ETV Bharat / bharat

Tripura Civic Poll results : টিএমচিক সমালোচনা মন্ত্ৰী ৰতন লাল নাথৰ

author img

By

Published : Nov 30, 2021, 2:09 PM IST

দেওবাৰে ঘোষণা হ'ল ত্ৰিপুৰাৰ পৌৰ নিগম নিৰ্বাচনৰ ফলাফল (Tripura Civic Poll result)। নিৰ্বাচনত বিজেপি দলে বৃহৎ জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় । এটা মাত্ৰ আসন লাভ কৰা তৃণমূলে কংগ্ৰেছে দাবী কৰা মতে তেওঁলোক ৰাজ্যখনৰ দ্বিতীয় বিৰোধী দল । এই মন্তব্যক সমালোচনা কৰে শাসকীয় দলৰ নেতাসকলে ।

Tripura Civic Poll results
টিএমচিক সমালোচনা মন্ত্ৰী ৰতন লাল নাথৰ

আগৰতলা,৩০ নৱেম্বৰ : শেহতীয়াকৈ অনুষ্ঠিত ত্ৰিপুৰাৰ নগৰ সমিতি আৰু পৌৰ নিগমৰ নিৰ্বাচন (Tripura Civic Poll Election)ত বৃহৎ জয় সাব্যস্ত কৰিছে শাসকীয় দল বিজেপিয়ে (BJP's victory in Tripura municipal election)। চিপিআই(এম) দলে দুটা ৱাৰ্ডত জয়লাভ কৰে তাৰ বিপৰীতে তৃণমূল কংগ্ৰেছে (TMC) এটা আৰু টিপ্ৰাই (TIPRA) এখন আসন লাভ কৰে । নিৰ্বাচনৰ ফলাফলৰ পাছতে তৃণমূলৰ জ্যেষ্ঠ নেতা ৰাজীৱ বেনাৰ্জীয়ে দাবী কৰে যে মাত্ৰ ৪ মাহৰ যুঁজৰ পাছত দলটোৱে ৰাজ্যখনৰ দ্বিতীয় বিৰোধী দল হিচাপে থিয় দিছে ।

নেতাগৰাকীৰ এই মন্তব্যৰ পাছতে বিভিন্ন দলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । নেতাগৰাকীৰ এই মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আইন আৰু শিক্ষামন্ত্ৰী ৰতন লাল নাথে সংবাদমেল সম্বোধন কৰে । সংবাদমেলত বিৰোধী তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে (Tripura education minister criticized TMC)। মন্ত্ৰীগৰাকীৰ মতে মিছা অভিযোগেৰে দলটোৱে ৰাইজক বিপথে পৰিচালিত কৰিছে । মন্ত্ৰীগৰাকীৰ মতে প্ৰায় ২২ বছৰ পূৰ্বে তৃণমূলে কংগ্ৰেছে ত্ৰিপুৰাত ভেটি স্থাপন কৰাৰ পাছতো এই নিৰ্বাচনত সম্পূৰ্ণ ব্যৰ্থ হৈছে দলটো ।

তেওঁৰ মতে তৃণমূল কংগ্ৰেছে ১৯৯৯ চনতে প্ৰাক্তন মুখ্যমন্ত্ৰী সুধীৰ ৰঞ্জন মজুমদাৰৰ নেতৃত্বত পশ্চিম ত্ৰিপুৰা সংসদীয় সমষ্টিৰ হৈ থিয় দিছিল । তেওঁ লগতে কয় যে খোৱাই বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সময়ত মনোজ দাসে ২৩.৩৫ শতাংশ ভোট লাভ কৰিছিল ।

মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে, ১৯৯৯ চনত ২৬.৪০ শতাংশ আৰু ২০১৬ চনত ২৩.৩৫ শতাংশ ভোট লাভ কৰা স্বত্বেও, ৰাজীৱ বেনাৰ্জী আৰু সুবল ভৌমিকৰ দৰে টিএমচি নেতাসকলে ত্ৰিপুৰাৰ লোকসকলক বিপথে পৰিচালিত কৰি দাবী কৰিছে যে দলটোৱে তেওঁলোকৰ কাৰ্যকলাপৰ তিনি মাহতে ১৬.৩৯ শতাংশ ভোট লাভ কৰি দ্বিতীয় স্থানত আছে । মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যিক নিৰ্বাচন আয়োগৰ মতে, বিজেপিয়ে ৫৯.০১ শতাংশ ভোট লাভ কৰিছে, চিপিআইএমে ১৮.১৩ শতাংশ আৰু তৃণমূল কংগ্ৰেছে ১৬.৩৯ শতাংশ ভোট লাভ কৰিছে । সেয়ে টিএমচিৰ বিবৃতি সম্পূৰ্ণ মিছা আখ্যা দিলে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :Tripura civic poll result : বিৰোধীক ধূলিস্যাৎ কৰি বিজেপিৰ বৃহৎ বিজয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.