ETV Bharat / city

29 ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ চানমাৰিত হ’ব অসম গ্ৰন্থমেলা

author img

By

Published : Dec 1, 2021, 10:30 PM IST

আকৌ আহিল গ্ৰন্থৰ সুবাস লোৱাৰ বতৰ ৷ গ্ৰন্থমেলা বুলিলে সকলোৰে মনলৈ আহে চানমাৰিত অনুষ্ঠিত গ্ৰন্থমেলাৰ কথা ৷ এইবাৰো অনুষ্ঠিত হ’ব চানমাৰিত গ্ৰন্থমেলা ৷ কিন্তু এইবাৰ সলনি হ’ব গ্ৰন্থমেলাখনৰ নাম ৷ চাওক সবিশেষ ৷

Assam book fair will start from 29th December in chanmari
Assam book fair will start from 29th December in chanmari

গুৱাহাটী, ১ ডিচেম্বৰ: গ্ৰন্থপ্ৰেমী ৰাইজলৈ সুখবৰ । ১২ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে চানমাৰিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা (Assam book fair in guwahati) । অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত গুৱাহাটীৰ চানমাৰিস্থিত অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অহা ২৯ ডিচেম্বৰ পৰা ৯ জানুৱাৰীলৈ 'অসম গ্ৰন্থমেলা ' অনুষ্ঠিত হ’ব (Book fair in Chanmari)।

অসম প্ৰকাশন পৰিষদৰ বামুণীমৈদামস্থিত কাৰ্যালয়ত বুধবাৰে আয়োজিত এক সংবাদমেলত এই কথা সদৰি কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্তই । তেওঁ কয় যে, অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে অসম গ্ৰন্থমেলা আয়োজন কৰা হৈছে ।

লগতে পঢ়ক : অতি সোনকালে আৰম্ভ হ'ব নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ OPD সেৱা

সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে, ক’ভিড সৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ গুৱাহাটী গ্ৰন্থমেলা (Guwahati book fair in Chanmari) আৰু উত্তৰ-পূৱ গ্ৰন্থ মেলা মিলি অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে (North East book fair Guwahati) । গ্ৰন্থমেলাখন পৰিচালনাৰ বাবে ইতিমধ্যে উভয় পক্ষৰ সাতজনকৈ সদস্য নিৰ্বাচিত কৰি এখন ১৪ জনীয়া গ্ৰন্থমেলা পৰিচালনা সমিতি গঠন কৰা হৈছে । ইয়াৰ উপৰি দুয়োপক্ষৰ পৰা আহ্বায়ক আৰু সমন্বয়কো নিযুক্ত কৰা হৈছে ।

29 ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ চানমাৰিত হ’ব অসম গ্ৰন্থমেলা

সংবাদমেলত প্ৰমোদ কলিতাই লগতে কয় যে, সম্পূৰ্ণ কোভিড নীতি নিয়ম মানি গ্ৰন্থমেলাখন আয়োজন কৰা হৈছে । গ্ৰন্থমেলাৰ শৃংখলাৱদ্ধ তথা সফল ৰূপায়ণৰ বাবে পৰিষদ আৰু বিক্ৰেতা সংস্থাৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হোৱা বুলি মন্তব্য কৰে ।

গ্ৰন্থমেলাখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিশিষ্ট অতিথি হিচাপে এগৰাকী অসমৰ বাহিৰৰ আৰু এগৰাকী অসমৰ বিশিষ্ট সাহিত্যিকে অংশগ্ৰহণ কৰিব । ইতিমধ্যে গ্ৰন্থমেলাত অংশগ্ৰহণৰ বাবে দেশ বিদেশৰ বহু গ্ৰন্থ বিপণীয়ে যোগাযোগ কৰিছে । সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি ইমৰান আহমেদৰ লগতে কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক : Gauhati University Election Result: সভাপতি পদত আছু আৰু সাধাৰণ সম্পাদকৰ পদত NSUI প্ৰাৰ্থীৰ জয়লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.