ETV Bharat / state

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Nov 19, 2022, 5:04 PM IST

5 বজাৰ 10 টা শীৰ্ষ বাতৰি

5 বজাৰ 10 টা শীৰ্ষ বাতৰি
5 বজাৰ 10 টা শীৰ্ষ বাতৰি

Satyendar Jain viral video: কাৰাগাৰৰ ভিতৰত দিল্লীৰ মন্ত্ৰীয়ে লৈছে মালিচ, কেজৰিৱাল চৰকাৰক বিজেপিৰ আক্ৰমণ

তিহাৰ কাৰাগাৰৰ ভিতৰত বন্দী হৈ থকা দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনক আন কয়েদীয়ে দিছে মালিচ । সামাজিক মাধ্যমত ভাইৰেল কাৰাগাৰৰ ভিতৰৰ ভিডিঅ'টো (Satyendar Jain viral video)। ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে দিল্লী চৰকাৰক তীব্ৰ সমালোচনা বিৰোধী বিজেপিৰ ।

sukesh chandrashekhar new letter: সুকেশৰ ইখনৰ পাছত সিখন চিঠিয়ে জোকাৰিছে ‘আপ’ৰ বৰঘৰ

প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে পুনৰ এখন পত্ৰৰ জৰিয়তে আপ দলৰ বিৰুদ্বে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷ দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ (sukesh chandrashekhar new letter)। অভিযোগযোগে কোৱা হৈছে যে সত্যেন্দ্ৰ জৈনে ২০১৭ চনত প্ৰৱঞ্চকটোৰ পৰা ২ কোটি ডলাৰ (বিটকইনৰ অংশ) টকালৈ ৰূপান্তৰিত কৰিবলৈ সহায় বিচাৰিছিল । আপৰ বিৰুদ্ধে আন এখন পত্ৰ প্ৰকাশ কৰি প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে কাৰাবন্দী দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনক লৈ চাঞ্চল্যকৰ দাবী উত্থাপন কৰে।

Union Minister Sarbananda Sonowal:দুদিনীয়া কাৰ্যসূচীৰে বৰাকত সৰ্বানন্দ সোণোৱাল

আজি দুপৰীয়া শিলচৰত উপস্থিত হ'ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Minister Sarbananda Sonowal) । বদৰপুৰত থকা সময়ত তেওঁ জাহাজঘাট পৰিদৰ্শন কৰিব ।

Corruption in Govt Scheme: লালা উন্নয়ন খণ্ডত MGNREGA আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ

ৰাজ্য চৰকাৰে কাটিব পৰা নাই দুৰ্নীতি তথা অনিয়মৰ পোখা ৷ এই দুৰ্নীতি তথা অনিয়ম সংঘটিত হৈছে হাইলাকান্দিৰ লালা উন্নয়ন খণ্ডত (Corruption in MGNREGA scheme in Hailakandi)৷ এই অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷

Rama Kanta Dewri eviction controversy : বন বিভাগৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য ৰমাকান্ত দেউৰীৰ

পুনৰ বিস্ফোৰণ ঘটালে ৰমাকান্ত দেউৰীয়ে । এইবাৰ বন বিভাগৰ লোকক যাঠী, দা লৈ আক্ৰমণ কৰিবলৈ আহ্বান জনালে বিধায়কগৰাকীয়ে (Rama Kanta Dewri reacts over eviction)। ভূমিপুত্ৰ, জাতীয় সংগঠনক বন বিভাগৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান বিজেপি বিধায়কগৰাকীৰ ।

Drugs Peddler arrested: ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ বুজন পৰিমাণৰ ড্ৰাগছ

গুৱাহাটী ৰেল ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ (Rajdhani Express) পৰা জব্দ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী । গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ৰেল আৰক্ষীয়ে শনিবাৰে পুৱা প্ৰায় ৭.১০ বজাত ৰাজধানী এক্সপ্ৰেছত অভিযান চলায় জব্দ কৰে ড্ৰাগছখিনি ।

Municipal employees protest: বিভিন্ন দাবীৰে হোজাইৰ পৌৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

হোজাইত চহৰখনৰ পৌৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ (Municipal employees protest)। শনিবাৰে প্ৰায় দুই শতাধিক পৌৰ কৰ্মচাৰীয়ে জিলা উপাযুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰিলে প্ৰতিবাদ (Protest in front of DC Office)। পৌৰ কৰ্মচাৰীসকলে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে উপাযুক্ত কাৰ্যালয়ৰ চৌহদ ৷

Lachit Borphukan Handang: আউনিআটী সত্ৰত আজিও আছে লাচিতৰ হেংদাং

লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ (Birth anniversary of Lachit Borphukan) প্ৰাকক্ষণত চৰ্চাত মাজুলীৰ ঐতিহাসিক আউনিআটী সত্ৰ । সত্ৰখনত আজিও সংৰক্ষিত হৈ আছে লাচিত বৰফুকনে শৰাইঘাটৰ ৰণত ব্যৱহাৰ কৰা হেংদাং । আহোম স্বৰ্গদেউসকলে দিয়া বিভিন্ন সামগ্ৰীও ৰখা হৈছে সত্ৰৰ যাদুঘৰত ।

Bhabesh Kalita slams Hagrama Mahilari: সেৱাৰ নামত ধৰ্মটো কিয় লৈ যায়: ভৱেশ কলিতা

হাগ্ৰামা মহিলাৰীৰ ধৰ্মান্তৰকৰণ সন্দৰ্ভত মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ(Bhabesh Kalita react on Hagrama comments) । তেওঁ কয়, "পত্ৰখন মই চোৱা নাই, ধৰ্মান্তকৰণ বন্ধ হব লাগে,সেৱাৰ নামত ধৰ্মটো কিয় লৈ যায়, দুখীয়া দ্ৰৰিদ্ৰৰ সুযোগ লৈ ধৰ্মান্তৰকৰণ কৰিব এইটো সম্ভৱ নহয় ৷" নলবাৰীৰ বৰ আজাৰাত অনুষ্ঠিত হোৱা ৰাজ্যিক বিজেপিৰ এখন গুৰুত্বপূৰ্ণ বিষয়ববীয়া সভাত উপস্থিত হৈ এই মন্তব্য ভৱেশ কলিতাৰ ।

Fraudster arrested in Nalbari: কেইবাখনো বিলাসী বাহনসহ আটক প্ৰৱঞ্চক

নলবাৰীত আৰক্ষীৰ জালত প্ৰৱঞ্চক(Fraudster arrested in Nalbari) । প্ৰৱঞ্চকটোৰ নাম ইন্দ্ৰজিৎ দাস । কেইবাখনো বিলাসী বাহন জব্দ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.