কলিয়াবৰত ক’ভিড ভেকচিন প্ৰদান কৰিবলৈ গৈ প্ৰশাসনৰ লোকৰ অথন্তৰ

author img

By

Published : Dec 1, 2021, 9:44 PM IST

Har Ghar Dastak vaccinating campaign launched in kaliabor
ভেকচিন প্ৰদান কৰিবলৈ গৈ তথৈবছ অৱস্থাত প্ৰশাসনৰ লোক ()

‘হৰ ঘৰ দস্তক' অভিযানৰ অধীনত কলিয়াবৰত ক’ভিড ভেকচিন প্ৰদান কৰিবলৈ গৈ দোধোৰ-মোধোৰ অৱস্থাত স্বাস্থ্যকৰ্মীৰ লগতে মহকুমাধিপতি ৷ ভেকচিন প্ৰদান কৰিবলৈ গৈ গৃহস্থৰ পাছে পাছে দৌৰিবলগীয়া হ’ল স্বাস্থ্যকৰ্মীৰ লগতে মহকুমাধিপতি ৷

কলিয়াবৰ, 1 ডিচেম্বৰ : সমগ্ৰ দেশজুৰি 124 কোটি লোকক ক’ভিড ভেকচিনেছন সম্পূৰ্ণ কৰা বুলি চৰকাৰে দাবী কৰা সময়তে একাংশ লোকৰ মাজত এতিয়াও বিৰাজ কৰিছে ভেকচিনৰ আতংক ৷ ইয়াৰে এক দৃশ্য দেখিবলৈ পোৱা গ’ল কলিয়াবৰত ৷ কলিয়াবৰৰ দিজুভেলী চাহ বাগিচাত ভেকচিন দিবলৈ গৈ বিপাঙত পৰিল জিলা প্ৰশাসনৰ লোক ৷ ভেকচিন প্ৰদান কৰিবলৈ গৈ দোধোৰ মোধোৰত পৰিল স্বাস্থ্যকৰ্মীৰ লগতে মহকুমাধিপতি ৷ বিভিন্ন উজুহাত দেখুৱাই ভেকচিন লোৱাৰ পৰা বিৰত আছিল পৰিয়ালটো ৷ যাৰ বাবে ভেকচিন প্ৰদান কৰিবলৈ গৈ গৃহস্থৰ পাছে পাছে দৌৰিবলগীয়া হ’ল স্বাস্থ্যকৰ্মীৰ লগতে মহকুমাধিপতি ৷

কলিয়াবৰত হৰ ঘৰ দস্তক অভিযান

ৰাজ্য চৰকাৰে প্ৰতিঘৰ লোকক ক’ভিড ভেকচিনেছন প্ৰদানৰ বাবে গ্ৰহণ কৰিছে 'হৰ ঘৰ দস্তক' অভিযানৰ ৷ এই অভিযানৰ অধীনত ২৯ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ এলেকা সামৰি একলাখ লোকক ক’ভিড ভেকচিনেছন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ সেই অনুসৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ে ২৯ নৱেম্বৰত গৃহ সমষ্টিত কলিয়াবৰত মুকলি কৰিছিল 'হৰ ঘৰ দস্তক' অভিযানৰ । এই আঁচনিৰ অধীনত কলিয়াবৰৰ মহকুমাৰ দিজুভেলী চাহ বাগিচাত ক’ভিড প্ৰতিষেধক প্ৰদান কৰিবলৈ গৈ বিপাঙত পৰে স্বাস্থ্যকৰ্মীৰ লগতে মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস ।

কলিয়াবৰৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস

দিজুভেলী চাহ বাগিচাৰ তেৰজনীয়া এটা পৰিয়ালে বিভিন্ন উজুহাতে দেখুৱাই ভেকচিন লোৱাৰ পৰা বিৰত আছিল । প্ৰশাসনৰ লোকে পৰিয়ালটোৰ বিৰুদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ৫১ নং ধাৰা অনুসৰি এক গোচৰো ৰুজু কৰে ৷ অৱশ্যে এক অস্বস্তিকৰ তথা আমোদজনক পৰিৱেশৰ মাজত আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ সহযোগত কোনোমতে বুজাই-বঢ়াই ভেকচিন ল'বলৈ বাধ্য কৰায় পৰিয়ালটোক ।

Har Ghar Dastak vaccinating campaign launched in kaliabor
কলিয়াবৰত হৰ ঘৰ দস্তক অভিযান

উল্লেখ্য যে, বিশ্বত আকৌ আৰম্ভ হৈছে ক’ৰণাৰ অমিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ । কিন্তু এতিয়াও ভেকচিন ল'বলৈ বাকী আছে বহু লোক ৷ এইসকল লোকৰ ভেকচিন প্ৰদান সুনিশ্চিত কৰিবলৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰশাসনে আৰম্ভ কৰিছে 'হৰ ঘৰ দস্তক' অভিযানৰ ৷

লগতে পঢ়ক : Covid 19 Vaccine: গৰু-ছাগলীৰ দৰে ৰাইজক প্ৰদান কৰা হৈছে ক’ভিড প্ৰতিষেধক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.