উত্তৰ-পূৰ্বাঞ্চলৰ বিফলতাৰ দায়িত্ব স্বীকাৰৰ পৰিৱৰ্তে পুনৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে হিমন্তই : গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024
Gaurav Gogoi in Nagaon : জয়লাভ কৰাৰ পাচত প্ৰথমবাৰৰ বাবে নগাঁৱত উপস্থিত গৌৰৱ গগৈ । নগাঁৱত গৌৰৱ গগৈক উষ্ম আদৰণি জিলা কংগ্ৰেছৰ । উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৰ্থতা স্বীকাৰ কৰাৰ বিপৰীতে পুনৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে নেডাৰ আহ্বান ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই মন্তব্য নৱ নিৰ্বাচিত সাংসদ গৌৰৱ গগৈৰ । লগতে বৰ্তমানৰ বিজেপিৰ নেতৃত্বকো কটাক্ষ গৌৰৱৰ ।

Published : June 7, 2024 at 2:20 PM IST
নগাঁও, 7 জুন : ‘‘বৰ্তমানৰ বিজেপি নেতৃত্বৰ কাম-কাজে সৰ্বসাধাৰণক মোহভংগ কৰিছে ৷ পুৰণি কট্টৰ বিজেপি নেতাসকল বৰ্তমানৰ বিজেপি নেতৃত্বক লৈ শংকিত হৈছে ৷ আনকি উত্তৰ পূৰ্বাঞ্চলতে বিজেপিৰ শোচনীয় পৰাজয় হৈছে ৷ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ বিফলতাৰ বাবে দায়িত্ব স্বীকাৰ কৰিব লাগে, যদিও ইয়াৰ বিপৰীতে অসমৰ এটা বিশেষ ধৰ্মৰ লোকক টাৰ্গেট কৰি পুনৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে’’- এই মন্তব্য গৌৰৱ গগৈৰ ।
কেৱল এয়াই নহয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অহংকাৰী আখ্যা দি গৌৰৱ গগৈয়ে কয়, “হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ লগতে বিজেপিৰ পুৰণা কৰ্মীকো পাহৰি গৈছে” ৷ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত কেইবাখনো সভা কৰাৰ বাবেই কংগ্ৰেছ জয়ী হোৱাত সহায় কৰিছে বুলিও তেওঁ মন্তব্য কৰে ৷ লগতে লোকসভাৰ প্ৰাক্তন উপাধ্যক্ষ পি এ চাংমাৰ সমষ্টি মেঘালয়ত কংগ্ৰেছ দলে জয় লাভ কৰাৰ কথাও উল্লেখ কৰে গৌৰৱ গগৈয়ে ।
উল্লেখ্য যে, পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ বিপৰীতে যোৰহাট সংসদীয় সমষ্টিৰ পৰা বহু প্ৰত্যাহ্বান নেওচি পুনৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা গৌৰৱ গগৈ বৃহস্পতিবাৰে বিয়লি প্ৰথমবাৰৰ বাবে উপস্থিত হয় নগাঁৱত । যোৰহাট লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাৰ পাচতেই প্ৰথমবাৰৰ বাবে নগাঁৱত উপস্থিত হোৱা সাংসদ গৌৰৱ গগৈক গুৱাহাটী যোৱা পথত নগাঁৱৰ বৰঘাট বাইপাছত উষ্ম আদৰণি জনায় নগাঁও জিলা কংগ্ৰেছৰ লগতে ধিং, ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলে ।
দলীয় কৰ্মীৰ আদৰণি গ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত কেবাটাও মন্তব্য কৰে গৌৰৱ গগৈয়ে । বিশেষকৈ অসমৰ বৰ্তমানৰ বিজেপি নেতৃত্বক তীব্ৰ কটাক্ষ কৰে গৌৰৱ গগৈয়ে । কলিয়াবৰৰ ৰাইজক নিজৰ ৰাজনীতিৰ প্ৰথম অভিভাৱক বুলি অভিহিত কৰে গগৈয়ে । তেওঁ কয় যে নগাঁও জিলাই এইবাৰ তিনিগৰাকী সাংসদ লাভ কৰিছে । এগৰাকী প্ৰদ্যুৎ বৰদলৈ, আন দুগৰাকী গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন ।
বৃহস্পতিবাৰে নগাঁৱত উপস্থিত হোৱাৰ সময়ত নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়া, ধিং সমষ্টিৰ কংগ্ৰেছ নেতা হাইদৰ আলীৰ লগতে জিলাখনৰ বহু কংগ্ৰেছ নেতা কৰ্মী উপস্থিত থাকি আদৰণি জনায় গৌৰৱ গগৈক ।
লগতে পঢ়ক : দিল্লী নহয়, ২০২৬ ত দিছপুৰ দখলৰ লক্ষ্য গৌৰৱ গগৈৰ - LOK SABHA ELECTION RESULTS 2024

