ETV Bharat / state

Double Murder in Dibrugarh : মলখুবচাৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰাজীৱ চুংক্ৰাঙক গ্ৰেপ্তাৰ

author img

By

Published : Dec 1, 2021, 5:50 PM IST

Double Murder in Dibrugarh
মলখুবচাৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰাজীৱ চুংক্ৰাঙক গ্ৰেপ্তাৰ

মলখুবচাত লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযুক্ত ৰাজীৱ চুংক্ৰাঙক গ্ৰেপ্তাৰ (Main accused in Double murder) । ভাড়াঘৰৰ মালিক সুধীৰ গগৈ আৰু পত্নী কাজল চুংক্ৰাং ভূমিজক হত্যা কৰি হত্যাকাৰী ৰাজীৱ চুংক্ৰাঙে কণমানি কণ্যাক লৈ পলাই গৈছিল নিজ গৃহ শদিয়ালৈ ।

মৰাণ, 1 ডিচেম্বৰ : ডিব্ৰুগড়ৰ বৈৰাগীমঠ মলখুবচাত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰাজীৱ চুংক্ৰাঙক গ্ৰেপ্তাৰ (Main accused in Double murder) । ভাড়াঘৰৰ মালিক সুধীৰ গগৈ আৰু পত্নী কাজল চুংক্ৰাং ভূমিজক হত্যা কৰি হত্যাকাৰী ৰাজীৱ চুংক্ৰাঙে কণমানি কণ্যাক লৈ পলাই গৈছিল নিজ গৃহ শদিয়ালৈ । আৰক্ষীয়ে ক্ষীপ্ৰতাৰে চলোৱা অনুসন্ধানত গ্ৰেপ্তাৰ হয় ৰাজীৱ চুংক্ৰাং ৷

এক সূত্ৰৰ তথ্যৰ ভিত্তিত শদিয়া আৰক্ষীৰ সহযোগত ডিব্ৰুগড় আৰক্ষীয়ে(Dibrugarh Police) চলাইছিল অভিযান । অভিযান চলাই নিশাই আটক কৰি হত্যাকাৰী ৰাজীৱক ডিব্ৰুগড় আৰক্ষীয়ে সদৰ থানালৈ অনা হয় ৷ বুধবাৰে দুপৰীয়া ভাগত থানাৰ পৰা আৰক্ষীয়ে আদালতলৈ নিয়াৰ সময়ত সাংবাদিকৰ কেমেৰা আগত হত্যাকাণ্ডটো সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে অভিযুক্ত ৰাজীৱে ৷

মলখুবচাৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰাজীৱ চুংক্ৰাঙক গ্ৰেপ্তাৰ

ৰাজীৱে ঘটনা সন্দৰ্ভত কয়, পত্নীক ভাড়াঘৰৰ মালিকৰ লগত অসংযত অৱস্থাত প্ৰত্যক্ষ কৰাৰ বাবে হত্যা কৰা হ'ল সুধীৰ গগৈক ৷ কিন্তু নিজ পত্নীক হত্যা কৰা নাই ৷ পত্নীৰ কেনেকে কি হ'ল নাজানো বুলি কয় ৰাজীৱে ৷

উল্লেখ্য যে, আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, বুধবাৰে ৰাজীৱক আদালতত হাজিৰ কৰি জেললৈ প্ৰেৰণ কৰা হ'ব । অৱশ্যে সমগ্ৰ ঘটনাটো অত্যাধিক মদ্যপানৰ বাবেই সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: Mob lynching in Jorhat : যোৰহাট কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যুৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.