ETV Bharat / city

Death of Kola Lora : শোণিতপুৰ জিলা ও সত্ৰ ন্যায়াধীশৰ মতে এয়া ন্যায় বৰ্হিঃভূত হত্যা !

author img

By

Published : Dec 1, 2021, 7:08 PM IST

Updated : Dec 1, 2021, 7:45 PM IST

Death of Kola lora
Death of Kola lora

যোৰহাটৰ গণ প্ৰহাৰৰ ঘটনাৰ মূল অভিযুক্ত ক’লা ল’ৰাৰ(Main accused of Jorhat mob lynching) মৃত্যুক লৈ মন্তব্য কৰিছে শোণিতপুৰ জিলা ও সত্ৰ ন্যায়াধীশ চত্ৰ ভূষণ গগৈয়ে ৷ তেওঁ কয় যে, অশুভ শক্তি নোহোৱা হ'লে সমাজৰ ব্যক্তিয়ে ভাল পায় । কিন্তু এয়া ন্যায় বৰ্হিভূত হত্যা ৷

তেজপুৰ, ১ ডিচেম্বৰ : যোৰহাটত সংঘটিত গণ প্ৰহাৰৰ ঘটনাৰ মূল অভিযুক্ত নীজৰ দাস ওৰফে ক’লা ল’ৰাৰ বুধবাৰে পুৱতি নিশা মৃত্যু হয় (Jorhat mob lynching main accused) ৷ আৰক্ষীয়ে ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ লৈ গৈছিল ক’লা ল’ৰাক ৷ কিন্তু সেই সময়তে গাড়ীৰ পৰা জপিয়াই পলায়নৰ চেষ্টা চলাওতেই পাচে পাচে গৈ থকা আৰক্ষীৰ আন এখন বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় ক’লা ল’ৰা (Kola lora died in car accident)৷ আৰক্ষীয়ে ততাতৈয়াকৈ তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে ক’লা ল’ৰাক মৃত ঘোষণা কৰে ৷ এই ঘটনাত আহত হৈছে আন তিনিগৰাকী আৰক্ষীৰ লোক ৷

লগতে পঢ়ক : Mob Lynching in Jorhat : 91 টা গোচৰ বুকুত সাৱতি বগা চাদৰৰ তলত শুই পৰিল ক’লা ল’ৰা

ক’লা ল’ৰাৰ মৃত্যুৰ পাচতে এই ঘটনাক লৈ ৰাজ্যজুৰি চৰ্চা হৈছে ৷ যোৰহাটত সংঘটিত বৰ্বৰোচিত গণ প্ৰহাৰৰ ঘটনাৰ মূল নায়ক আছিল এই ক’লা ল’ৰা ৷ সোমবাৰে দুপৰীয়া অনিমেষ ভূঞা নামৰ আছু কৰ্মী গৰাকীয়ে এই গণ প্ৰহাৰত প্ৰাণ হেৰুওৱাৰ পাচতে সকলোৱে একেমুখে গৰিহণা দিছিল অভিযুক্তক (Jorhat mob lynching incident) ৷ প্ৰায় সংখ্যকেই মৃত্যু কামনা কৰিছিল ক’লা ল’ৰাৰ ৷ আন একাংশই অৱশ্যে এই ঘটনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ প্ৰশ্ন তুলিছে ন্যায় ব্যৱস্থাৰ ওপৰত ৷

ক’লা ল’ৰাৰ মৃত্যুক লৈ মন্তব্য

লগতে পঢ়ক : Mob Lynching in Jorhat : উকীলে নলয় অভিযুক্তৰ গোচৰ

ক’লা ল’ৰাৰ মৃত্যুৰ ঘটনাক লৈ মন্তব্য প্ৰকাশ কৰিছে শোণিতপুৰ জিলা ও সত্ৰ ন্যায়াধীশ চত্ৰ ভূষণ গগৈয়ে (Sonitpur district session judge on Jorhat mob lynching) ৷ এই ঘটনাক তেওঁ ন্যায় বৰ্হিভূত হত্যা বুলি উল্লেখ কৰে ৷ কিন্তু একে সময়তে ন্যায়াধীশ গৰাকীয়ে কয় যে, অশুভ শক্তি নাইকীয়া হ'লে সমাজৰ ব্যক্তিয়ে ভাল পায় ।

সত্ৰ ন্যায়াধীশ গৰাকীয়ে লগতে কয় যে, অনিমেষ ভূঞাৰ হত্যাকাণ্ডটো অতিকৈ নিন্দনীয় যদিও ন্যায় প্ৰক্ৰিয়াৰ মাজেদি দোষীৰ শাস্তি হ'লে সকলোৱে সুখী হ’ল হেতেন ৷ কিয়নো আমাৰ দেশত সাংবিধানিক প্ৰক্ৰিয়াৰে শাসন ব্যৱস্থা চলে আৰু অইনৰ প্ৰতি সন্মান জনাব লাগে ৷ বিশ্ব এইডছ্ দিৱসৰ(World AIDS day 2021) সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে সত্ৰ ন্যায়াধীশ চত্ৰ ভূষণ গগৈয়ে ৷
লগতে পঢ়ক : Mob Lynching in Jorhat : অভিযুক্তক চিনাক্তকৰণৰ বাবে ৰাইজলৈ আহ্বান আৰক্ষী অধীক্ষকৰ

Last Updated :Dec 1, 2021, 7:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.