ETV Bharat / health

কম বয়সতে কিয় চুলি পকে ? বিশেষজ্ঞৰ পৰা জানি লওক ইয়াৰ সমাধান - Hair care tips

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 5:09 PM IST

Hair Care Tips: কম বয়সতে চুলি পকাৰ কাৰণ সমূহ কি কি ? কেনেদৰে এই সমস্যাৰ পৰা হাত সাৰিব পৰা যায় ? চুলিত তেল কেনেদৰে ব্যৱহাৰ কৰিব লাগে ? এই সন্দৰ্ভত জনালে চৰ্মৰোগ বিশেষজ্ঞা ডাঃ মধুস্মিতা লহকৰে ৷

Hair care tips
কম বয়সতে কিয় চুলি পকে ? বিশেষজ্ঞৰ পৰা জানি লওক ইয়াৰ সমাধান (GETTY IMAGES)

চৰ্মৰোগ বিশেষজ্ঞা ডাঃ মধুস্মিতা লহকৰ (ETV Bharat Assam)

গুৱাহাটী, 16 মে’: বৰ্তমান সময়চোৱাত চুলি পকা বা অকালপক্কতা এটা অন্যতম গুৰুত্বপূৰ্ণ সমস্যা হৈ পৰিছে ৷ বৰ্তমান সময়তচোৱাত বহু কম বয়সৰ ল’ৰা-ছোৱালীৰো চুলি পকা দেখিবলৈ পোৱা যায় ৷ পূৰ্বতকৈ বৰ্তমান সময়ত এই সমস্যাটো বহুত বেছি বাঢ়ি গৈছে ৷ কম বয়সতে চুলি পকাৰ ভিন্ন কাৰণ থাকিব পাৰে তাৰ ভিতৰত এটা অন্যতম কাৰণ হৈছে বংশগত কাৰণ ৷

বংশগত কাৰণত কম বয়সতে চুলি পকিব পাৰে নেকি ?

যদি পিতৃ-মাতৃ বা পূৰ্বপুৰুষৰ কাৰোবাৰ সৰুতে বা কমবয়সতে চুলি পকিছে তেন্তে তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰতো কম বয়সতে চুলি পকাৰ সম্ভাৱনা থাকে ৷

কম বয়সতে চুলি পকাৰ কাৰণ সমূহ কি কি ?

১) কম বয়সতে চুলি পকাৰ ভিন্ন কাৰণৰ ভিতৰত এটা কাৰণ হৈছে অত্যধিক মানসিক চাপ ৷ বৰ্তমান সময়ত খুব কম বয়সতে পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি অন্যান্য কাৰণ সমূহৰ বাবে সৃষ্টি হোৱা অত্যধিক মানসিক চাপৰ বাবেও বহু কম বয়সৰ ল’ৰা-ছোৱালীৰ চুলি পকা দেখা পোৱা যায় ৷

২) ইয়াৰোপৰি খাদ্যভ্যাসৰ বাবেও প্ৰত্যক্ষভাৱে নহ’লেও পৰোক্ষভাৱে চুলি পকা দেখা যায় ৷ সেয়ে সদায় সময়মতে খাদ্য গ্ৰহণ কৰিব লাগে, সুষম আহাৰ খাব লাগে, এইবোৰ নিয়ম মানি চলিলে এই সমস্যাৰ পৰা বহু পৰিমাণে হাত সাৰিব পাৰি ৷

৩) যদি কোনো লোকে বেছিভাগ সময় ৰ'দত থাকে, ৰ'দত খেলা-ধূলা কৰি থাকে তেনে লোকৰো খুব কম বয়সতে চুলি পকা দেখা পোৱা যায় ৷

৪) কম বয়সতে যদি কোনো লোকে চুলিত ৰং কৰে তেন্তে তেওঁলোকৰ ক্ষেত্ৰত নপকা চুলিবোৰো খুব সোনকালে পকা দেখা যায় ৷ লগতে চুলি সৰাও দেখা যায় ৷

৫) কেতিয়াবা কিছুমান ঔষধ গ্ৰহণ কৰাৰ ফলতো চুলি পকা দেখা যায় ৷

কেনেদৰে এই সমস্যাৰ পৰা হাত সাৰিব পৰা যায় ?

  • ৰ'দত বেছি সময় থাকিব নালাগে
  • বাহিৰলৈ ওলালে টুপি পৰিধান কৰিব পাৰে
  • মহিলা সকলে ছাতি ব্যৱহাৰ কৰিব লাগে
  • খাদ্যৰ ক্ষেত্ৰত সুষম আহাৰ গ্ৰহণ কৰিব লাগে ৷ বাহিৰৰ খাদ্য গ্ৰহণ কৰিব নালাগে
  • প্ৰচুৰ পৰিমাণে ফল-মূল খোৱাৰ লগতে ভিটামিন C যুক্ত খাদ্য গ্ৰহণ কৰাটো উচিত

চুলিত তেল কেনেদৰে ব্যৱহাৰ কৰিব লাগে ?

চুলি ভাল হ'বলৈ হ'লে চুলিত তেল ব্যৱহাৰ কৰাটো যথেষ্ট প্ৰয়োজনীয় ৷ কিন্তু সদায় চুলিত তেল ব্যৱহাৰ কৰিব নালাগে ৷ সদায় চেম্পু কৰাৰ পূৰ্বে চুলিত তেল ব্যৱহাৰ কৰিব লাগে যাতে চুলিত নিউট্ৰে'চনটো পোৱা যায় ৷

লগতে পঢ়ক: Hair Loss Problem: চুলি সৰাৰ সমস্যা আছে নেকি? ঘৰুৱা উপায়েৰে পাওক সুফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.