ETV Bharat / bharat

Tripura Municipal Election: নিৰ্বাচনক ভেকোঁভাওনা আখ্যা মানিক সৰকাৰৰ

author img

By

Published : Dec 1, 2021, 3:39 PM IST

শেহতীয়াকৈ সম্পন্ন হৈছে ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন । কিন্তু নিৰ্বাচনক লৈ বিৰোধী দলসমূহে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া কৰিছে । এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা মানিক সৰকাৰৰ গুৰুতৰ অভিযোগ । তেওঁৰ মতে এই নিৰ্বাচন সম্পূৰ্ণ ভেকোঁভাওনা (Manik Sarkar terming municipal election as a farce)।

Tripura Municipal election
নিৰ্বাচনক ভেকোঁভাওনা আখ্যা মানিক সৰকাৰৰ

আগৰতলা, ১ ডিচেম্বৰ : ত্ৰিপুৰাৰ শেহতীয়া নগৰ সমিতি আৰু পৌৰ নিগমৰ নিৰ্বাচনক ভেকোঁভাওনা আখ্যা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ (Manik Sarkar terming municipal election as a farce) । তেওঁৰ মতে এই নিৰ্বাচনৰ বেছিখিনি আছিল প্ৰৱঞ্চনাৰে ভৰা আৰু তেওঁৰ দলে সেয়ে ইয়াক বৈধ বুলি বিবেচনা নকৰে । মানিক সৰকাৰে দাবী কৰা মতে ২০১৮ চনত বিজেপি শাসনলৈ অহাৰ পাছত ৰাজ্যখনত কোনো নিৰ্বাচনে মুক্ত আৰু নিৰপেক্ষভাৱে অনুষ্ঠিত হোৱা নাই ।

নেতাগৰাকীৰ মতে যোৱা পৌৰ নিগমৰ নিৰ্বাচনত বহু লোকে ভোটাধিকাৰত ব্যৰ্থ হৈছে । ইয়াক নিৰ্বাচন বুলি কেনেকৈ ক'ব বুলিও তেওঁ প্ৰশ্ন কৰে । তেওঁ দাবী কৰা মতে ফলাফল, ভোটৰ শতাংশ যি দেখুওৱা হৈছে সেয়া সম্পূৰ্ণ মিছা আছিল । তেওঁৰ অভিযোগ বিজেপি বাহিনীয়ে বহু স্থানত আক্ৰমণ চলাইছিল ।

বহুলোকক ভোটকেন্দ্ৰৰ পৰা ঘূৰাই পঠিওৱা হৈছিল লগতে বিজেপিয়ে বহুলোকক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল বুলিও চিপিআই(এম)ৰ জ্যেষ্ঠনেতাগৰাকীয়ে অভিযোগ কৰে । আনহাতে বাওঁমৰ্চাৰ এজেণ্টসকল ভোট কেন্দ্ৰত প্ৰৱেশৰ পৰা বঞ্চিত হৈছিল আৰু বহু স্থানত তেওঁলোকক বলপূৰ্বকভাৱে ভোটকেন্দ্ৰৰ পৰা বিজেপি বাহিনীয়ে বাহিৰ কৰি দিয়া বুলিও অভিযোগ তুলিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

সমগ্ৰ প্ৰক্ৰিয়াৰ বাবে মানিক সৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰে (Manik Sarkar criticized PM Narendra Modi)। য'ত ভোটদান হোৱাই নাই তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভেচ্ছা জনোৱাটো লজ্জাজনক বুলিও অভিযোগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :Tripura Civic Poll results : টিএমচিক সমালোচনা মন্ত্ৰী ৰতন লাল নাথৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.