ETV Bharat / politics

চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধীৰ ভূমিকা পালন কৰিব কংগ্ৰেছে: গৌৰৱ গগৈ - Leader of the Opposition

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 6:21 PM IST

Congress MP Gaurav Gogoi: অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈক বিৰোধী দলৰ নেতা পদৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে গণ্য কৰা হৈছে । দলৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সৰ্বসন্মতিক্ৰমে তেওঁক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিবলৈ কৰা অনুৰোধ নাকচ কৰাৰ সিদ্ধান্ত লোৱাত গৌৰৱ গগৈৰ নাম চৰ্চালৈ আহিছে ।

Congress MP Gaurav Gogoi
গৌৰৱ গগৈ (ETV Bharat Assam)

নিউজ ডেস্ক, ১১ জুন: মঙলবাৰে লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে কয় যে কংগ্ৰেছে সদনত গঠনমূলক তথা সৰৱভাৱে বিৰোধীৰ ভূমিকা পালন কৰিব আৰু এন ডি এ চৰকাৰে সংসদক বিপথে পৰিচালিত কৰিব খোজা যিকোনো প্ৰচেষ্টাক বিফল কৰিব । অসমৰ যোৰহাট সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হোৱা গগৈয়ে পূৰ্বৰ সদনত কংগ্ৰেছৰ উপ-দলপতি হিচাপে থকা দায়িত্ব পালন কৰিছিল ৷ ২০১৪ আৰু ২০১৯ চনত তেওঁ কলিয়াবৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল ।

নতুন সদনত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ বিৰোধী দলৰ নেতা নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে ৷ যদিহে দলৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিয়ে সৰ্বসন্মতিক্ৰমে প্ৰদান কৰা এই পদটো অস্বীকাৰ কৰে তেন্তে ৰাহুলৰ বিকল্প হ’ব পাৰে গৌৰৱ ।

প্ৰশ্ন: কংগ্ৰেছে আগ্ৰাসীভাৱে যুঁজ দিলে, কিন্তু বিজেপি চৰকাৰক উৎখাত কৰিব নোৱাৰিলে । নতুন লোকসভাত কংগ্ৰেছ দলৰ কৌশল কি হ’ব ?

গৌৰৱ গগৈ: গঠনমূলক আৰু সৰৱ বিৰোধীৰ ভূমিকা পালন কৰিব কংগ্ৰেছে । আমি এতিয়া ৯৯ খন আসন লৈ বহুত শক্তিশালী হৈছো । সংসদ আৰু সংবিধান ৰক্ষা কৰিবলৈ আমি সাজু । সংসদ বা সংবিধান উফৰাই পেলাবলৈ শাসকীয় এন ডি এৰ যিকোনো প্ৰচেষ্টাই বিৰোধীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব । INDIA ব্লকৰ বিপৰীতে মাত্ৰ ৩২ খন আসনৰ ব্যৱধানত এন ডি এৰ জয় হৈছে । মোৰ দৃষ্টিত এন ডি এই ইয়াক জয় বুলি ক’ব নালাগে । INDIA ব্লকৰ সকলো সিদ্ধান্ত সামূহিকভাৱে লোৱা হ’ব ।

লগতে পঢ়ক: মোক কোনো পদবী নালাগে, দুবছৰ অসমত মোক এৰি দিয়ক: কিয় ক’লে গৌৰৱ গগৈয়ে ? - Gaurav Gogoi on Congress victory

প্ৰশ্ন: বিৰোধীৰ নতুন নেতা কোন হ’ব ?

গৌৰৱ গগৈ: কংগ্ৰেছৰ কাৰ্যকৰী কমিটীয়ে ৰাহুল গান্ধীয়ে সেই পদ ল’ব লাগে বুলি প্ৰস্তাৱ গৃহীত কৰিছে । উপযুক্ত সময়ত সেই সম্পৰ্কে সিদ্ধান্ত লোৱা হ’ব । মোৰ ভৱিষ্যতৰ ওপৰত দলৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছোঁ ৷ কিন্তু, মই মোৰ গৃহ ৰাজ্য অসমক গুৰুত্ব দিব বিচাৰো, য’ত ২০২৬ চনত কংগ্ৰেছক পুনৰ ক্ষমতালৈ অনাৰ সুযোগ আছে বুলি মই ভাবোঁ ।

প্ৰশ্ন: আপুনি কিয় এইদৰে ক’লে ?

