Lachit Borphukan Handang: আউনিআটী সত্ৰত আজিও আছে লাচিতৰ হেংদাং

author img

By

Published : Nov 19, 2022, 1:22 PM IST

Updated : Nov 19, 2022, 2:59 PM IST

Auniati satra
আউনিআটী সত্ৰত আজিও আছে লাচিতৰ হেংদাং ()

লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ (Birth anniversary of Lachit Borphukan) প্ৰাকক্ষণত চৰ্চাত মাজুলীৰ ঐতিহাসিক আউনিআটী সত্ৰ । সত্ৰখনত আজিও সংৰক্ষিত হৈ আছে লাচিত বৰফুকনে শৰাইঘাটৰ ৰণত ব্যৱহাৰ কৰা হেংদাং । আহোম স্বৰ্গদেউসকলে দিয়া বিভিন্ন সামগ্ৰীও ৰখা হৈছে সত্ৰৰ যাদুঘৰত ।

মাজুলী,১৯ নৱেম্বৰ : অসম আৰু অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী (400th Lachit Divas)। এইবাৰ দেশৰ ৰাজধানী দিল্লীত উদযাপন কৰা হ'ব এই বিশেষ দিৱস । যাৰ বাবে ইতিমধ্যে চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে । কিন্তু ইয়াৰ মাজতে চৰ্চালৈ আহিছে ৰাজ্যৰ এখন বিশেষ সত্ৰ । য'ত আজিও সংৰক্ষিত হৈ আছে আহোম স্বৰ্গদেউসকলৰ বহু স্মৃতি । সত্ৰখনত আছে লাচিত বৰফুকনে ব্যৱহাৰ কৰা হেংদাং । সেই সত্ৰখন হৈছে মাজুলীৰ ঐতিহাসিক আউনিআটী সত্ৰ (Historical Auniati Satra)।

উল্লেখ্য যে মাজুলীৰ ঐতিহাসিক আউনিআটী সত্ৰ ১৬৫৩ চনতে প্ৰতিষ্ঠা হৈছিল । সেই সময়ত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই প্ৰতিষ্ঠা কৰিছিল এই সত্ৰখন । স্বৰ্গদেউ জয়ধ্বজ সিংহই ঐতিহাসিক সত্ৰখনক যি ধৰণে ৰজাঘৰীয়া পৃষ্ঠপোষকতা দিলে সেই পৰিৱেশতেই ঐতিহাসিক সত্ৰখন চলি আহিছে বুলি কোৱা হয় ।

আউনিআটী সত্ৰত আজিও আছে লাচিতৰ হেংদাং

তেতিয়াই সত্ৰখনলৈ ৰজাই মাটি-বাৰী, সা-সম্পত্তি আগবঢ়াইছিল । সেই পৰম্পৰা অনুসৰি সত্ৰখনলৈ পাছৰ স্বৰ্গদেউ বা ৰজাসকলেও বিভিন্ন ধৰণৰ সা-সম্পত্তি প্ৰদান কৰি আহিছে ।

স্বৰ্গদেউ ৰুদ্ৰ সিংহই সত্ৰখনক অসমীয়া জাতিৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক এখন হেংদাং প্ৰদান কৰিছিল । যিখন হেংদাং ব্যৱহাৰ কৰিছিল অসমীয়াৰ গৌৰৱ তথা মহান যোদ্ধা বীৰ লাচিত বৰফুকনে (Handang of Lachit is preserved in Auniati Satra)। যিখন হেংদাঙে সোঁৱৰাই দিয়ে ১৬৭১ চনৰ মাৰ্চ মাহৰ শৰাইঘাটৰ ৰণৰ কথা ।

উল্লেখ্য যে মোগল সেনাৰ বিৰুদ্ধে ১৬৭১ চনৰ মাৰ্চ মাহত ঐতিহাসিক শৰাইঘাটৰ ৰণত লাচিত বৰফুকনে ব্যৱহাৰ কৰিছিল এই হেংদাং । যিখন হেংদাঙে প্ৰমাণ কৰে ৰামসিংহৰ নেতৃত্বত অহা মোগল সেনাক পৰাভূত কৰা লাচিতৰ সাহসক । মাজুলীৰ আউনিআটী সত্ৰৰ যাদুঘৰত আজিও সংৰক্ষিত হৈ আছে আহোম সেনাপতি লাচিত বৰফুকনৰ সেই বিশেষ হেংদাং ।

৬ ফুট উচ্চতাৰ এখন বিশাল হেংদাং । যিয়ে আজিও সজীৱ কৰি তোলে শৰাইঘাটৰ ৰণৰ সেই সোণালী ইতিহাস । সেয়েহে অসমীয়া বীৰগৰাকীৰ ৪০০ বছৰীয়া জন্ম-জয়ন্তীৰ প্ৰাকক্ষণত আউনিআটী সত্ৰখন বিশেষভাৱে চৰ্চিত হৈ পৰিছে ।

লগতে পঢ়ক :Raha Love story: মৃত প্ৰেমিকা প্ৰাৰ্থনাৰ শিৰত সেন্দুৰ বুলালে বিতোপনে

Last Updated :Nov 19, 2022, 2:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.