ETV Bharat / state

অতি সোনকালে আৰম্ভ হ'ব নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ OPD সেৱা

author img

By

Published : Dec 1, 2021, 9:13 PM IST

নলবাৰীৰ দক্ষিণ গাঁৱত নিৰ্মাণৰত অৱস্থাত থকা নলবাৰী মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে (CM Visit Nalbari Medical College Hospital)৷

CM Visit Nalbari Medical College Hospital
অতি সোনকালে আৰম্ভ হ'ব নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ OPD সেৱা

নলবাৰী, 1 ডিচেম্বৰ : বুধবাৰে নলবাৰীৰ দক্ষিণ গাঁৱত নিৰ্মাণৰত অৱস্থাত থকা নলবাৰী মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Dr. Himanta Biswa Sharma) । মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে (CM Visit Nalbari Medical College Hospital)৷

উল্লেখ্য যে, চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, নলবাৰী চিকিৎসা মহাবিদ্যালয়ত ২০২২ চনৰ পৰা আৰম্ভ হ'ব OPD সেৱা ৷ আনহাতে, ২০২৩ ৰ পৰা নামভৰ্তি কৰিব পাৰিব শিক্ষাৰ্থী সকলে ৷

অতি সোনকালে আৰম্ভ হ'ব নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ OPD সেৱা

প্ৰথমে ৬০০ ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা থাকিব চিকিৎসা মহাবিদ্যালয়খনত ৷ লগতে প্ৰথমে চিকিৎসা সেৱাত ১০০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব পাৰিব । তদুপৰি ১০০ খন ICU বিচনাৰ ব্যৱস্থা থাকিব বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ইফালে, উক্ত স্থানত কৰ্কট ৰোগীৰ বাবে নতুনকৈ এখন কৰ্কট ৰোগৰ চিকিৎসালয় নিৰ্মাণ কৰা হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । ক'ভিডৰ নতুন প্ৰকাৰ অ’মিক্ৰণক লৈয়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুুখ্যমন্ত্ৰীয়ে কয়, ৫ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব প্ৰথম পালি ক'ভিড ভেকচিন(Covid Vaccine News) প্ৰদান প্ৰক্ৰিয়া ৷ ১০ ডিচেম্বৰত অসম ক'ভিডৰ প্ৰথম পালি ভেকচিন সম্পূৰ্ণ হোৱা ৰাজ্য হ'ব বুলি কয় ড৹ শৰ্মাই ৷

লগতে নীৰজ দাসৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, বেয়া কাম কৰিলে ৰিজাল্ট একে হৈ যায় । অসমত অপৰাধ আৰু অপৰাধীৰ স্থান নোহোৱা হ'ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক: Double Murder in Dibrugarh : মলখুবচাৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰাজীৱ চুংক্ৰাঙক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.