Rama Kanta Dewri eviction controversy : বন বিভাগৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য ৰমাকান্ত দেউৰীৰ

author img

By

Published : Nov 19, 2022, 4:43 PM IST

Rama Kanta Dewri

পুনৰ বিস্ফোৰণ ঘটালে ৰমাকান্ত দেউৰীয়ে । এইবাৰ বন বিভাগৰ লোকক যাঠী, দা লৈ আক্ৰমণ কৰিবলৈ আহ্বান জনালে বিধায়কগৰাকীয়ে (Rama Kanta Dewri reacts over eviction)। ভূমিপুত্ৰ, জাতীয় সংগঠনক বন বিভাগৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান বিজেপি বিধায়কগৰাকীৰ ।

মৰিগাঁও,১৯ নৱেম্বৰ : পুনৰ বিস্ফোৰণ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ (Rama Kanta Dewri is in controversy)। উচ্ছেদ চলাবলৈ অহা বন বিভাগৰ লোকক আক্ৰমণৰ আহ্বান বিধায়কগৰাকীৰ । ভূমিপুত্ৰক উচ্ছেদ চলাবলৈ অহা বন বিভাগৰ বিষয়াক লাঠি আৰু দাৰে বাধা দিবলৈও ৰাজহুৱাকৈ একপ্ৰকাৰ উচটনিমূলক মন্তব্য কৰিলে বিধায়কগৰাকীয়ে (Provocative remarks of Rama Kanta Dewri)।

ৰমাকান্ত দেউৰী আৰু বিতৰ্ক যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । য'তে যায় কেৱল বিতৰ্ক কৰিয়ে যেন ভালপায় বিধায়কগৰাকীয়ে । গীত গায় যদি কেতিয়াবা চৰ্চাত থাকে কেতিয়াবা আকৌ ৰাজনৈতিক মন্তব্যৰে চৰ্চাত থাকিবলৈ চেষ্টা কৰে নেতাগৰাকীয়ে । এইবাৰ চৰকাৰৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য কৰিলে বিধায়কগৰাকীয়ে ।

বন বিভাগৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য ৰমাকান্ত দেউৰীৰ

তিৱা যুৱ ছাত্ৰ পৰিষদৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অংশগ্ৰহণ কৰি পাহাৰৰ তথা বন বিভাগৰ ভূমিত বসবাস কৰা লোকসকলক বিশেষ আহ্বান জনালে বিধায়কগৰাকীয়ে । বনাঞ্চলত চৰকাৰ তথা প্ৰশাসনে উচ্ছেদ চলাবলৈ যোৱাৰ সময়ত লোকসকলক অস্ত্ৰ লৈ প্ৰশাসনৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনালে ।

ৰমাকান্ত দেউৰীৰ আহ্বান, "প্ৰশাসনৰ লোকে যদি জোৰ-জবৰদস্তি কৰি উঠায় দিয়ে তেতিয়া আমি জোৰ-জবৰদস্তি কৰি থাকিব লাগিব । ফৰেষ্টৰ মাটিত যদি ভূমিপুত্ৰসকল বহে ফৰেষ্টৰ মানুহে যদি দিগদাৰ কৰে বিশেষকৈ মহিলাসকলে টুকুৰাকৈ কাটি দিবি অফিচাৰসকলক ।" কেৱল এয়াই নহয় অনুষ্ঠানত উপস্থিত থকা আছু আৰু বিভিন্ন সংগঠনৰ নেতাসকলকো উদ্দেশ্যি বিধায়কগৰাকীয়ে যাঠী, দা লৈ আগবাঢ়ি আহিবলৈ আহ্বান জনালে ।

যি সময়ত চৰকাৰে বনাঞ্চল আৰু চৰকাৰী ভূমিত থকা লোকসকলক উচ্ছেদ কৰাত গুৰুত্ব আৰোপ কৰিছে । তেনে সময়তে শাসকীয় পক্ষৰ এগৰাকী বিধায়কে এনেদৰে চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে থিয় দিবলৈ কৰা আহ্বানে সকলোকে আচৰিত কৰি তুলিছে (Rama kanta Dewri on eviction)। বিধায়কগৰাকীয়ে যি ধৰণে ৰাজহুৱাকৈ চৰকাৰী বিষয়া কৰ্মচাৰীক আক্ৰমণ কৰাৰ আহ্বান জনাইছে সেয়াও অতি স্পৰ্শকাতৰ বিষয় হৈ পৰিছে ।

মুঠতে এইবাৰ পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে বিধায়ক ৰমাকান্ত দেউৰীয়ে । অৱশ্যে সেয়া নিজৰ বাবে প্ৰচাৰ নে আন কিবা সেয়া সময়তহে লক্ষণীয় হ'ব । ইফালে শাসকীয় পক্ষৰ আন আন জ্যেষ্ঠ-কনিষ্ঠই ইয়াৰ কি প্ৰত্যুত্তৰ দিয়ে সেয়াও লক্ষণীয় হ'ব । ইয়াৰোপৰি এগৰাকী জনপ্ৰতিনিধিৰ মুখত এনেধৰণৰ উচটনিমূলক আহ্বান কিমান যুক্তিসংগত সেয়া সময়ে বিচাৰ কৰিব !

লগতে পঢ়ক :Bhabesh Kalita slams Hagrama Mahilari: সেৱাৰ নামত ধৰ্মটো কিয় লৈ যায়: ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.