Corruption in four lane road construction: চাৰিলেনযুক্ত ৰাজপথ নিৰ্মাণত PRL কোম্পানিৰ চৰম মইমতালি

By

Published : Nov 18, 2022, 10:49 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

চাৰিলেনযুক্ত ৰাজপথ নিৰ্মাণকাৰী কোম্পানিৰ চৰম মইমতালি । নগাঁৱৰ উৰিয়াগাঁৱৰ পৰা পুৰণিগুদামৰ মাজেৰে চামগুৰিৰ তেলিয়াগাঁও পৰ্য্যন্ত ফ’ৰলেনযুক্ত ৰাজপথ নিৰ্মাণত নিয়োজিত পি.আৰ.এল. নামৰ কোম্পানিটোৰ (PRL Company) চূড়ান্ত আনিহাৰ বাবে পথচোৱাৰ বহু স্থানত এৰাই গৈছে বিটুমিনৰ প্ৰলেপ ৷ ফলত ৰাজপথৰ মাজত সৃষ্টি হৈছে গাত সদৃশ অৱস্থা । সুদীৰ্ঘ চাৰিলেনযুক্ত ৰাজপথচোৱাত উপপথ নিৰ্মাণত বিসংগতিৰ অভিযোগ পি.আৰ.এল. কোম্পানিটোৰ বিৰুদ্ধে ৷ ইফালে দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজ তথা দল-সংগঠনে এই সন্দৰ্ভত কৰ্তৃপক্ষক আবেদন-নিবেদন কৰি অহাৰ পিছতো অজান শক্তিৰ বলেৰে বলীয়ান কোম্পানিটোক আজি পৰ্য্যন্ত চৰকাৰ তথা সংশ্লিষ্ট বিভাগে নাকি লগাব নোৱাৰাত আশ্বৰ্য্য প্ৰকাশ কৰিছে একাংশ স্থানীয় ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকলে ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.