ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : May 8, 2022, 3:01 PM IST

news-at-3
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Cyclone Asani rages in Bay of Bengal : আহি আছে 'আছানী'

বংগোপ সাগৰত আছানী ঘূৰ্ণীবতাহৰ উৎপত্তি (Cyclone Asani forms in Bay of Bengal)। আন্দামান দ্বীপপুঞ্জৰ পোৰ্ট ব্লেয়াৰৰ পৰা ৩৮০ কিলোমিটাৰ পশ্চিম দিশত দক্ষিণ-পূব বংগোপ সাগৰত সৃষ্টি হৈছে এই ঘূৰ্ণীবতাহত । আছানীৰ প্ৰভাৱত অন্ধ্ৰপ্ৰদেশৰ উত্তৰ দিশত আৰু ওড়িশা উপকূলত মঙলবাৰৰ পৰা বতাহ আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

শ্ৰীলংকালৈ ৱাটাৰ কেনন বাহন পঠিওৱা বাতৰি অস্বীকাৰ ভাৰতৰ

শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা ঘোষণা (State of emergency in Sri Lanka)। ইয়াৰ মাজতে ভাৰতে ক্ৰেডিট লাইনৰ অধীনত শ্ৰীলংকাক ১ বিলিয়ন আমেৰিকান ডলাৰৰ ৱাটাৰ কেনন বাহন যোগান ধৰাৰ এক বাতৰি প্ৰকাশ পাইছে । এই বাতৰিৰ সম্পূৰ্ণ তথ্য ভুল বুলি দাবী কৰিছে ভাৰতে । ভাৰত চৰকাৰে ১৭ মাৰ্চত ভাৰতীয় ষ্টেট বেংকৰ জৰিয়তে শ্ৰীলংকা চৰকাৰক ১ বিলিয়ন আমেৰিকান ডলাৰৰ ৰেহাই ঋণ প্ৰদান কৰে ।

কলিয়াবৰত আয়োজিত শিশু ভাওনা

কলিয়াবৰত কণ-কণ শিশুৰ দ্বাৰা প্ৰদৰ্শন কৰা হ’ল গুৰুজনাৰ অমৰ সৃষ্টি 'ৰাম-বিজয়' অংকীয়া নাট (Kids Bhaona held at Kaliabor) ৷ কলিয়াবৰৰ শ্ৰী শ্ৰী ৰূপ নাৰায়ণ পোৰাভেটি সত্ৰৰ নৱ-নিৰ্মিত নামঘৰত গুৰু আসন প্ৰতিষ্ঠা উপলক্ষে তিনিদিনীয়াকৈ আয়োজন কৰা হয় এক বিশেষ কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ অংশস্বৰূপে শনিবাৰে নিশা কণ কণ শিশু তথা কিশোৰ-কিশোৰীৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় 'ৰাম-বিজয়' অংকীয়া নাট ৷

World Thalassemia Day 2022 : থেলাচেমিয়া ৰোগ কি ?

প্ৰতি বছৰে ৮ মে'ৰ দিনটো বিশ্ব থেলাচেমিয়া দিৱস বা আন্তৰ্জাতিক থেলাচেমিয়া দিৱস হিচাপে পালন কৰা হয় (World Thalassemia Day 2022)। এই ৰোগৰ সজাগতা বৃদ্ধি, প্ৰতিৰোধৰ উপায় আৰু ৰোগীসকলৰ মাজতো সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয় । কিন্তু থেলাচেমিয়া ৰোগ নো কি ?

নলবাৰী এজেপিৰ সভাপতি নগেন ডেকাক দুৰ্বৃত্তৰ আক্ৰমণ

নলবাৰী এজেপিৰ জিলা সভাপতি নগেন ডেকাক আক্ৰমণ ৷ চহৰৰ মাজমজিয়াৰ হৰিমন্দিৰ চ’কত কোনো অজ্ঞাত দুৰ্বৃত্তই শাৰিৰীকভাৱে অপদস্থ কৰে জ্যেষ্ঠ নাগৰিকগৰাকীক(Nalbari AJP district president Nagen Deka attacked by miscreants) ৷ ঘটনা সন্দৰ্ভত নলবাৰী সদৰ থানাত দাখিল এজাহাৰ ৷

জনীয়াৰ চানপুৰ গাঁৱত ৰাইজৰ জালত গভাইত চোৰ

এশ গৰু মাৰিলে বাঘৰো মৰণ । আপ্ত বাক্যশাৰী যেন পুনৰ প্ৰমাণিত হ'ল জনীয়াত । ৰাইজে কৰায়ত্ব কৰিলে দীৰ্ঘদিনে বহু চুৰিকাণ্ডৰে লিপ্ত মাত্ৰ ১৪ বছৰ বয়সৰ এটা চোৰক(Public caught a thief in Jania) ।

Rangali Bihu 2022 : এজাক প্ৰবাসী অসমীয়াৰ প্ৰচেষ্টাত ডুবাইত বহাগী বিদায়

সাত সাগৰ তেৰ নদীৰ সিপাৰে মৰুৰ দেশ ডুবাইত উদযাপন ৰঙালী বিহু(Rangali Bihu celebrations in Dubai) ৷ ডুবাইৰ অসমীয়া সমাজৰ উদ্যোগ(Rangali bihu organised by assam association in Dubai)ত অসমীয়াৰ বাপতি সাহোন বিহুৰ উন্মাদনা ৷

হিমাচল বিধানসভাৰ প্ৰৱেশদ্বাৰৰ সমীপত উৰিল খালিস্তানৰ পতাকা

হিমাচল প্ৰদেশ বিধানসভাৰ মুখ্য প্ৰৱেশদ্বাৰৰ সমীপত উৰিল খালিস্তানৰ পতাকা ৷ কোনো অজ্ঞাত দুস্কৃতিকাৰীয়ে এই পতাকাসমূহ দেৱালত আঁৰি থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান আৰম্ভ ৷

গুৱাহাটী মহানগৰীৰ ৰাজপথত যান বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ

৯ মে'ত অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Union Home Minister Amit Shah to Assam on May 9) । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি ৰাজ্য চৰকাৰৰ । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমন লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ ৰাজপথত যান বাহনৰ চলাচলত আৰোপ কৰা হৈছে নিষেধাজ্ঞা।

বৰপেটাৰ জনীয়াত যুৱকৰ মৃতদেহ উদ্ধাৰ: চাবুৱাত দুটিকৈ শিশুৰ সলিল সমাধি

ৰাজ্যৰ দুই প্ৰান্তত দুটিকৈ কৰুণ ঘটনা । বৰপেটাৰ বেকী নৈৰ গংগা ঘাটত উদ্ধাৰ যুৱকৰ মৃতদেহ(Deadbody found at Ganga Ghat in Beki River in Barpeta) । ইফালে চাবুৱা পানীতোলা বৰুৱাহোলা গাঁৱত পুখুৰীত সাতুৰি থকা অৱস্থাতে দুই শিশুৰ সলিল সমাধি(Two children drown in pond in Chabua while sitting in pond) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.