ETV Bharat / bharat

Tripura civic poll result : বিৰোধীক ধূলিস্যাৎ কৰি বিজেপিৰ বৃহৎ বিজয়

author img

By

Published : Nov 28, 2021, 5:39 PM IST

Updated : Nov 28, 2021, 5:54 PM IST

ত্ৰিপুৰাৰ নগৰ সমিটি, পৌৰ সভাৰ নিৰ্বাচনত বিজেপিয়ে সাব্যস্ত কৰিছে বৃহৎ বিজয়(BJP sweeps Tripura civic body election) ৷ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে এই বিজয়ক 'ঐতিহাসিক' হিচাপে অভিহিত কৰিছে(Chief Minister of Tripura termed his parties win as historic) ৷

BJP sweeps Tripura civic body election : Chief Minister termed it as historic
civic body election of Tripura: বৃহৎ বিজয় বিজেপিৰ

আগৰতলা, 28 নৱেম্বৰ : ত্ৰিপুৰাত শাসক দল ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) ২৫ নৱেম্বৰত অনুষ্ঠিত হোৱা সকলো নগৰ সমিতি, পৌৰ নিগমৰ নিৰ্বাচনত বৃহৎ বিজয় সাব্যষ্ট কৰিছে (BJP has made a clean sweep in civic body election of Tripura)। ত্ৰিপুৰাৰ 20 খন সমিটিৰ ভিতৰত 14 খনতে এই নিৰ্বাচন অনুষ্ঠিত হৈছিল বাকী 6 খনত বিজেপিয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয় লাভ কৰিছিল । ২৫ নৱেম্বৰত অনুষ্ঠিত নিৰ্বাচনৰ ভোট গণনা দেওবাৰে ৰাতিপুৱা প্ৰায় ৮ বজাত আৰম্ভ কৰা হৈছিল ।

উল্লেখ্য যে, আগৰতলা পৌৰ নিগমৰ ৫১ খন আসন বিজেপিয়ে লাভ কৰিছে ৷ যদিও বিজেপিয়ে ক্লিন চুইপ কৰিছে, বিৰোধী চিপিআইএমে দুটা ৱাৰ্ডত জয়লাভ কৰিছে(opposition CPIM has won in two wards in civic body election of Tripura ) ৷ ইয়াৰ বিপৰীতে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে কেৱল মাত্ৰ এটা ৱাৰ্ডতে সন্তুষ্ট হ’ব লগীয়া হৈছে(AITMC has won only one ward in Tripura) ৷

উল্লেখ্য যে, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ) জোৱান আৰু ত্ৰিপুৰা আৰক্ষী, ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছ (টিএছআৰ) জোৱান, আৰক্ষীকে ধৰি আইন-শৃংখলা বজাই ৰখাৰ বাবে তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ সৈতে ভোট গণনাৰ সময়ত কঠোৰ নিৰাপত্তা ব্যৱস্থা ৰখা হৈছিল(Three tier security arrangement in Tripura) ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে কয় যে, এই বিজয় ঐতিহাসিক(Tripura CM Biplab dev terms his parties victory historic) আৰু প্ৰায় ৯৯ শতাংশ আসনতে বিজেপিক জয়ী কৰাই ৰাইজে সঠিক উত্তৰ দিছে । তেওঁ কয়, যিধৰণে ৰাজ্যখনক এচামে অপমান কৰিছিল ৰাইজে ইভিএম যন্ত্ৰৰ জৰিয়তে সেইসকলক সঠিক উত্তৰ দিছে । ত্ৰিপুৰাৰ সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে একেলগে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উন্নয়নৰ সপক্ষে ভোট দিছে বুলিও কয় দেৱে ।

লগতে পঢ়ক : Tripura municipal election counting : আগবাঢ়ি আছে শাসকীয় দল বিজেপি

Last Updated : Nov 28, 2021, 5:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.