ETV Bharat / state

অভিযোগ অনেক; পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰ্পণা শৰ্মাক নিলম্বন - officer Arpana Sharma suspended

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 6:48 PM IST

Updated : May 17, 2024, 7:48 PM IST

Arpana Sharma suspended: নিৰ্বাচন আয়োগৰ ৰোষত পৰি নিলম্বিত হ'বলগা হ'ল অসম চৰকাৰৰ এগৰাকী ৰাজপত্ৰিত বিষয়া । কৰ্তব্যত গাফিলতিৰ অভিযোগত পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰ্পণা শৰ্মাক নিৰ্বাচন আয়োগৰ নিৰ্দেশনামৰ্মে নিলম্বন । নিৰ্বাচনী দায়িত্বত থকাৰ সময়ত বিভিন্ন কাম-কাজত খামখেয়ালিৰ লগতে দুৰ্ব্যৱহাৰৰ অভিযোগ অৰ্পণা শৰ্মাৰ বিৰুদ্ধে ।

Arpana Sharma suspended
পশ্চিম নলবাৰীৰ ৰাজহ চক্ৰ বিষয়া অৰ্পণা শৰ্মাক নিলম্বন (Social Media Photo)

নলবাৰী : ১৭ মে' : পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰ্পণা শৰ্মাক নিলম্বন । নিৰ্বাচন আয়োগৰ নিৰ্দেশত ৰাজহ চক্ৰ বিষয়াগৰাকীক নিলম্বন কৰা হয় । নিৰ্বাচনী কৰ্তব্যত গাফিলতি, অমাৰ্জিত ব্যৱহাৰ আৰু বিভিন্ন কাম-কাজত খামখেয়ালিৰ অভিযোগত অৰ্পণা শৰ্মাক নিলম্বনৰ নিৰ্দেশ দিয়ে নিৰ্বাচন আয়োগে ।

উল্লেখ্য যে যোৱা ৭ মে'ত চলিত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত নলবাৰী জিলাতো ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল । তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত অসমৰ সমষ্টিকেইটাৰ ভিতৰত বৰপেটা লোকসভা সমষ্টিও এটা । আনহাতে, নলবাৰী জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিয়েই এইবাৰ বৰপেটা লোকসভা সমষ্টিত সংলগ্ন হৈছে । উক্ত নিৰ্বাচনত টিহু বিধানসভাৰ এক বিষয়াৰ দায়িত্বত আছিল পশ্চিম নলবাৰীৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰ্পণা শৰ্মা । কিন্তু এইগৰাকী প্ৰশাসনিক বিষয়াই নিৰ্বাচনৰ দিনা কৰ্তব্যত গাফিলতিৰ অভিযোগ উত্থাপন হৈছিল ।

বিষয়াগৰাকীয়ে নিৰ্বাচনৰ দৰে গুৰুত্বপূৰ্ণ কৰ্তব্যক আওকাণ কৰি নিজৰ মইমতালিৰে নিৰ্বাচনৰ কাম-কাজ চলাই থকাৰো অভিযোগ উত্থাপন হৈছিল । কেৱল সিমানেই নহয়, বিষয়াগৰাকীৰ আচাৰ-ব্যৱহাৰো অতি অমাৰ্জিত আৰু আনক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে । যাৰ বাবে শুকুৰবাৰে নিৰ্বাচন আয়োগৰ এক নিৰ্দেশমৰ্মে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰৰ ৰাজহ বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে অৰ্পণা শৰ্মাক নিলম্বনৰ কৰে । পৰৱৰ্তী নিৰ্দেশনা নোহোৱালৈকে কাৰ্যকৰী হৈ থাকিব বিষয়াগৰাকীৰ এই নিলম্বন ।

উল্লেখ্য যে নিলম্বন কালত অপৰ্ণা শৰ্মাৰ চৰকাৰী ঠিকনা হ'ব মহানগৰীৰ ৰূপনগৰস্থিত ৰাজহ বিভাগৰ মুখ্য কাৰ্যালয় । আনহাতে, বিষয়াগৰাকীৰ নিলম্বন কাৰ্যত জিলাখনত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত নিলম্বিত অৰ্পণা শৰ্মাই জিলাখনৰ আয়ুক্ত বৰ্ণালী ডেকাৰ সৈতে তৰ্কত লিপ্ত হৈছিল । নিলম্বিত বিষয়া অৰ্পণা শৰ্মাই জিলা আয়ুক্তগৰাকীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছিল । তাৰ পৰৱৰ্তী সময়তে শুকুৰবাৰে ৰাজহ চক্ৰ বিষয়া অপৰ্ণা শৰ্মাক নিলম্বনৰ নিৰ্দেশ ওলায় ।

লগতে পঢ়ক :চক্ৰ বিষয়াক মানসিক হাৰাশাস্তিৰ অভিযোগ, নলবাৰী জিলা আয়ুক্তৰ বিৰুদ্ধে এজাহাৰ - Fir Against DC
Last Updated :May 17, 2024, 7:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.