Mob Lynching in Jorhat : 91 টা গোচৰ বুকুত সাৱতি বগা চাদৰৰ তলত শুই পৰিল ক’লা ল’ৰা

author img

By

Published : Dec 1, 2021, 4:53 PM IST

Updated : Dec 1, 2021, 7:12 PM IST

Jorhat mob lynching

কাঠগড়াত ঠিয় দিয়াৰ পূৰ্বেই যেন কৃতকৰ্মৰ ফল পালে নীৰজ দাস ওৰফে ক’লা ল’ৰাই (Jorhat mob lynching main accused Kola lora) ৷ সোমবাৰে দুপৰীয়াৰ পৰা মঙলবাৰৰ নিশালৈ অসংখ্য লোকে মৃত্যু কামনা কৰিছিল ক’লা ল’ৰাৰ ৷ কাৰণ এটা গণ প্ৰহাৰৰ ঘটনাক নেতৃত্ব দি গৰিহণাৰ পাত্ৰ হৈ পৰিছিল ক’লা ল’ৰা (kola lora Jorhat) ৷ অৱশেষত মৃত্যু হ’ল ক’লা ল’ৰাৰ (Kola lora died) ৷ ইয়াৰ লগে লগে 91 টা অপাধৰ গোচৰৰো যেন পৰিল অৱসান ৷

যোৰহাট, 1 ডিচেম্বৰ : যোৱা দুদিন ধৰি সমগ্ৰ ৰাজ্য জুৰি চৰ্চাত থকা ক’লা ল’ৰাৰ অৱশেষত মৃত্যু হ’ল (Kola lora died in Jorhat) ৷ পৰিয়ালৰ লোকৰ হাতত গটাই দিয়া হ’ল ক’লা ল’ৰাৰ মৃতদেহ ৷ ক’লা ল’ৰাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যৰে প্ৰায় সংখ্যক লোকেই সন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে ৷ অধিক সংখ্যক লোকেই যেন মৃত্যু কামনা কৰিছিল এই ক’লা ল’ৰাৰ ৷ কাৰণ ক’লা ল’ৰা আছিল অনিমেষ হত্যাৰ মূল নায়ক(Main accused of Animesh Bhuyan murder case) ৷ সেই অনিমেষ যাক যোৱা সোমবাৰে দিন দুপৰতে যোৰহাট নগৰৰ মাজ মজিয়াত নৃশংসভাৱে হত্যা কৰিছিল এদল উন্মাদ প্ৰকৃতিৰ লোকে ৷ সমগ্ৰ ঘটনাক নেতৃত্ব দিছিল ক’লা ল’ৰাই ৷

লগতে পঢ়ক : Mob lynching in Jorhat : দিন দুপৰতে হত্যা কৰা হ’ল আছু নেতাক

24 ঘন্টা নৌহওঁতেই আৰক্ষীয়ে আটক কৰিলে এই ঘটনাত জড়িত 13 জনকৈ অভিযুক্তক ৷ ইয়াৰ মাজত আছিল ক’লা ল’ৰাও ৷ মঙলবাৰে ক’লা ল’ৰাক বাদ দি বাকী 12 জনক আদালতত হাজিৰ কৰে আৰক্ষীয়ে ৷ তাৰে 7 জনক আৰক্ষীৰ জিম্মাত দিয়াৰ বিপৰীতে 5 জনক ন্যায়িক জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে আদালতে ৷ ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হয় বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক (GP Singh investigates Jorhat mob lynching case) ৷

91 টা গোচৰ বুকুত সাৱতি বগা চাদৰৰ তলত শুই পৰিল ক’লা ল’ৰা

মঙলবাৰে নিশা আৰক্ষীয়ে জেৰা আৰম্ভ কৰিলে ক’লা ল’ৰাক ৷ ক’লা ল’ৰাৰ প্ৰকৃত নাম নীৰজ দাস (good name of Kola lora)৷ যোৰহাটত ক’লা ল’ৰা নামেৰে কুখ্যাৎ নীৰজৰ আছে এক ক’লা অধ্যায় (Police record of Kola Lora) ৷ ড্ৰাগছ সৰবৰাহ, অসামাজিক কাৰ্যকলাপ আদিকে ধৰি ক’লা ল’ৰাৰ বিৰুদ্ধে বিভিন্ন থানাত ৰুজু হৈ আছিল 90 টা গোচৰ ৷ বিভিন্ন গোচৰত জেললৈ গ’লেও জামিনত মুকলি হৈ আহিছিল ক’লা ল’ৰা ৷ অবাধে সংঘটিত কৰি গৈছিল ইটোৰ পিচত সিটো অপৰাধ ৷

লগতে পঢ়ক : Main Culprit of Mob lynching dead : অনিমেষ ভূঞা হত্যাৰ মূল অভিযুক্ত ক’লা ল’ৰাৰ মৃত্যু

পুৱতি নিশা মাৰাথন জেৰাৰ অন্তত আৰক্ষীয়ে ক’লা ল’ৰাক লৈ গৈছিল চহৰখনত থকা ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ ৷ কিন্তু আদবাটতে সংঘটিত হৈছিল এক দুৰ্ঘটনা ৷ আৰক্ষীৰ বাহনৰ পৰা জপিয়াই পলায়নৰ চেষ্টা চলাওতেই পিছে পিছে আহি থকা আৰক্ষীৰ অইন এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ক’লা ল’ৰাক ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ক’লা ল’ৰা ৷ আহত হয় আন তিনিজন আৰক্ষীৰ লোকো ৷

