Drugs Peddler arrested: ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ বুজন পৰিমাণৰ ড্ৰাগছ

By

Published : Nov 19, 2022, 4:35 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

গুৱাহাটী ৰেল ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ (Rajdhani Express) পৰা জব্দ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী । গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ৰেল আৰক্ষীয়ে শনিবাৰে পুৱা প্ৰায় ৭.১০ বজাত ৰাজধানী এক্সপ্ৰেছত অভিযান চলায় জব্দ কৰে ড্ৰাগছখিনি । ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰে তিনি সৰবৰাহকাৰীকো (Drugs Peddler arrested)। সৰবৰাহৰকাৰীকেইটা কৰিমগঞ্জৰ আবেদ আহমেদ, উবেদুৰ ৰহমান আৰু মুজিবুৰ ৰহমান । ষ্টেচনটোত থকা চৰকাৰী ৰেল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাসে জনোৱা মতে, ধৃত সৰবৰাহকাৰীয়ে ড্ৰাগছখিনি ডিমাপুৰৰ পৰা মুজাফৰপুৰলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল । জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৮ কোটি টকা হোৱাৰ কথা উল্লেখ কৰিলে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.