ফুটবল খেলি থাকোতেই হঠাৎ ঢলি পৰি আঁকোৱালি ল'লে মৃত্যুক - Football player died

By ETV Bharat Assamese Team

Published : May 18, 2024, 7:50 PM IST

thumbnail
ফুটবল খেলি থাকোতেই হঠাৎ ঢলি পৰি আঁকোৱালি ল'লে মৃত্যুক (ETV Bharat Assam)

যোৰহাট,১৮ মে': যোৰহাট জিলাত সংঘটিত হৈছে এক শোকাবহ ঘটনা । যি ঘটনাই চকু সেমেকাই তুলিছে সকলোৰে । ফুটবল খেলি থাকোতেই হঠাতে ঢলি পৰি মৃত্যুক আঁকোৱালি ল'লে এগৰাকী প্ৰতিভাসম্পন্ন খেলুৱৈয়ে । শুকুৰবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ খেলপথাৰত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আৰু স্থানীয় যুৱকৰ সৈতে অন্য দিনাৰ দৰেই ফুটবল খেলি আছিল ঋষিৰাজ বৰা নামৰ খেলুৱৈগৰাকীয়ে । কিন্তু ফুটবল খেলি থকাৰ মাজতে হঠাৎ ঢলি পৰে খেলুৱৈগৰাকী ।  

লগে লগে তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । মৃত ঋষিৰাজে যোৰহাট জিলা ফুটবল দলৰ হৈ ১৩ বছৰ আৰু ১৫ বছৰ অনুৰ্ধ আন্তঃজিলা ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে তেওঁ অল ষ্টাৰ ফুটবল দলৰ হৈ যোৰহাটৰ এ ডিভিজন ফুটবল খেলত অংশগ্ৰহণ কৰিছিল । বৰ্তমানেও তেওঁ অলষ্টাৰ ফুটবল দলৰ নিয়মিত খেলুৱৈ আছিল । প্ৰতিভাসম্পন্ন খেলুৱৈজনৰ আকস্মিক মৃত্যুয়ে ক্ৰীড়া প্ৰেমীৰ লগতে সমগ্ৰ যোৰহাটবাসীক মৰ্মাহত কৰি তুলিছে ।

লগতে পঢ়ক: ৰিলায়েন্স ফাউণ্ডেশ্যন ইয়ং চেম্পছৰ ফুটবল প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত নিবিড় শইকীয়া - footballer Nibir Saikia

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.