বিজেপিৰ দিনত ধনী শ্ৰেণী অধিক ধনী আৰু দৰিদ্ৰ শ্ৰেণী অধিক দৰিদ্ৰ হৈ গৈ আছে: প্ৰদ্যুৎ বৰদলৈ - Pradyut Bordoloi slams CM Himanta
Hatered politics in Assam: মৰিগাঁৱত নগাঁও লোকসভা সমষ্টিৰ নৱ-নিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈ । দলীয় কৰ্মীক শুভেচ্ছা জনাই বিজেপিক ক্ষুৰধাৰ সমালোচনা সাংসদগৰাকীৰ । দ্বিতীয়বাৰৰ বাবে সাংসদ হিচাপে জয় লাভ কৰি দায়িত্ব বাঢ়িল বুলি মন্তব্য বৰদলৈৰ ।

Published : June 12, 2024 at 10:55 PM IST
মৰিগাঁও, ১২ জুন: নগাঁও লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে জয় লাভ কৰাৰ পাচতে মৰিগাঁৱত উপস্থিত প্ৰদ্যুৎ বৰদলৈ । নগাঁও লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱা সাংসদ প্ৰদ্যুৎ বৰদলৈক বুধবাৰে মৰিগাঁও কংগ্ৰেছ ভৱনত ইণ্ডি এলায়েঞ্চৰ সহযোগী দলৰ নেতাসকলৰ লগতে কংগ্ৰেছ কৰ্মীসকলে উষ্ণ আদৰণি জনায় । উক্ত আদৰণি অনুষ্ঠানতে সাংসদগৰাকীয়ে মৰিগাঁও জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ দলীয় কৰ্মীসকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ।
ইয়াৰ পিচতে বিজেপিক ক্ষুৰধাৰ সমালোচনা বৰদলৈৰ । বিজেপিক সমালোচনা কৰি সাংসদগৰাকীয়ে কয়, "বিজেপি দলৰ মানুহে বিভিন্ন ধৰণৰ কথা কয় । সেই বিলাকক লৈ আমি মন্তব্য কৰাটো নিষ্প্ৰয়োজন । দ্বিতীয়বাৰৰ বাবে নগাঁও লোকসভা সমষ্টিৰ সাংসদৰূপে নিৰ্বাচিত হোৱাত মোৰ দ্বায়িত্ব অধিক বাঢ়িছে । এতিয়া অধিক পৰিশ্ৰম কৰিম ।"
লগতে তেওঁ কয়, "বিজেপি দলে সমাজৰ মাজত সৃষ্টি কৰা বৈষম্যৰ ফলত সমাজৰ খাতিখোৱা, চহা-কৃষক, শ্ৰমজীৱী-মেহনতী জনতা আৰু সৰু সৰু ব্যৱসায়ীসকলৰ সমস্যা চূড়ান্ত পৰ্যায় পাইছে । সেইবোৰ আঁতৰাই সমাজৰ ধনী-দুখীয়াৰ মাজত থকা পাৰ্থক্যৰ দূৰ কৰি সামুহিক উন্নয়ন বাবে কাম কৰাৰ বাবে পণ লৈছোঁ । দেশত এতিয়া দুখীয়া মানুহখিনি দুখীয়া হৈ গৈ আছে আৰু ধনী মানুহখিনি ধনী হৈ গৈ আছে । এওঁলোকে সমাজৰ সাধাৰণ মানুহৰ বিপক্ষে কাম কৰি আছে । এই ভালৰ বাবে নহয় ।"
আনহাতে সাংসদগৰাকীয়ে একেখন গাঁৱৰে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাত ৰাজনৈতিক মতাদৰ্শৰ উৰ্ধত থাকি এজন ভদ্ৰলোকৰ লেখীয়াকৈ নৱ-নিৰ্বাচিত মন্ত্ৰী মাৰ্ঘেৰিটাক শুভেচ্ছা জ্ঞাপন কৰে । ইয়াৰ পিচতে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ভাৰতৰ নিৰ্বাচন আয়োগে আগন্তুক দিনত শিলচৰৰ লগতে দেশৰ বিভিন্ন ঠাইৰ ভোট কেন্দ্ৰত অধিক ভোট গণনা হোৱা বুলি উত্থাপন হোৱা অভিযোগৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

