ETV Bharat / city

Gauhati University Election Result: সভাপতি পদত আছু আৰু সাধাৰণ সম্পাদকৰ পদত NSUI প্ৰাৰ্থীৰ জয়লাভ

author img

By

Published : Dec 1, 2021, 8:18 PM IST

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা (Gauhati University election result) ৷ ৫ টা পদত NSUI সমৰ্থিত প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে আছু সমৰ্থিত 4 গৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে ।

Gauhati University election result
Gauhati University election result

গুৱাহাটী, 1 ডিচেম্বৰ : ঘোষণা হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল (Gauhati University PGSU election result)৷ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ (Gauhati University PGSU) ১৫ টা পদৰ ৫ টা পদত NSUI সমৰ্থিত প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে ৷ আনহাতে আছু সমৰ্থিত 4 গৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে । এইবাৰ প্ৰথমবাৰৰ বাবে অগপৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ ৩ গৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

ইপিনে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ABVP আৰু এবছুৰ এগৰাকীকৈ সমৰ্থিত প্ৰাৰ্থীয়ে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰসন্থাৰ নিৰ্বাচনত (Gauhati University PGSU election)। ঘোষিত ফলাফল অনুযায়ী স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থী সকল ক্ৰমে-

সভাপতি পদত হেমেন কলিতা (আছু)

উপ-সভাপতি পদত নৱদ্বীপ বৰগোহাঞি (ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি)

সাধাৰণ সম্পাদকৰ পদত বিকি শৰ্মা (NSUI)

সহকাৰী সাধাৰণ সম্পাদকৰ পদত ৰশ্মি কলিতাই ( NSUI)

সাহিত্য সম্পাদকৰ পদত জ্ঞানপ্ৰতিম দেৱ শৰ্মা ( NSUI)

তৰ্ক সম্পাদকৰ পদত ভাস্বতী দেৱী ( অসম ছাত্ৰ পৰিষদ)

সংগীত সম্পাদকৰ পদত প্ৰত্যাশী কলিতাই ( আছু)

লঘু খেল সম্পাদকৰ পদত বিক্ৰম হাজৰিকাই (আছু)

খেল সম্পাদকৰ পদত গনেশ বড়ো ( NSUI)

ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদত আবিদ আৰমান তপদাৰ ( অসম ছাত্ৰ পৰিষদ)

ছাত্ৰী জিৰণি কোঠাৰ সম্পাদকৰ পদত মুন মল্লিক (ABVP)

শৰীৰ চৰ্চা সম্পাদকৰ পদত পল্লৱ হাজৰিকা( আছু)

সমাজ সেৱা বিভাগৰ সম্পাদকৰ পদত বিষুৱ মেধিয়ে (NSUI)

সংগীত সম্পাদকৰ পদত দীশা শৰ্মাই ( অসম ছাত্ৰ পৰিষদ)

গুৰু খেল সম্পাদকৰ পদত খৰমদাও বসুমতাৰী (ABSU)

উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ মুঠ ১৪ টা পদৰ বাবে ভোটগ্ৰহণ মঙলবাৰে অনুষ্ঠিত হৈছিল । নিৰ্বাচনত আছু, এন এছ ইউ আই, এ বি ভি পি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম ছাত্ৰ পৰিষদ আৰু এবছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰে । মুঠ ১৫ টা পদৰ বাবে ৩৫ মুঠ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । ইয়াৰে গুৰু খেল সম্পাদকৰ পদৰ প্ৰাৰ্থী গৰাকী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় । নিৰ্বাচনৰ ফলাফলক কেন্দ্ৰ কৰি গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয় ।

লগতে পঢ়ক : Gauhati University Election: গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন সমাপ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.