আৰক্ষীয়ে ততালিকে ক’লা ল’ৰাক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে (Kola lora died in car accident) ৷ চিনামৰাৰ গাট্টানী ফেক্টৰীৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো ৷ কিন্তু আশ্চৰ্যকৰ কথা যে, চিকিৎসালয়ৰ পৰা ক’লা ল’ৰাৰ মৃতদেহটো ঘৰলৈ নিবলৈ অমান্তি হয় এম্বুলেঞ্চ সমূহ ৷ ফলত এখন সামগ্ৰী কঢ়িওৱা বাহনতে লৈ যোৱা হয় ক’লা ল’ৰাৰ মৃতদেহ ৷ মণোত্তৰ পৰীক্ষাৰ তথ্য মতে বাহ্যিক আঘাতৰ বাবেই মৃত্যু হ’ল ক’লা ল’ৰাৰ ৷

লগতে পঢ়ক : Mob lynching in Jorhat : যোৰহাট কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যুৰ সন্দৰ্ভত আৰক্ষী

কিন্তু ক’লা ল’ৰা হঠাৎ চৰ্চিত হৈ পৰিল কিয় ? সেয়া জানিবলৈ উভতি যাব লাগিব দুদিন পূৰ্বৰ ঘটনাক্ৰমলৈ ৷ সোমবাৰৰ দুপৰীয়া ভাগৰ কথা ৷ সদাব্যস্ত যোৰহাট চহৰৰ ট্ৰাক ষ্টেণ্ডৰ সমীপত সংঘটিত হৈছিল এটা দুৰ্ঘটনা ৷ এজন বৃদ্ধ সুৰাসক্ত অৱস্থাত স্কুটীসহ পতিত হৈছিল দুৰ্ঘটনাত ৷ বৃদ্ধজন পথক পৰি থকা দেখি সহায় কৰিবলৈ আগবাঢ়ি আহিল তিনি যুৱক ৷ বৃদ্ধজনক উঠাই দি পানীও খুৱালে তিনিওজনে ৷ কিন্তু সেই মূহুৰ্ততে ঘটনাই ল’লে অন্য ৰূপ ৷

সুৰাসক্ত বৃদ্ধজনে চিঞৰ-বাকৰ লগালে যুৱক তিনিজনে তেওঁক প্ৰহাৰ কৰা বুলি ৷ লগে লগে একাংশ লোকে উন্মাদ ৰূপ লৈ জপিয়াই পৰে যুৱক তিনিজনৰ ওপৰত ৷ নিৰ্বিচাৰভাৱে চলিল প্ৰহাৰ ৷ তিনিওজন যুৱকক এদল মানুহে নিৰ্বিচাৰভাৱে প্ৰহাৰ কৰাৰ ফলত তাৰে মাজৰ এজনে মৃত্যুক আঁকোৱালি লয় ৷ মৃত যুৱকজন আছিল দেৰগাঁৱৰ অনিমেষ ভূঞা ৷ সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদকৰ দায়িত্বত আছিল ৷

লগতে পঢ়ক : Mob Lynching in Jorhat: গণপ্ৰহাৰৰ বলি প্ৰয়াত চিকিৎসক দেৱেন দত্তৰ পত্নীৰ প্ৰতিক্ৰিয়া

অনিমেষৰ মৃত্যুৰ লগে লগে সমগ্ৰ ৰাজ্যতে তোলপাৰ লাগিল এই ঘটনাক লৈ ৷ সকলোৱে একে মুখে ধিক্কাৰ দিলে এই ঘটনাক ৷ কঠোৰভাৱে সমালোচিত হ’ল যোৰহাট আৰক্ষীও ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিলে ক্ষীপ্ৰতাৰে এই ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে ৷ আছুৰ শীৰ্ষ নেতৃত্বৰ লগতে ৰাইজেও বিচাৰিলে দোষীৰ উপযুক্ত শাস্তি ৷ অৱশেষত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাই মৃত্যুক সাৱতিলে ক’লা ল’ৰা হিচাপে পৰিচিত নীৰজ দাসে ৷

ক’লা ল’ৰাৰ মৃত্যুৰ ঘটনাত বিভিন্নজনে মিশ্ৰিত প্ৰতিক্ৰিয়া আগবঢ়াইছে ৷ বৰ্তমান এই বিষয়টোক লৈ সৰব হৈ আছে চ’ছিয়েল মিডিয়া ৷ কোনোৱে ইয়াক পৰিকল্পিতভাৱে সংঘটিত কৰা হত্যাকাণ্ড বুলিও মত ব্যক্ত কৰিছে ৷ আন একাংশই অৱশ্যে এই কাৰ্যক সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে ৷ যি কি নহওক ক’লা ল’ৰাৰ মৃত্যুৰ লগে লগে যেন অন্ত পৰিল এটা ক’লা অধ্যায়ৰ (End of a black chapter) ৷ কিন্তু অব্যাহত থাকিব অনিমেষ হত্যাৰ ন্যায় পক্ৰিয়াৰ ৷

লগতে পঢ়ক : Mob Lynching in Jorhat: 13 অভিযুক্তক শাস্তি প্ৰদানৰ দাবীত উত্তপ্ত যোৰহাট সদৰ থানা

Last Updated :Dec 1, 2021, 7:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.