ETV Bharat / state

তিনিজনক গ্ৰেপ্তাৰ : খেলমাটিত আহত সংবাদ মাধ্যমৰ লোকসহ কেবাজনো নিৰাপত্তাৰক্ষী - Attack on Khelmati out post

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 5:22 PM IST

Khelmati police out post : লখিমপুৰ নগৰৰ খেলমাটি আৰক্ষী চকীত সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণাধীন ৷ আক্ৰমণ-প্ৰতি আক্ৰমণৰ ঘটনাত কেবাজনো নিৰাপত্তাৰক্ষী আৰু সংবাদকৰ্মী আহত ৷ আক্ৰমণকাৰীসকলৰ তিনিজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

Khelmati police out post
খেলমাটিত শিলাবৰ্ষণ: আহত সংবাদকৰ্মী (ETV Bharat Assam)

লখিমপুৰ, ২৩ মে’: শ শ নিৰাপত্তাৰক্ষী নিয়োগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণত ৰখা হৈছে যদিও লখিমপুৰৰ খেলমাটিৰ উত্তেজনা শাম কটা নাই ৷ অঞ্চলজুৰি চেপা উত্তেজনা অব্যাহত আছে ।

খেলমাটিত শিলাবৰ্ষণ: আহত সংবাদকৰ্মী (ETV Bharat Assam)

উল্লেখ্য এটা চুৰি মোবাইল ফোন সন্দৰ্ভত বুধবাৰে লখিমপুৰ সদৰ থানাৰ অন্তৰ্গত খেলমাটি আৰক্ষী চকীয়ে আটক কৰি আনিছিল পশ্চিম চানমাৰিৰ আশ্ৰফ আলীক । আৰক্ষীয়ে জনোৱা মতে তেওঁক খেলমাটি আৰক্ষী চকীত বহুৱাই থোৱাৰ সময়ত বেঞ্চৰ পৰা ঢলি পৰে আৰু লখিমপুৰ মেডিকেল কলেজলৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

এই ঘটনাক কেন্দ্ৰ কৰিয়েই খেলমাটিত ভয়ংকৰ পৰিস্থিতি সৃষ্টি হয় । ঘটনাটোৰ প্ৰতিবাদ কৰিবলৈ পুৱাৰে পৰা স্থানীয় একাংশ লোক খেলমাটি আৰক্ষী চকীৰ সন্মুখত সমবেত হয় । সময় বাগৰাৰ লগে লগে প্ৰতিবাদকাৰীৰ সংখ্যা বৃদ্ধি পায় । তেওঁলোকে ঘটনাৰ তদন্ত বিচাৰি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তপ্ত কৰি তোলে ।

প্ৰতিবাদকাৰীৰ ৰূদ্ৰমূৰ্তি দেখি আৰক্ষীক সহায় কৰিবলৈ আহে অৰ্ধসামৰিক বাহিনী, আৰক্ষীৰ বেটেলিয়ন । জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলেও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰে যদিও সফল হ’ব পৰা নাছিল ।

ক্ৰমে পৰিস্থিতি অধিক অৱনতি ঘটে । উত্তেজিত লোকসকলক আঁতৰাই পঠাবলৈ নিৰাপত্তাৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰে । নিৰাপত্তাৰক্ষীৰ এই ব্যৱস্থাত প্ৰতিবাদ কাৰীসকল পিছ হোঁহকি যোৱাৰ লগতে নিৰাপত্তাৰক্ষীসকলো ৫০ মিটাৰ মান আগুৱাই যায় ।

কিন্তু হঠাৎ উত্তেজিত লোকসকলে আৰক্ষীলৈ শিল নিক্ষেপ কৰে । একপ্ৰকাৰে শিলাবর্ষণ হৈছিল সেই সময়ত । শিলাবৰ্ষণ কৰি প্ৰতিবাদকাৰীসকল আগুৱাই অহাত নিৰাপত্তাৰক্ষীসকল পিছুৱাই যাবলৈ বাধ্য হয় । উত্তেজিত লোকৰ শিলাবৰ্ষণত নিৰাপত্তাৰক্ষীসকল দৌৰি আহি আৰক্ষী চকীকে ধৰি বিভিন্ন স্থানত লুকাই আত্মৰক্ষা কৰিবলগীয়া হয় ।

এই ঘটনাত দুজনকৈ ভিডিঅ’ জাৰ্ণেলিষ্টৰ লগতে কম-বেছি পৰিমাণে বহুকেইজন নিৰাপত্তাৰক্ষীও আহত হয় । নিৰাপত্তাৰক্ষীয়ে পশ্চাদপদ কৰাৰ লগে লগে উত্তেজিত লোকসকলে শিলাবৰ্ষণ কৰি আহি আৰক্ষী চকীৰ সন্মুখ পায় ।

সন্মুখৰ পৰা শিলাবৰ্ষণ কৰি আৰক্ষী চকীৰ ক্ষতি কৰাৰ লগতে আৰক্ষীৰ বাহন, টেম্পো আদিও ভাঙে । প্ৰায় দহ মিনিট সময় এনেদৰে আৰক্ষী চকীত আক্ৰমণ কৰি থকাত এইবাৰ আৰক্ষীয়ে লুকাই থকা স্থানৰ পৰা ওলাই প্ৰতিআক্ৰমণ আৰম্ভ কৰে । হঠাৎ আৰক্ষীয়ে ধাৰাসাৰ শূন্যলৈ গুলী বৰ্ষণ কৰি ওলাই আহে ।

আৰক্ষীয়ে কেবাজাই গুলী চলাই ওলাই অহাৰ লগে লগে আক্ৰমণকাৰীসকল পিছুৱাই যায় । তেনে সময়তে ঘটনাস্থলীত অতিৰিক্ত নিৰাপত্তা বাহিনীৰ লোক উপস্থিত হয় । বিশাল নিৰাপত্তাৰক্ষীক চৌদিশে মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয় । বৰ্তমান সমগ্ৰ এলেকাটোত নিৰাপত্তাৰক্ষী নিয়োগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰখা হৈছে যদিও এক চেপা উত্তেজনাৰ পৰিৱেশে বিৰাজ কৰি আছে ৷

আৰক্ষীয়ে ইতিমধ্যে আৰক্ষী চকীত আক্ৰমণকাৰীসকলৰ মাজত মুখ্য ভূমিকা লোৱা বুলি চিনাক্ত কৰি জাহাংগীৰ আলী নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰু দুজনক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা হৈছে । দিন দুপৰতে এনেদৰে এটা ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী আৰু আৰক্ষী চকীত আক্ৰমণ কৰা ঘটনা এইটোৱেই জিলাখনৰ ভিতৰত প্ৰথম বুলি ৰাইজে অভিহিত কৰিছে ৷

পৰৱৰ্তী সময়ত এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ ব্যবস্থা কেনে হ’ব সেয়া হ’ব সকলোৰে বাবে লক্ষ্যণীয় বিষয় ।

লগতে পঢ়ক: এজন আচামীৰ মৃত্যুক লৈ জ্বলিছে লখিমপুৰৰ খেলমাটি; পৰিস্থিতি উত্তেজনাপূৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.