ETV Bharat / state

Har Ghar Dastak Campaign : ডিব্ৰুগড়ৰ বাগিচা অঞ্চলত ভেকচিন প্ৰদান প্ৰক্ৰিয়া পৰিদৰ্শন বিমল বৰাৰ

author img

By

Published : Dec 2, 2021, 10:27 AM IST

ডিব্ৰুগড়ত স্বাস্থ্য বিভাগে আৰম্ভ কৰা ‘Har Ghar Dastak’ অভিযানৰ প্ৰক্ৰিয়া পৰিদৰ্শন কেবিনেট মন্ত্ৰী বিমল বৰা(Minister Bimal Bora reviews Har Ghar Dastak campaign)ৰ ৷ বুধবাৰে জিলাখনৰ ডিৰাই আৰু দিল্লীবাৰী চাহ বাগিচাত উপস্থিত হৈ স্থানীয় অংগনবাদী কেন্দ্ৰত চলি থকা ক’ভিড ভেকচিন কাৰ্যসূচীৰ বুজ লয় মন্ত্ৰীগৰাকী(Minister Bimal Bora reviews covid vaccination programme)য়ে ৷

minister-bimal-bora-reviews-covid-vaccination-programme
ডিব্ৰুগড়ৰ বাগিচা অঞ্চলত ভেকচিন প্ৰদান প্ৰক্ৰিয়া পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ

মৰাণ, 2 ডিচেম্বৰ : ৰাজ্যৰ প্ৰতিগৰাকী ব্যক্তিকে ক’ভিড ভেকচিন প্ৰদানৰ বাবে অভিযান আৰম্ভ(Har Ghar Dastak Campaign) কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । ইতিমধ্যে ডিব্ৰুগড় জিলাত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলে ঘৰে ঘৰে ঘৰে গৈ ভেকচিন দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

minister-bimal-bora-reviews-covid-vaccination-programme
ডিব্ৰুগড়ৰ বাগিচা অঞ্চলত ভেকচিন প্ৰদান প্ৰক্ৰিয়া পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ

জিলাখনৰ কোনো কোনো গাঁৱত পথাৰলৈ গৈও চিকিৎসকৰ দলে ভেকচিন দিয়া পৰিলক্ষিত হৈছে । স্বাস্থ্য বিভাগে আৰম্ভ কৰা ‘Har Ghar Dastak’ অভিযান প্ৰক্ৰিয়াৰ বুজ লয় কেবিনেট মন্ত্ৰী বিমল বৰা(Minister Bimal Bora reviews Har Ghar Dastak campaign)ই । বুধবাৰে জিলাখনৰ ডিৰাই আৰু দিল্লীবাৰী চাহ বাগিচাত উপস্থিত হৈ স্থানীয় অংগনবাদী কেন্দ্ৰত চলি থকা কভি’ড ভেকচিন কাৰ্যসূচী পৰিদৰ্শন কৰে ৷

লগতে তেওঁ ঘৰে ঘৰে গৈ এই পৰ্যন্ত ভেকচিন গ্ৰহণ নকৰা লোকসকলক ভেকচিন গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে ৷ মন্ত্ৰী বৰাই স্বাস্থ্য কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰি উপস্থিত ৰাইজক শীঘ্ৰেই ভেকচিন ল’বলৈ আহ্বান জনায় । মুঠৰ ওপৰত ডিব্ৰুগড়ত ‘হৰ ঘৰ দস্তক’ অভিযান(Har Ghar Dastak campaign) সফল কৰিবলৈ তৎপৰ হৈছে স্বাস্থ্য বিভাগৰ লগতে জিলা প্ৰশাসন ।

লগতে পঢ়ক : কলিয়াবৰত ক’ভিড ভেকচিন প্ৰদান কৰিবলৈ গৈ প্ৰশাসনৰ লোকৰ অথন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.