ETV Bharat / sports

অৱসৰ ঘোষণা নকৰিলেও দীনেশ কাৰ্তিকক গাৰ্ড অব অনাৰ আৰ চি বিৰ - Dinesh Karthik retirement

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 4:02 PM IST

Dinesh Karthik retirement: মুকলিকৈ ঘোষণা নকৰিলেও ইতিমধ্যে আই পি এলৰ পৰা অৱসৰ লোৱাৰ ইংগিত দিছে আৰ চি বিৰ উইকেটকীপাৰ-বেটছমেন দীনেশ কাৰ্তিকে । সম্ভৱত: বুধবাৰে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে তেওঁৰ অন্তিম আই পি এল মেচ আছিল । খেলৰ পিচতে আৰ চি বিৰ খেলুৱৈসকলে কাৰ্তিকক বিশেষ সম্ভাষণ জনোৱা দেখা গৈছে ।

Dinesh Karthik retirement
অৱসৰ ঘোষণা নকৰিলেও দীনেশ কাৰ্তিকক গাৰ্ড অব অনাৰ আৰচিবিৰ (IANS)

স্পৰ্টছ ডেস্ক,২৩ মে': চলিত আইপিএল ছিজনৰ এলিমিনেটৰ ৰাউণ্ডত বুধবাৰে ৰাজস্থানৰ হাতত পৰাস্ত বেংগালুৰু । লগে লগে আইপিএল খিতাপ লাভৰ আন এক সপোন ভংগ হ'ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ আৰু আইপিএল ছিজনৰ অভিযানো সমাপ্ত হ'ল আৰচিবিৰ । আৰচিবিৰ অনুৰাগীৰ বাবে ই হতাশাজনক আছিল । অৱশ্যে আন এটা কাৰণত আৰচিবিৰ অনুৰাগীক দুখিত কৰে । সেয়া হৈছে দীনেশ কাৰ্তিকৰ অৱসৰ ।

উল্লেখ্য যে বুধবাৰে দীনেশ কাৰ্তিকে আইপিএলৰ অন্তিমখন খেল খেলে । খেলৰ অন্তত কাৰ্তিকে খেলপথাৰত দৰ্শক তথা অনুৰাগীসকলক সম্বোধন কৰাৰ লগে লগে সকলো আৱেগিক হৈ পৰে । কাৰ্তিকে গ্লোভছ খুলি অনুৰাগীসকলক সম্ভাষণ জনায় । ইফালে আৰচিবি দলটোৰ বাবেও আৱেগিক আছিল এই মুহূৰ্ত । প্ৰতিগৰাকী খেলুৱৈয়ে কাৰ্তিকক সাৱটি ধৰি অভিনন্দন জনায় । বিৰোট কোহলীয়েও কাৰ্তিকক সাৱটি ধৰে আৰু তেওঁক সম্ভাষণ জনায় । অৱশ্যে অৱসৰৰ কথা দীনেশ কাৰ্তিকে মুকলিভাৱে ঘোষণা নকৰিলেও লাইভ কমেণ্ট্ৰিৰ সময়ত কাৰ্তিকৰ এয়া অন্তিম আইপিএল ছিজন বুলি কোৱা হৈছিল ।

উল্লেখ্য যে আৰচিবিৰ বাবে দীনেশ কাৰ্তিকৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছে । বিশেষকৈ এই ছিজনটোত কাৰ্তিকে ডেথ অভাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তেওঁৰ ষ্ট্ৰাইক ৰেটও অন্তিম অভাৰত যথেষ্ট উন্নত আছিল । কাৰ্তিকে আইপিএলৰ ২৫৭ খন মেচ খেলিছে । য'ত তেওঁৰ মুঠ ৰাণ ৪,৮৪২ । ইয়াত খেলুৱৈগৰাকী ২২ টা অৰ্ধশতকো আছে ।

১৭ বছৰতকৈও অধিক সময় ধৰি চলি থকা আইপিএলৰ কেৰিয়াৰত কাৰ্তিকে ৬ টা ফ্ৰেঞ্চাইজিৰ হৈ খেলিছে । ২০০৮ চনত উদ্বোধনী ছিজনত তেওঁ দিল্লী ডেয়াৰডেভিলছ (বৰ্তমান দিল্লী কেপিটেলছ)ৰ সৈতে খেলিছিল । ২০১১ চনত তেওঁ পাঞ্জাবলৈ স্থানান্তৰিত হয় আৰু তাৰ পিচত মুম্বাই ইণ্ডিয়ানছ, গুজৰাট লায়েন্স, কলকাতা নাইট ৰাইডাৰ্ছ আৰু আৰচিবিৰ হৈ খেলে ।

কাৰ্তিকে চলিত ছিজনৰ শেষলৈ ১৫ খন মেচত ৩২৬ ৰাণ সংগ্ৰহ কৰে । কাৰ্তিকৰ ষ্ট্ৰাইক ৰেট আছিল ১৮৭.৩৬ । কাৰ্তিকে অৱসৰৰ বিষয়টোত এতিয়াও মুখ খোলা নাই যদিও বুধবাৰে খেলৰ অন্তত তেওঁৰ শাৰীৰিক ভংগীমাই সেই কথাই স্পষ্ট কৰে । অৱশ্যে কাৰ্তিক আৰু আৰচিবিৰ অনুৰাগীসকলে তেওঁৰ অনাগত ছিজনটো একেটা ফ্ৰেঞ্চাইজিৰ হৈয়ে খেলাৰ আশা কৰিছে ।

লগতে পঢ়ক :আই পি এলৰ ইতিহাসত ৮০০০ ৰান সংগ্ৰহেৰে কোহলীয়ে গঢ়িলে অভিলেখ - 8000 Runs In IPL History
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.