ETV Bharat / state

Har Ghar Dastak Campaign : 100 শতাংশ ক’ভিড ভেকচিন প্ৰদান সম্পন্ন বুথত মন্ত্ৰী ৰণজিৎ দাস

author img

By

Published : Dec 2, 2021, 9:29 AM IST

মঙলবাৰে ধুবুৰীত উপস্থিত হয় জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস(Guardian Minister of Dhubri) ৷ দুদিনীয়া ভ্ৰমণসূচীৰে জিলাখনত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে হৰ ঘৰ দস্তক অভিযানত (Har Ghar Dastak Campaign in Dhubri) ৷

ধুবুৰীত অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস
ধুবুৰীত অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

ধুবুৰী, 2 ডিচেম্বৰ : দুদিনীয়া ভ্ৰমণসূচী লৈ মঙলবাৰে ধুবুৰীত উপস্থিত হয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । কাৰ্যসূচীৰ দ্বিতীয় দিনটোত অৰ্থাৎ বুধবাৰে এশ শতাংশ ক’ভিড ভেকচিন প্ৰদান কৰা বুথসমূহ পৰিদৰ্শন কৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Guardian Minister of Dhubri)।

হৰ ঘৰ দস্তক অভিযান(Har Ghar Dastak Campaign)ৰ অধীনত জিলাখনৰ প্ৰতিগৰাকী লোকক ভেকচিন দিয়াৰ অভিযান অব্যাহত ৰাখিছে স্বাস্থ্য বিভাগে । ধুবুৰী জিলা উপায়ুক্ত(Deputy Commissioner of Dhubri)ৰ সৈতে পৌৰসভা(Dhubri Municipal Board)ৰ অধীনত সম্পন্ন হোৱা ক’ভিড ভেকচিন প্ৰদান কৰা ২২৮ নং, ২৩০ নং আৰু ২৩১ নং বুথ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ।

100 শতাংশ ক’ভিড ভেকচিন প্ৰদান সম্পন্ন বুথত মন্ত্ৰী ৰণজিৎ দাস

হৰ ঘৰ দস্তক অভিযানৰ দায়িত্বত নিয়োজিত জিলাখনৰ আন আন বিষয়া-কৰ্মচাৰীসকলেও এশ শতাংশ লোকক ভেকচিন প্ৰদানৰ উদ্দেশ্যে ঘৰে ঘৰে গৈ ভেকচিন নোলোৱা ব্যক্তিক ভেকচিন দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

ইয়াৰ পিছতে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে পৰ্যালোচনা সভাত মিলিত হয় মন্ত্ৰীগৰাকী । উক্ত অনুষ্ঠানতে ক’ভিডত মৃত্যু হোৱা তিনিটাকৈ পৰিয়ালৰ মাজত আঢ়ৈ লাখ টকাৰ চেক বিতৰণ কৰে । ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে গৌৰীপুৰ সমষ্টিৰ আশাৰকান্দি আদৰ্শ গাঁৱৰ কামৰ শুভাৰম্ভ কৰে ।

লগতে পঢ়ক: BJP Assam Pradesh : বিজেপি বাৰ্তাৰ 60 সংখ্যক সংস্কৰণ উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.