Satyendar Jain viral video: কাৰাগাৰৰ ভিতৰত দিল্লীৰ মন্ত্ৰীয়ে লৈছে মালিচ, কেজৰিৱাল চৰকাৰক বিজেপিৰ আক্ৰমণ

author img

By

Published : Nov 19, 2022, 3:54 PM IST

Delhi

তিহাৰ কাৰাগাৰৰ ভিতৰত বন্দী হৈ থকা দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনক আন কয়েদীয়ে দিছে মালিচ । সামাজিক মাধ্যমত ভাইৰেল কাৰাগাৰৰ ভিতৰৰ ভিডিঅ'টো (Satyendar Jain viral video)। ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে দিল্লী চৰকাৰক তীব্ৰ সমালোচনা বিৰোধী বিজেপিৰ ।

নতুন দিল্লী, ১৯ নৱেম্বৰ : তিহাৰ কাৰাগাৰৰ ভিতৰৰ এক ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈ পৰিছে । য'ত কাৰাগাৰৰ কয়েদী তথা দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনক মালিচ লৈ থকা দেখা গৈছে (Satyendar Jain getting massage in jail)। এই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে দেশৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ধন আত্মসাত্‍ গোচৰ সন্দৰ্ভত তিহাৰ কাৰাগাৰত বন্দী হৈ থকা দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ এই ভিডিঅ' সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে বিভিন্ন দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Satyendar jain money laundering case)। এই ভিডিঅ'টো শনিবাৰে বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই ৰাজহুৱা কৰি দিল্লীৰ চৰকাৰক সমালোচনা কৰিছে (Satyendar jain viral video)।

উল্লেখ্য যে কাৰাগাৰত মন্ত্ৰীগৰাকীৰ নিজৰ প্ৰভাৱ ব্যৱহাৰ কৰাৰ অভিযোগত ইতিমধ্যে ১৪ নৱেম্বৰত দিল্লী চৰকাৰৰ মুখ্য সচিব নৰেশ কুমাৰে তাৎক্ষণিকভাৱে ৭ নম্বৰ কাৰাগাৰৰ অধীক্ষক অজিত কুমাৰক নিলম্বন কৰাৰ নিৰ্দেশ জাৰি কৰিছে । যোৱা মাহত, EDয়ে অভিযোগ কৰিছিল যে জৈনে কাৰাগাৰত থাকোতেও নিজৰ প্ৰভাৱৰ অপব্যৱহাৰ কৰি আছে আৰু কাৰাগাৰৰ নিয়ম উলংঘা কৰি সুবিধা উপভোগ কৰিছে । এইটোও অভিযোগ উত্থাপন হৈছে যে জৈনৰ গোচৰৰ সৈতে সম্পৰ্ক থকা লোকসকলক কাৰাগাৰলৈ লৈ যোৱা হয় । উক্ত ভিডিঅ'টো ইডিয়ে আদালতত দাখিল কৰিছিল ।

কাৰাগাৰৰ ভিতৰত দিল্লীৰ মন্ত্ৰীয়ে লৈছে মালিচ

ভিডিঅ'টো পোহৰলৈ অহাৰ পাছতে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই ভিডিঅ'টো মুকলি কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তীব্ৰ সমালোচনা কৰে (BJP slams Arvind Kejriwal)। তেওঁ কয় যে তিহাৰৰ ভিতৰত বন্দী হৈ থকা সত্যেন্দ্ৰ জৈনে শাস্তি পোৱাৰ পৰিৱৰ্তে কেজৰিৱালৰ বাবে কাৰাগাৰৰ ভিতৰত বিলাসী জীৱন কটাইছে । হাৱালাৰ অভিযোগত কাৰাগাৰৰ ভিতৰত থকা সত্যেন্দ্ৰ জৈনে যোৱা ৫ মাহ ধৰি জামিন লাভ কৰা নাই, তেওঁৰ জামিনৰ আবেদন নিৰন্তৰ নাকচ হৈ আছে ।

ইয়াৰ পাছতো মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এতিয়াও তেওঁক মন্ত্ৰী কৰি ৰাখিছে । জৈনক মন্ত্ৰী হিচাপে ৰখাৰ উপৰিও কাৰাগাৰৰ ভিতৰত ভিভিআইপি সুবিধা লাভ কৰিছে বুলিও তেওঁ অভিযোগ কৰে । ভিডিঅ'টোত স্পষ্ট যে কাৰাগাৰৰ ভিতৰত মন্ত্ৰীগৰাকীৰ শৰীৰত মালিচ কৰি থকা হৈছে । ভিডিঅ'টোৰ আলম লৈ পুনাৱালাই কয় যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অপৰাধীসকলৰ বাবে তিহাৰ কাৰাগাৰত এটা মালিচ পাৰ্লাৰ খুলিছে । ভিডিঅ'টো পোহৰলৈ অহাৰ পাছতো জৈনক এতিয়াও মন্ত্ৰী হিচাপে কিয় ৰখা হৈছে বুলি পুনাৱালাই প্ৰশ্ন কৰে ।

লগতে পঢ়ক :sukesh chandrashekhar new letter: সুকেশৰ ইখনৰ পাছত সিখন চিঠিয়ে জোকাৰিছে ‘আপ’ৰ বৰঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.