গৌৰৱ গগৈ: চাওক, যোৰহাটৰ জনসাধাৰণে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰিলে, যিজনে ইয়াক ব্যক্তিগত নিৰ্বাচন কৰি লৈছিল । লগতে ধুবুৰী আসনত থকা ৰাইজে বিজেপিৰ হৈ খেল খেলা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ভোটদান কৰে । বিজেপিৰ এই দুটা পৰাজয়েই দেখুৱাইছে যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অসমৰ জনসাধাৰণ পৰিৱৰ্তনৰ বাবে সাজু হৈছে । আমি আমাৰ মিত্ৰশক্তিৰ সৈতে কাম কৰিব লাগিব । ৰাজ্যত কংগ্ৰেছক পুনৰ ক্ষমতালৈ আনিলেহে ন্যায় হ’ব আৰু সেই লক্ষ্যৰ বাবে আমি এতিয়াৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিব লাগিব । আন নিৰ্বাচনমুখী ৰাজ্য হাৰিয়ানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ ক্ষেত্ৰতো একেই কথা ক’ব পাৰি ।

লগতে পঢ়ক: উত্তৰ-পূৰ্বাঞ্চলৰ বিফলতাৰ দায়িত্ব স্বীকাৰৰ পৰিৱৰ্তে পুনৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে হিমন্তই : গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024

প্ৰশ্ন: ২০২৪ চনত কংগ্ৰেছৰ এই বিজয়ৰ বাবে আপুনি কাক কৃতিত্ব দিব বিচাৰে ?

গৌৰৱ গগৈ: নিঃসন্দেহে ৰাহুল গান্ধীকেই ইয়াৰ কৃতিত্ব দিব পাৰি ৷ যিয়ে দেশজোৰা দুটা যাত্ৰাৰে দেখুৱাইছিল যে কংগ্ৰেছৰ শক্তি ভোটাৰৰ সৈতে থকা সম্পৰ্কত নিহিত হৈ আছে । যাত্ৰাসমূহে দেখুৱাইছিল যে দলৰ মতাদৰ্শৰ মূলতে গণতন্ত্ৰ । এতিয়া আমি সেই বাৰ্তা উত্তৰ প্ৰদেশ আৰু অসমকে ধৰি দেশৰ প্ৰতিটো চুক-কোণলৈ লৈ যোৱা উচিত । অসমৰ মুখ্যমন্ত্রীয়ে নাগালেণ্ডৰ এটা বিশেষ ধৰ্মক ৰাজ্যখনৰ ফলাফলৰ বাবে দোষাৰোপ কৰাৰ লগতে উত্তৰ প্ৰদেশ বিজেপিয়ে অযোধ্যাত দলটোৰ পৰাজয়ৰ বাবে আন এটা ধৰ্মক দোষাৰোপ কৰিছে ৷

প্ৰশ্ন: যিবোৰ ৰাজ্যত দলৰ প্ৰদৰ্শন আশানুৰূপ নাছিল, সেইবোৰ ৰাজ্যৰ কথা কি ক’ব ?

সেই ৰাজ্যসমূহৰ পৰিস্থিতিৰ বুজ ল’ব আৰু প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব দলটোৱে । মই ৰাজস্থানৰ হৈ কথা ক’ব পাৰো, য’ত মই বিধানসভাৰ প্ৰাৰ্থী নিৰ্বাচনৰ পেনেলৰ নেতৃত্ব দিছিলো । আমি মাত্ৰ দুই শতাংশ ভোট অংশীদাৰিত্বৰ পাৰ্থক্যত পৰাস্ত হৈ ২০১৯ চনৰ তুলনাত লোকসভা নিৰ্বাচনত লক্ষণীয়ভাৱে ভাল ফলাফল দেখুৱাইছো । অসম আৰু ৰাজস্থান উভয়ৰে মাজত এটা কথা সাধাৰণ, বিজেপিৰ প্ৰচাৰ অস্বস্তিকৰ আছিল, আমি জয়ী হোৱা বনস্বৰা আসনত প্ৰধানমন্ত্ৰীয়ে বিতৰ্কিত মন্তব্য কৰিছিল ।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচতে গুৱাহাটীৰ ৰাজীৱ ভৱনত যোৱা ৭ জুনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে অসমৰ তিনিওগৰাকী বিজয়ী কংগ্ৰেছ প্ৰাৰ্থীক সম্বৰ্ধনা জনায় ৷ সেই অনুষ্ঠানত ভাষণ প্ৰদান কৰি গৌৰৱ গগৈয়ে উল্লেখ কৰিছিল যে তেওঁক কোনো পদবী নালাগে ৷ অহা দুবছৰ তেওঁ অসমত থাকি কাম কৰিব বিচাৰে ৷ যিহেতু উপ-নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৬ চনত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব, গতিকে অসমত বিজেপিক পৰাজিত কৰাৰ বাবেই কংগ্ৰেছক শক্তিশালী কৰাৰ বাবে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে গৌৰৱ গগৈয়ে ৷

লগতে পঢ়ক: যোৰহাটত গৌৰৱ গগৈৰ অভূতপুৰ্ব জয় : জয়ৰ আঁৰৰ ১০টা মূল কাৰণ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.