ETV Bharat / sports

আই পি এলৰ ইতিহাসত ৮০০০ ৰান সংগ্ৰহেৰে কোহলীয়ে গঢ়িলে অভিলেখ - 8000 Runs in IPL History

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 10:48 PM IST

Virat Kohli new record: আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ৰাজস্থান ৰয়েলছৰ মাজত এলিমিনেটৰ মেচখনত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত ৮ হাজাৰ ৰান সংগ্ৰহ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয় বিৰাট কোহলী ।

Virat Kohli new record
Virat Kohli (ANI)

নিউজ ডেস্ক, ২২ মে’: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ ইতিহাসত ৮০০০ ৰান সম্পূৰ্ণ কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ (আৰ চি বি) বেটছমেন বিৰাট কোহলী । বুধবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ২০২৪ৰ আৰ চি বি আৰু ৰাজস্থান ৰয়েলছ (আৰ আৰ) ৰ মাজত এলিমিনেটৰ মেচখনত কোহলীয়ে এই উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰে ।

কোহলীয়ে মেচখনত ২৯ ৰান সংগ্ৰহ কৰি এই অভিলেখত উপনীত হয় । ৰাইট আৰ্ম পেচাৰ সন্দীপ শৰ্মাৰ ষষ্ঠ অভাৰৰ পঞ্চমটো ডেলিভাৰীত ডিপ মিড উইকেটৰ মাজেৰে ফ্লিক খেলিছিল কোহলীয়ে । তেওঁ ২৫২ খন মেচ খেলি এই অভিলেখ অৰ্জন কৰিছে ৷

লগতে পঢ়ক: একেখন খেলপথাৰতে ১০০ খন টি-২০ খেলাৰ কৃতিত্ব অৰ্জন বিৰাট কোহলীৰ - Virat Kohli Remarkable Feat

এই অভিলেখৰ পূৰ্বে কোহলীয়ে ২৫১ খন মেচত ২৪৩ টা ইনিংছত ৭,৯৭১ ৰান সংগ্ৰহ কৰিছিল কোহলীয়ে । লাভজনক লীগত দিল্লী কেপিটেলছ (ডি চি)ৰ অ’পেনাৰ ডেভিদ ৱাৰ্নাৰ (৬২)ৰ পিছতে দ্বিতীয় সৰ্বাধিক ৫৫টা অৰ্ধশতক অৰ্জন কৰাৰ অভিলেখো ৰচনা কৰিছে কোহলীয়ে ৷

চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে পূর্বৰ খেলখনত আই পি এলৰ ইতিহাসত ৭০০ বাউণ্ডেৰী কোবোৱা পৰা দ্বিতীয়জন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় । পঞ্জাব কিংছৰ অধিনায়ক শিখৰ ধাৱনে ৭৬৮ টা বাউণ্ডেৰীৰে শীৰ্ষ স্থানত আছে ৷ লগতে তেওঁ আই পি এলত একক স্থানত ৩ হাজাৰ ৰান সংগ্ৰহ কৰা একমাত্ৰ বেটছমেন হোৱাৰো কৃতিত্ব অৰ্জন কৰে ।

লগতে পঢ়ক: আই পি এলৰ 250 খন মেচ খেলা প্ৰথমগৰাকী খেলুৱৈত পৰিণত বিৰাট কোহলী - IPL 2024

দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলখনত ৩৫ বছৰীয়া কোহলীয়ে আই পি এলৰ ইতিহাসত একক ফ্ৰেঞ্চাইজিৰ বাবে ২৫০খন খেল খেলা একমাত্ৰ খেলুৱৈ হিচাপে পৰিগণিত হয় । চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী (২৬৪), মুম্বাই ইণ্ডিয়ানছৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা (২৫৬) আৰু তেওঁৰ সতীৰ্থ দীনেশ কাৰ্তিক (২৫৪)ৰ পিছতে এই মাইলৰ খুঁটিত উপনীত হোৱা চতুৰ্থগৰাকী বেটছমেন হৈছে কোহলী ৷

আৰ চি বিৰ হৈ বিৰাটে ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰি আহিছে যদিও ১৬ বছৰ ধৰি আই পি এল ট্ৰফী হাতত ল’ব পৰা নাই তেওঁ । কোহলী আধুনিক যুগৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন আৰু ভাৰতীয় দলক অধিনায়কত্বও কৰিছিল ।

লগতে পঢ়ক: আই পি এল 2024 ৰ প্লে’ অফত আৰচিবি; কোহলী-অনুষ্কাৰ চকুত চকুলো কিয় ? - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.