ETV Bharat / state

Corruption in Govt Scheme: লালা উন্নয়ন খণ্ডত MGNREGA আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Nov 19, 2022, 4:47 PM IST

Updated : Nov 19, 2022, 10:04 PM IST

Corruption in Govt Scheme
লালা উন্নয়ন খণ্ডত MGNREGA আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ

ৰাজ্য চৰকাৰে কাটিব পৰা নাই দুৰ্নীতি তথা অনিয়মৰ পোখা ৷ এই দুৰ্নীতি তথা অনিয়ম সংঘটিত হৈছে হাইলাকান্দিৰ লালা উন্নয়ন খণ্ডত (Corruption in MGNREGA scheme in Hailakandi)৷ এই অভিযোগ অঞ্চলটোৰ ৰাইজৰ ৷

হাইলাকান্দি, 19 নৱেম্বৰ : দুৰ্নীতি তথা অনিয়মৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ আনকি ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ সকিয়নীৰ পাচতো যেন নাকী লগাবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীক ৷ এইবাৰ দুৰ্নীতি তথা অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে হাইলাকান্দিৰ লালা উন্নয়ন খণ্ডত (Corruption in Hailakandi) ৷

অভিযোগ অনুসৰি, 2021-22 বৰ্ষত হাইলাকান্দিৰ লালা উন্নয়ন খণ্ডত MGNREGA আঁচনিৰ নামত প্ৰায় 45 লক্ষ টকাৰ বৃহৎ দুৰ্নীতি সংঘটিত হৈছে (Corruption in MGNREGA scheme in Hailakandi) ৷ লালা উন্নয়ন খণ্ডত কাৰ্যালয়ৰ চৌহদত 5 টা পুখুৰী খনন, হাবি-জংঘল কাটৰ লগতে পানীৰ এটা টেংক নিৰ্মাণৰ বাবে আৱন্টিত হৈছিল কেবা লক্ষাধিশ টকা ৷ কিন্তু টকা আৱন্টিত হোৱাৰ পাচতো সামান্য পৰিমাণৰ কামো হোৱা নাই লালা উন্নয়ন খণ্ডত কাৰ্যালয়ৰ চৌহদত ৷

এই অভিযোগ স্থানীয় ৰাইজৰ ৷

লগতে পঢ়ক : Corruption in four lane road construction: চাৰিলেনযুক্ত ৰাজপথ নিৰ্মাণত PRL কোম্পানিৰ চৰম মইমতালি

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, আৱন্টিত সমূদায় ধন আত্মসাৎ কৰিছে ব্লকৰ খণ্ড উন্নয়ন বিষয়া মনোজ দত্ত, অভিযন্তা প্ৰীতম ধৰ আৰু প্ৰেসনজীৎ দেৱে ৷ যাক লৈ ক্ষুব্ধ হৈ পৰিছে এতিয়া অঢঞ্চলটোৰ ৰাইজ ৷ সেয়ে চৰকাৰী বিষয়াগৰাকীৰ বিৰুদ্ধে উচিত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অঞ্চলটোৰ জনাইছে ৷

লালা উন্নয়ন খণ্ডত MGNREGA আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ

ইফালে এই সন্দৰ্ভত সৰৱ হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলো ৷ সেয়ে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ সভাপতি জহিৰ উদ্দিন লস্কৰে আগন্তুক 15 দিনৰ ভিতৰত বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ দাবী জনাইছে ৷

যদিহে তেওঁলোকৰ দাবীসমূহ মানি নলয়, তেন্তে 15 দিনৰ পিছত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলে একগোট হৈ প্ৰায় 10 হাজাৰ ৰাইজক লগত লৈ লালা উন্নয়ন খণ্ড ঘেৰাও কৰিব ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ সভাপতি জহিৰ উদ্দিন লস্কৰে ৷

লগতে পঢ়ক : Corruption in drain repairing: বৰপেটাত নলা মেৰামতিৰ নামত বৃহৎ অনিয়মৰ অভিযোগ

Last Updated :Nov 19, 2022, 10:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.