ETV Bharat / state

Fraudster arrested in Nalbari : কেইবাখনো বিলাসী বাহনসহ আটক প্ৰৱঞ্চক

author img

By

Published : Nov 19, 2022, 2:05 PM IST

Updated : Nov 19, 2022, 6:19 PM IST

নলবাৰীত আৰক্ষীৰ জালত প্ৰৱঞ্চক(Fraudster arrested in Nalbari) । প্ৰৱঞ্চকটোৰ নাম ইন্দ্ৰজিৎ দাস । কেইবাখনো বিলাসী বাহন জব্দ ।

Fraudster arrested in Nalbari
Fraudster arrested in Nalbari: জব্দ কেইবাখনো বিলাসী বাহন

নলবাৰী,১৯ নৱেম্বৰ: বিভিন্ন ঠাইত প্ৰৱঞ্চনাৰে নিজৰ সম্পত্তিৰ পাহাৰ গঢ়া এটা প্ৰৱঞ্চক অৱশেষত আৰক্ষীৰ জালত ৷ নলবাৰী সদৰ থানাৰ অন্তৰ্গত খাৰাজাৰা নিবাসী ইন্দ্ৰজিৎ দাস আজি আৰক্ষীৰ জালত পৰে (Fraudster arrested in Nalbari)। ধুবুৰী, বেলশৰ আৰু নলবাৰী আৰক্ষীয়ে একেলগে আজি পুৱা অভিযান চলায় আৰু প্ৰৱঞ্চকটোক আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে ইন্দ্ৰজিৎ দাসৰ বাসগৃহত আজি পুৱাৰে পৰা কেইবাঘণ্টা ধৰি তালাচী চলায় আৰু ধুবুৰী, বেলশৰ আৰু নলবাৰী আৰক্ষীয়ে প্ৰৱঞ্চক ইন্দ্ৰজিতক সোধপোছৰ বাবে আটক কৰি নলবাৰী সদৰ থানালৈ লৈ আহে । বৰ্তমান ইন্দ্ৰজিতক নলবাৰী সদৰ থানাত আটক কৰি ৰখা হৈছে আৰু আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধ পোছ প্ৰক্ৰিয়া(Police continuing investigate the incident) ।

কেইবাখনো বিলাসী বাহনসহ আটক প্ৰৱঞ্চক

আৰক্ষীয়ে প্ৰৱঞ্চক ইন্দ্ৰজিতক আটক কৰাৰ লগতে প্ৰৱঞ্চকটোৰ নিজৰ বিলাসী বাইক জাৱা As14N 2348ৰ লগতে চাফাৰি As14 P5088 আৰু টিয়াগ’ AS 14 L 9627 জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত বাহনবোৰ নলবাৰী সদৰ থানালৈ লৈ আহে আৰক্ষীয়ে (Police seized Luxurious Cars) ।

লগতে পঢ়ক: Lachit Divas 2022: ভাৰতীয় সেনা বাহিনীৰ মিছা সেনা চাউনিত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন

Last Updated :Nov 19, 2022, 6:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.