ETV Bharat / entertainment

কাৰ আগমনত ছন অৱ্ চৰ্দাৰৰ পৰা বাহিৰ হ’ল সোনাক্ষী সিনহা ? - Comedy Drama son of sardaar 2

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 4:27 PM IST

Son of Sardaar 2 New Actress : সোনাক্ষী সিনহাক অজয় দেৱগণৰ আগন্তুক কমেডী ছবি ছন অৱ্ চৰ্দাৰ ২ ৰ পৰা আঁতৰাই দিয়া হৈছে আৰু এতিয়া তেওঁৰ স্থানত ছবিখনত প্ৰৱেশ কৰিছে টলীউড আৰু বলীউডৰ এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে ৷

Mrunal thakur replaces Sonakshi Sinha in Ajay Devgan Comedy Drama son of sardaar 2
অজয় দেৱগণ-সোনাক্ষী সিনহা (etv bharat)

চিটাৰা ডেস্ক, 23 মে’ : ২০১২ চনৰ অজয় দেৱগণৰ কমেডী ছবি ছন অৱ্ চৰ্দাৰৰ কথা সকলোৰে মনত আছে নিশ্চয় । ২০১২ চনৰ হিট আৰু সফল ছবিৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল ছন অৱ্ চৰ্দাৰ । ছন অৱ চৰ্দাৰৰ জৰিয়তে প্ৰথমবাৰৰ বাবে পাগুৰি পিন্ধি কেমেৰাৰ সন্মুখলৈ আহিছিল অজয় দেৱগণ আৰু অভিনেতাগৰাকীৰ কৌতুক অভিনয়ে অনুৰাগীসকলক হহুৱাবলৈ সক্ষম হৈছিল । এতিয়া ১২ বছৰৰ পাছত দ্বিতীয় খণ্ড অৰ্থাৎ ছন অৱ চৰ্দাৰৰ ছিকুৱেলৰ কথা চলি আছে । Son of Sardar 2 ৰ শেহতীয়া আপডেট অনুসৰি এতিয়া সোনাক্ষী সিনহাক ছবিখনৰ ছিকুৱেলৰ পৰা বাদ দিয়া হৈছে । এতিয়া দক্ষিণ আৰু বলীউডৰ ছবিত কাম কৰা এইগৰাকী অভিনেত্ৰীয়ে তেওঁৰ স্থানত প্ৰৱেশ কৰিছে ।

ছন অৱ্ চৰ্দাৰ ২ৰ কাষ্টিং আৰম্ভ

প্ৰাপ্ত তথ্য অনুসৰি, ছন অৱ্ চৰ্দাৰ 2ৰ কাষ্টিং আৰম্ভ হৈ গৈছে ৷ এইবাৰ ছবিখনত দৰ্শকে সোনাক্ষী আৰু অজয়ক একেলগে দেখা নাপায় ৷ সোনাক্ষীৰ ঠাইত থাকিব মৃণাল ঠাকুৰ ৷ অজয়ৰ সৈতে ৰোমাঞ্চ কৰিব মৃণাল ঠাকুৰে ৷ যদিহে মৃণালে অভিনয় কৰাৰ কথা সঁচা হয়, তেন্তে প্ৰথমবাৰৰ বাবে অজয় আৰু মৃণালে ছিলভাৰ স্ক্ৰীণ শ্বেয়াৰ কৰিব ৷ শুনিবলৈ পোৱা অনুসৰি সোনাক্ষী ছন অ্ৱ চৰ্দাৰ ২ৰ কাহিনীৰ লগত খাপ খোৱা নাই যেন অনুমান হৈছে নিৰ্মাতাৰ ।

সঞ্জয় দত্তৰ ঠাইত ছানী দেওল

কিন্তু, এতিয়ালৈকে মৃণালৰ ছবিখনত প্ৰৱেশ আৰু সোনাক্ষী ছবিখনৰ পৰা আঁতৰি যোৱা সন্দৰ্ভত নিৰ্মাতাসকলে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । আগন্তুক সময়ত অজয় ​​দেৱগণে ছবিখনৰ শ্বুটিং আৰম্ভ কৰাৰ কথা । বৰ্তমান অজয়ে একশ্যন পৰিচালক ৰোহিত শ্বেট্টীৰ কপ ইউনিভাৰ্ছ ছবি সিংঘম এগেইনৰ শ্বুটিং কৰি আছে । আনহাতে অন্য এটা উৎসৰ পৰা জানিব পৰা অনুসৰি সঞ্জয় দত্তৰ পৰিৱৰ্তে ছানী দেওলে ছন অৱ্ চৰ্দাৰ ২ ছবিখনত স্থান লাভ কৰিব পাৰে ।

লগতে পঢ়ক : ইউটিউবত ভিডিঅ’ বনাই মাত্ৰ আঢ়ৈ বছৰৰ ভিতৰত 200 কোটি টকাৰ মালিক হ’ল অৰমান! - YouTuber Armaan Malik two wives

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.