ETV Bharat / state

কৰ্তব্যত গাফিলতি ! নিলম্বিত বিষয়াৰ সমৰ্থনত ওলাই আহিল শাৰীৰিকভাৱে বাধাগ্ৰস্তও - Officer Arpana Sharma Suspended

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 7:39 PM IST

Updated : May 18, 2024, 10:26 PM IST

Circle Officer suspended : নিলম্বিত ৰাজপত্ৰিত বিষয়া অৰ্পণা শৰ্মাৰ সমৰ্থনত একাংশ ৰাইজে ঘেৰাও কৰিলে পশ্চিম নলবাৰীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ‌। শীঘ্ৰেই চক্ৰ বিষয়াগৰাকীক পুনৰ ৰাইজৰ লগত কাম কৰাৰ সুযোগ দিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান ।

Circle Officer suspended
নিলম্বিত চক্ৰ বিষয়াৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিল একাংশ লোক (ETV BHARAT ASSAM)

অৰ্পণা শৰ্মাৰ সমৰ্থনত চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও (ETV BHARAT ASSAM)

নলবাৰী, 18 মে’ : এগৰাকী ৰাজপত্ৰিত বিষয়াৰ নিলম্বনৰ খবৰে ব্যাপক চৰ্চা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নলবাৰী জিলাত ৷ জিলাখনৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰ্পণা শৰ্মাক নিৰ্বাচনী কৰ্তব্যত গাফিলতিৰ অভিযোগত শুকুৰবাৰে নিলম্বন কৰা হৈছিল ৷ ইয়াৰ পিচৰে পৰা জিলাখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ জিলা আয়ুক্তৰ নিৰ্দেশ অমান্য কৰি নিৰ্বাচনী কামত অৱহেলা কৰাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত হ’বলগা হৈছিল চক্ৰ বিষয়া অৰ্পণা শৰ্মা ৷

পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰ্পণা শৰ্মাক নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে শুকুৰবাৰে অসম চৰকাৰৰ ৰাজহ বিভাগৰ মুখ্য সচিবে নিলম্বিত কৰিছিল ৷ ইয়াৰ পিচতেই শনিবাৰে নিলম্বিত চক্ৰ বিষয়াগৰাকীৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিল একাংশ লোক ৷ নিলম্বিত চক্ৰ বিষয়াগৰাকীৰ সমৰ্থনত একাংশ লোকে চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰা পৰিলক্ষিত হয় ৷ চক্ৰ বিষয়াগৰাকীৰ সমৰ্থনত প্ৰতিক্ৰিয়া আগবঢ়ায় স্থানীয় লোকসকলে ৷

উল্লেখযোগ্য যে জিলা আয়ুক্তই মানসিক নিৰ্যাতন চলাই থকাৰ অভিযোগ উত্থাপন কৰি চক্ৰ বিষয়া অৰ্পণা শৰ্মাই নলবাৰী সদৰ আৰক্ষী থানাত গোচৰ দাখিল কৰিছিল ৷ নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিৰ্বাচন নিয়ন্ত্ৰণ কক্ষত জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াৰ মাজত হৈছিল কথাৰ কটা-কটি ৷ অৱশেষত নিৰ্বাচনৰ কামত গাফিলতি কৰাৰ অভিযোগত নিলম্বন কৰা হয় অৰ্পণা শৰ্মাক ৷

ইয়াৰ পিচতে আজি এইদৰে অৰ্পণা শৰ্মাৰ সমৰ্থনত একাংশ লোক ওলাই আহিল পশ্চিম নলবাৰীত ৷ শাৰিৰীকভাবে বাধাগ্ৰস্ত লোকো তেখেতৰ সমৰ্থনত ওলাই আহি ব্যক্ত কৰে মনৰ ভাব ৷ উল্লেখযোগ্য যে নিলম্বিত বিষয়াগৰাকী লোকসভা নিৰ্বাচনৰ বৰপেটা লোকসভা সমষ্টিৰ টিহু বিধানসভাৰ নিৰ্বাচনী বিষয়াৰ দায়িত্বত আছিল ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এইসকল লোকৰ অনুৰোধ, পুনৰাই যাতে পশ্চিম নলবাৰী অঞ্চলৰ ৰাইজৰ সেৱাৰ কৰাৰ সুযোগ দিয়ে অৰ্পণা শৰ্মাক ৷ কিয়নো বিপদৰ সময়ত এইসকল লোকে চক্ৰ বিষয়াগৰাকীক সকলো সময়তে কাষত পাইছিল বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে ৷

লগতে পঢ়ক : অভিযোগ অনেক; পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰ্পণা শৰ্মাক নিলম্বন - Officer Arpana Sharma Suspended

Last Updated : May 18, 2024, 10:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.