ETV Bharat / state

Air Marshal D K Patnaik at Tezpur : তেজপুৰৰ বায়ুসেনা ষ্টেচনত IAF ৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী

author img

By

Published : Dec 2, 2021, 10:45 AM IST

ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী এয়াৰ মাৰ্শ্বেল ডি কে পাটনায়কে পৰিদৰ্শন কৰে তেজপুৰৰ বায়ু সেনাৰ ঘাটিসমূহ (Air Marshal D K Patnaik at Tezpur)। এয়াৰ মাৰ্শ্বেলগৰাকীয়ে অৰুণাচলৰ ৰাজ্যপাল বি ডি মিশ্ৰকো সাক্ষাৎ(D K Patnaik met Governor of arunachal pradesh) কৰে ।

Air Marshal Patnaik
IAFৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বীৰ পৰিদৰ্শন তেজপুৰৰ বায়ুসেনা ষ্টেচন

তেজপুৰ, ২ ডিচেম্বৰ : ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী এয়াৰ মাৰ্শ্বেল ডি কে পাটনায়কে ৩০ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ উত্তৰ-পূৰ্বাঞ্চলৰ বায়ু সেনাৰ ষ্টেচনসমূহৰ লগতে তেজপুৰৰ বায়ুসেনাৰ ঘাটি পৰিদৰ্শন কৰে (Air Marshal Patnaik visited AOC Tezpur)। এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চীফে অৰুণাচল প্ৰদেশৰ জিৰ’ৰ এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড (ALG) পৰিদৰ্শন কৰে (Air Marshal Patnaik visited ALG in Ziro)। য'ত তেওঁ এএলজিৰ আন্তঃগাঁথনিসমূহ পৰ্যালোচনা কৰে আৰু বায়ুসেনাৰ জোৱানসকলৰ সৈতে বাৰ্তালাপ কৰে ।

উত্তৰ-পূৰ্বাঞ্চলৰ দুটা বায়ু সেনা কেন্দ্ৰ ভ্ৰমণৰ সময়ত এয়াৰ মাৰ্শ্বেলগৰাকীক বায়ুসেনাৰ ঘাটিসমূহৰ যুদ্ধৰ সম্ভাৱনা বৃদ্ধিৰ লক্ষ্যৰে চলি থকা আধুনিক আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ বিষয়ে অৱগত কৰা হয় । এয়াৰ মাৰ্শ্বেল ডি কে পাটনায়কে উক্ত কেন্দ্ৰসমূহত ষ্টেচনৰ কৰ্মচাৰীসকলক সম্বোধন আৰু বাৰ্তালাপ কৰে ৷ তদুপৰি তেওঁলোকক সকলো কাৰ্যকৰী তৎপৰতাৰ উচ্চ মানদণ্ড বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে ।

Air Marshal Patnaik
IAFৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বীৰ পৰিদৰ্শন তেজপুৰৰ বায়ুসেনা ষ্টেচন

উল্লেখ্য যে, বায়ুসেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতে এয়াৰ মাৰ্শ্বেলগৰাকীয়ে প্ৰথমবাৰৰ বাবে তেজপুৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ঘাটিসমূহ পৰিদৰ্শন কৰে ।

ইয়াৰ মাজতে তেওঁ অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেদিয়েৰ অৱসৰপ্ৰাপ্ত বি ডি মিশ্ৰক ৰাজভৱনত সাক্ষাৎ কৰে (D K Patnaik met Governor of arunachal pradesh) ৷ ৰাজ্যখনৰ যুৱকসকলক বায়ুসেনাত অন্তৰ্ভুক্ত কৰাৰ বাবে এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যপালগৰাকীক আহ্বান জনায় মাৰ্শ্বেলগৰাকীয়ে ।

Air Marshal Patnaik
অৰুণাচল প্ৰদেশৰ ৰাজ্যপালক সাক্ষাৎ

লগতে পঢ়ক : ডি কে পাটনায়কে পৰিদৰ্শন কৰিলে পাছিঘাটৰ এডভান্স লেংডিং গ্ৰাউণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.