ETV Bharat / state

সংগীতা দত্ত-ৱালিউল ইছলামৰ বিৰুদ্ধে চূড়ান্ত অভিযোগনামা দাখিল - Child Abuse Case Guwahati

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 4:57 PM IST

Sangeeta Datta And Waliul Islam : সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে আৰক্ষীয়ে দাখিল কৰিলে চূড়ান্ত অভিযোগনামা ৷ অভিযুক্ত কৰা হৈছে ৫ গৰাকীক ৷ দুটি শিশুক যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত চিকিৎসক দম্পতীটো ৷

Sangeeta Datta And Waliul Islam
চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলাম (Photo source: Sangeeta Datta facebook profile)

গুৱাহাটী, ২৩ মে’ : শিশু নিৰ্যাতনৰ গোচৰত অভিযুক্ত বিতৰ্কিত চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে অৱশেষত মহানগৰ আৰক্ষীয়ে আদালতত চূড়ান্ত অভিযোগনামা দাখিল কৰে ৷ বিতৰ্কিত চিকিৎসক দম্পতীটোক গ্ৰেপ্তাৰৰ প্ৰায় এবছৰ মূৰত আৰক্ষীয়ে শিশু নিৰ্যাতনৰ গোচৰৰ চূড়ান্ত অভিযোগনামা মহানগৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰিছে ।

নিজৰ তোলনীয়া সন্তানক নিৰ্যাতন চলোৱাৰ অভিযোগত চিকিৎসক দম্পতীটোক পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৫৮ দিনৰ মূৰত যোৱা বছৰ ৪ জুলাইত গুৱাহাটীস্থ পক্‌ছ’ বিশেষ আদালতত অভিযোগনামা দাখিল কৰিছিল ।

উল্লেখ্য যে আদালতত দাখিল কৰা অভিযোগনামাত আৰক্ষীয়ে অভিযুক্ত কৰিছে ৫ গৰাকীক । ডাঃ সংগীতা দত্ত, ৱালিউল ইছলাম, উৎপলা বসুৰ উপৰিও দুই ব্যক্তিগত সহায়ককো অভিযুক্ত কৰা হৈছে ।

চিকিৎসক দম্পতীটোৰ বিৰুদ্ধে 201/2023 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 307, 325, 326, 341, 506, 307(5/80) জামিনবিহীন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ৷ সম্প্ৰতি অভিযুক্ত চিকিৎসক দম্পতীটো গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে বন্দী হৈ আছে ৷

যোৱা‌ বছৰ‌ৰ ৫ মে’ত ডাঃ ৱালিউল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৬ মে’ৰ মাজনিশা খানাপাৰাৰ গ্ৰীণউড ৰিজ’ৰ্টৰ পিছফালে এগৰাকী বান্ধৱীৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ডাঃ সংগীতা দত্তক ৷ পৰৱৰ্তী সময়ত শিশু আশ্ৰয়গৃহৰ কতৃৰ্পক্ষৰ অনুসন্ধানত চিকিৎসক দম্পতীয়ে অবৈধভাৱে তুলি লোৱা সন্তান দুটি যৌন নিৰ্যাতনৰ বলি হোৱাৰ ভয়ংকৰ ঘটনাটো পোহৰলৈ আহিছিল ।

মন কৰিবলগীয়া যে সংগীতা দত্ত আৰু ৱালিউল ইছলামে কেবাবাৰো জামিন‌ৰ বাবে আৱেদন কৰিছে যদিও আদালতে সেই আৱেদন নাকচ কৰিছে ।

লগতে পঢ়ক: ভয়চ চেম্পলে বিপদ মাতিব নেকি সংগীতা-ৱালিউলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.