ETV Bharat / bharat

Fire in Parliament House : সংসদ ভৱনৰ এটা কোঠাত অগ্নিকাণ্ড

author img

By

Published : Dec 1, 2021, 3:34 PM IST

Updated : Dec 1, 2021, 7:53 PM IST

বুধবাৰে পুৱা সংসদ ভৱনৰ এটা কোঠাত জুইৰ সূত্ৰপাত হয়(Fire breaks out in Parliament House) । অৱশ্যে, ১০ মিনিটৰ ভিতৰতে জুই নুমুৱাবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে । সংসদ ভৱনৰ ৫৯ নং কোঠাত সংঘটিত হয় এই অগ্নিকাণ্ড ।

Minor fire in a room of Parliament House
সংসদ ভৱনৰ এটা কোঠাত অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ: সংসদ ভৱনৰ কোঠাত সংঘটিত হ'ল এক অগ্নিকাণ্ডৰ ঘটনা । বুধবাৰে পুৱা প্ৰায় ৮ বজাত সংসদ ভৱনৰ ৫৯ নং কোঠাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়(Minor fire in Parliament building) । অৱশ্যে জুই আন কোঠালৈ বিয়পি পৰাৰ পূৰ্বেই অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয় । মাত্ৰ ১০ মিনিটৰ ভিতৰতে অগ্নি নিৰ্বাপন কৰা হয়(Parliament House fire doused) ।

এই অগ্নিকাণ্ডত কোঠাটোত থকা চকী, মেজ, কম্পিউটাৰৰ লগতে আন কিছুমান সামগ্ৰীও জ্বলি গৈছে বুলি জানিব পৰা গৈছে । অগ্নি নিৰ্বাপক বাহিনীৰ এজন বিষয়াই জনোৱা অনুসৰি, জুই ভয়াৱহ নাছিল আৰু পুৱা ৮.১০ বজা পৰ্যন্ত সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছিল । অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই বিষয়াজনে মন্তব্য কৰে । লক্ষণীয়ভাৱে, সংসদৰ শীতকালীন অধিৱেশন যোৱা ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে ।

২৩ ডিচেম্বৰলৈ অধিৱেশন চলি থাকিব । শীতকালীন অধিৱেশনত দেশৰ ৰাজনৈতিক দলৰ প্ৰায়বোৰ শীৰ্ষ নেতা উপস্থিত থাকে ।

বিষয়াজনে জনায় যে, যিকোনো ধৰণৰ অঘটনৰ পৰা ৰক্ষা কৰাৰ বাবে সংসদৰ বাহিৰত সদায়ে অগ্নিনিৰ্বাপক বাহিনী তৎপৰ হৈ থাকে । তেওঁ জনোৱা মতে, এইবাৰো অগ্নিকাণ্ড সংঘটিত হোৱাৰ বিষয়ে তথ্য লাভ কৰাৰ লগে লগে বাহিৰত সষ্টম হৈ থকা অগ্নিনিৰ্বাপক বাহিনীয়ে উক্ত কোঠাটোত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰাত লাগে । অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত ১০ মিনিটৰ ভিতৰতে অগ্নি নিৰ্বাপিত হয় ।

লগতে পঢ়ক:MP Suspension From Rajya Sabha: নিলম্বন প্ৰত্যাহাৰ নহ'লে সদন বৰ্জন কৰিব বিৰোধীয়ে !

Last Updated :Dec 1, 2021, 7:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.