাৰ মৃত্যু কামনা কৰিছিল ৰাজ্যৰ বহুতেই ৷ ক’লা ল’ৰাৰ মৃত্যু কামনা কৰা সকলে এই খবৰ পোৱাৰ পাচতে হৰ্ষোল্লাস কৰা পৰিলক্ষিত হয় ৷ যোৰহাটৰ গণ প্ৰহাৰ কাণ্ডৰ মূল অভিযুক্তৰ (Jorhat mob lynching accused) মৃত্যুক যেন উৎসৱ হিচাপে গণ্য কৰিলে একাংশই ৷

নিউজ ডেস্ক, 1 ডিচেম্বৰ : যোৰহাটৰ গণ প্ৰহাৰ কাণ্ডৰ (Jorhat mob lynching) এদিনৰ পাচতে মৃত্যু হ’ল এই ঘটনাৰ মূল অভিযুক্ত হিচাপে বিবেচিত নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ(Death of Jorhat mob lynching accused) ৷ বুধবাৰৰ দিনটোত ক’লা ল’ৰাৰ মৃত্যুক লৈ যোৰহাট জিলাৰ লগতে ৰাজ্যৰ আন প্ৰান্ততো উল্লাস দেখা গৈছে ৷ একাংশই এই ঘটনাক মৃত ন্যায় প্ৰদান আখ্যা দিয়াৰ বিপৰীতে আন একাংশই এই ঘটনাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে ৷ আইনী ব্যৱস্থাৰ অৱক্ষয় ঘটনা বুলি দাবী কৰিছে এইসকলে (Reaction on death of Kola lora)৷

লগতে পঢ়ক : Mob Lynching in Jorhat : 91 টা গোচৰ বুকুত সাৱতি বগা চাদৰৰ তলত শুই পৰিল ক’লা ল’ৰা

নীৰজ দাস ওৰফে ক’লা ল’ৰা অনিমেষ হত্যাৰ মূল অভিযুক্ত হিচাপে বিবেচিত হৈছিল ৷ সোমবাৰে দুপৰীয়া যোৰহাট নগৰৰ মাজ মজিয়াত এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি সূত্ৰপাত হৈছিল গণ প্ৰহাৰৰ এক ঘটনা (Mob lynching in Jorhat) ৷ য’ত ক’লা ল’ৰাৰ নেতৃত্বত এদল উন্মাদপ্ৰায় লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল তিনি যুৱকক ৷ এই ঘটনাত নিহত হয় গোলাঘাটৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ (Animesh Bhuyan murder news)৷

এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগেই সকলোৱে একেমুখে এই ঘটনাক গৰিহণা দিয়াৰ লগতে চৰম শাস্তি কামনা কৰিছিল অভিযুক্তৰ ৷ তাৰ পাচতে সংঘটিত হয় বহুতৰে ইপ্সিত ঘটনাটো ৷ সোমবাৰে নিশা আৰক্ষীয়ে আটক কৰা ক’লা ল’ৰাক মঙলবাৰে নিশা আৰক্ষীয়ে জেৰাৰ অংশ হিচাপে লৈ যায় ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ (Drugs smuggling in Jorhat) ৷

লগতে পঢ়ক : Mob Lynching in Jorhat : উকীলে নলয় অভিযুক্তৰ গোচৰ

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি নিৰ্দিষ্ট স্থানলৈ গৈ থকা অৱস্থাতে আৰক্ষীৰ বাহনৰ পৰা জপিয়াই পলোৱাৰ চেষ্টা কৰে ক’লা ল’ৰাই ৷ কিন্তু দুৰ্ভাগ্যবশঃ পিচে পিচে আহি থকা আৰক্ষীৰ আন এখন বাহনৰ সমুখত পৰাত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ক’লা ল’ৰাক ৷ এই ঘটনাত ক’লা ল’ৰা গুৰুতৰভাৱে আহত হোৱাৰ লগতে তিনিজন আৰক্ষীও আহত হয় ৷

ক’লা ল’ৰাৰ মৃত্যুৰ পাচতে যোৰহাট চহৰৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখা গ’ল আনন্দৰ লহৰ ৷ যোৰহাট চহৰত আনকি একাংশ লোকে আতচবাজী ফুটাই আনন্দ কৰা পৰিলক্ষিত হয় (Jorhat people rejoice death of Kola lora) ৷

লগতে পঢ়ক : Death of Kola Lora : শোণিতপুৰ জিলা ও সত্ৰ ন্যায়াধীশৰ মতে এয়া ন্যায় বৰ্হিঃভূত হত্যা !

‘‘জেৰাৰ সময়চোৱাত নীৰজে আমাক কিছু ড্ৰাগছৰ সৈতে জড়িত চক্ৰৰ তথ্য দিছিল ৷ এই তথ্যৰ ভিত্তিত আৰক্ষীয়ে নীৰজক ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ লৈ যায় ৷ কিন্তু গৈ থকা অৱস্থাতে চলন্ত বাহনৰ পৰা জপিয়াই পলাবলৈ চেষ্টা কৰোতে পাচে পাচে যোৱা আৰক্ষীৰ আন এখন বাহনৰ সন্মুখত পৰে নীৰজ ৷ চলন্ত অৱস্থাত থকা বাহনখন নিয়ন্ত্ৰণহীন হৈ পৰাত খুন্দা মাৰে নীৰজক আৰু গুৰুতৰভাৱে আহত হয় নীৰজ ৷’’ ক’লা ল’ৰাৰ মৃত্যু সন্দৰ্ভত এই মন্তব্য আগবঢ়াইছে যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে ৷

দেখা গৈছে যে, গণ প্ৰহাৰৰ ঘটনাক লৈ যথেষ্ট ক্ষোভিত হৈ পৰিছিল যোৰহাটবাসী ৷ আশ্চৰ্যজনকভাৱে চাহ নগৰী হিচাপে খ্যাত যোৰহাটৰ এম্বুলেঞ্চ চালক সকল অমান্তি হয় মৰণোত্তৰ পৰীক্ষাৰ অন্তত ক’লা ল’ৰাৰ মৃতদেহ তেওঁলোকৰ এম্বুলেঞ্চযোগে কঢ়িয়াবলৈ ৷ যোৰহাট উকীল সন্থায়ো এই ঘটনাত অভিযুক্ত বাকীকেইজনৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : Main Culprit of Mob lynching dead : অনিমেষ ভূঞা হত্যাৰ মূল অভিযুক্ত ক’লা ল’ৰাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.