ETV Bharat / politics

অন্ত পৰিল পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান; 20 এপ্ৰিলত বন্দী হ'ব এইসকল হেভীৱেট নেতাৰ ভাগ্য - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 5:27 PM IST

Updated : May 18, 2024, 8:19 PM IST

Lok Sabha Election 2024: ২০ মে'ত দেশৰ ৮ খন ৰাজ্যৰ ৪৯ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । বিৰোধীৰ বাবে এই পৰ্যায়ৰ ভোটগ্ৰহণ অতি গুৰুত্বপূৰ্ণ । বহু বিশিষ্ট নেতাৰো ভাগ্য বন্দী হ'ব ইভিএমত ।

Lok Sabha Election 2024
পঞ্চম পৰ্যায়ত নিৰ্ণয় হ'ব এইসকল ৰথী-মহাৰথীৰ ভাগ্য (ETV Bharat)

নেশ্যনেল ডেস্ক,১৮ মে': লোকসভা নিৰ্বাচন ২০২৪ ৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে সম্পূৰ্ণ হৈছে । পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ সোমবাৰে অৰ্থাৎ ২০ মে'ত অনুষ্ঠিত হ'ব । যাৰ বাবে নিৰ্বাচন আয়োগে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । একে সময়তে পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ শনিবাৰে সন্ধিয়া ৬ বজাত সমাপ্ত হ'ব । তাৰ প্ৰাকক্ষণত তাৰকা নেতাসকলে প্ৰচাৰ তীব্ৰতৰ কৰি তোলে । পঞ্চম পৰ্যায়ত ৮ খন ৰাজ্যৰ ৪৯ খন আসনত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । এই পৰ্যায়ত বহুতো বিশিষ্ট নেতাৰ ভাগ্য নিৰ্ণয় হ'ব ।

এই ৰাজ্যকেইখনত হ'ব ভোটগ্ৰহণ

উত্তৰ প্ৰদেশ: লক্ষ্ণৌ, মোহনলালগঞ্জ, হামিৰপুৰ, জালৌন, ৰায়বৰেলী, আমেঠি, ঝান্সি, বান্দা, ফতেহপুৰ, কৌশাম্বী, বাৰাবাঁকী, ফৈজাবাদ, কেশৰগঞ্জ আৰু গোণ্ডা ।

মহাৰাষ্ট্ৰ : ধুলে, ডিণ্ডোৰী, নাছিক, পালঘৰ, ভিৱান্দি, কল্যাণ, থানে, মুম্বাই উত্তৰ, মুম্বাই উত্তৰ-পশ্চিম, মুম্বাই উত্তৰ-পূব, মুম্বাই উত্তৰ-মধ্য, মুম্বাই দক্ষিণ-মধ্য আৰু মুম্বাই দক্ষিণ ।

বিহাৰ: সীতামাঢ়ী, মধুবনী, মুজাফ্ফৰপুৰ, চৰণ আৰু হাজিপুৰ ।

ওড়িশা : বৰগাদা, সুন্দৰগড়, বোলাংগীৰ, কন্ধমাল আৰু আস্কা ।

ঝাৰখণ্ড: চতৰা, কোডাৰ্মা আৰু হাজাৰিবাগ ।

পশ্চিমবংগ: বনগাঁও, বাৰেকপুৰ, হাওৰা, উলুবেৰিয়া, শ্ৰীৰামপুৰ, হুগলী আৰু আৰামবাগ ।

জম্মু আৰু কাশ্মীৰ: বাৰামুলা ।

পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ বিৰোধী দলসমূহৰ বাবে গুৰুত্বপূৰ্ণ কিয়নো ইয়াত কংগ্ৰেছৰ দুৰ্গ হিচাপে জনাজাত ৰায়বৰেলী আৰু আমেঠি দুয়োখন অন্তৰ্ভুক্ত আছে । এইবাৰ ৰায়বৰেলীৰ পৰা কংগ্ৰেছ দলৰ ছোনিয়া গান্ধীৰ ঠাইত ৰাহুল গান্ধীয়ে প্ৰতিনিধিত্ব কৰিব । আনহাতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে আমেঠিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ।

জম্মু-কাশ্মীৰৰ একমাত্ৰ আসন বাৰামুলাতো ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । নেশ্যনেল কনফাৰেন্সৰ ওমৰ আব্দুল্লাই এই আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । পিপলছ কনফাৰেন্সৰ চাজ্জাদ লোনে তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ওমৰৰ ৩ টা প্ৰজন্ম ৰাজনীতিৰ সৈতে জড়িত হৈ আছে । তেওঁৰ ককাদেউতাক শ্বেখ আব্দুল্লা আৰু পিতৃ ফাৰুক আব্দুল্লা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আছিল ।

বিহাৰৰ চৰণ লোকসভা আসনখনো বহু চৰ্চাত আছে । বিজেপি সাংসদ ৰাজীৱ প্ৰতাপ ৰুডিয়ে দ্বিতীয়বাৰৰ বাবে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে । একে সময়তে, ৰোহিণী আচাৰ্যই তেওঁৰ বিৰুদ্ধে আৰজেডিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে । ৰোহিণী প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু আৰজেডি প্ৰধান লালু প্ৰসাদ যাদৱৰ কন্যা আৰু তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ছিংগাপুৰৰ পৰা বিহাৰলৈ আহিছে ।

লগতে পঢ়ক :মুখ্যমন্ত্রীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগলৈ অভিযোগ পত্র তৃণমূল কংগ্ৰেছ অসমৰ - Complaint Against Assam CM
Last Updated : May 18, 2024, 8:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.