ETV Bharat / bharat

শ্ৰীলংকালৈ ৱাটাৰ কেনন বাহন পঠিওৱা বাতৰি অস্বীকাৰ ভাৰতৰ

author img

By

Published : May 8, 2022, 2:20 PM IST

শ্ৰীলংকাত জৰুৰীকালীন অৱস্থা ঘোষণা (State of emergency in Sri Lanka)। ইয়াৰ মাজতে ভাৰতে ক্ৰেডিট লাইনৰ অধীনত শ্ৰীলংকাক ১ বিলিয়ন আমেৰিকান ডলাৰৰ ৱাটাৰ কেনন বাহন যোগান ধৰাৰ এক বাতৰি প্ৰকাশ পাইছে । এই বাতৰিৰ সম্পূৰ্ণ তথ্য ভুল বুলি দাবী কৰিছে ভাৰতে । ভাৰত চৰকাৰে ১৭ মাৰ্চত ভাৰতীয় ষ্টেট বেংকৰ জৰিয়তে শ্ৰীলংকা চৰকাৰক ১ বিলিয়ন আমেৰিকান ডলাৰৰ ৰেহাই ঋণ প্ৰদান কৰে ।

Water cannon vehicle to Sri Lanka
শ্ৰীলংকালৈ ভাৰতে ৱাটাৰ কেনন বাহন পঠিওৱা বাতৰি মিছা

নেশ্যনেল ডেস্ক,৮ মে' : শ্ৰীলংকাৰ জৰুকালীন অৱস্থাই সমগ্ৰ বিশ্ববাসীকে চিন্তিত কৰি তুলিছে । ইয়াৰ মাজতে চুবুৰীয়া দেশ ভাৰতত এক বিশেষ বাতৰিয়ে চৰ্চা লাভ কৰিছে । বাতৰি অনুসৰি ভাৰতে ক্ৰেডিট লাইনৰ অধীনত শ্ৰীলংকাক ১ বিলিয়ন আমেৰিকান ডলাৰৰ ৱাটাৰ কেনন বাহন (water cannon vehicle) যোগান ধৰিছে ।

শ্ৰীলংকাৰ তীব্ৰ সংকটৰ মাজত এই বাতৰি ভাইৰেল হৈ পৰাৰ পাছতে সমগ্ৰ বিশ্বত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিন্তু এই বাতৰি মিছা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে (India denies sending water canon vehicles to Sri Lanka)। এই খবৰ তথ্যগতভাৱে ভুল বুলি উল্লেখ কৰিছে উচ্চ আয়োগে । ভাৰতৰ এনে অভিযানে শ্ৰীলংকাই সন্মুখীন হৈ থকা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে সহযোগিতা আৰু প্ৰচেষ্টাত কোনো গঠনমূলক অৱদান আগ নবঢ়াই বুলিও উল্লেখ কৰা হৈছে । ভাৰতীয় উচ্চ আয়োগে টুইটযোগে এই বাতৰি মিছা বুলি উল্লেখ কৰে ।

উচ্চ আয়োগে জনোৱা মতে ১ বিলিয়ন আমেৰিকান ডলাৰৰ ৰেহাই ঋণৰ অধীনত ভাৰতে চুবুৰীয়া দেশ শ্ৰীলংকাক বিভিন্ন সামগ্ৰীহে যোগান ধৰিছে । এক বিবৃতিযোগে উচ্চ আয়োগে কয় যে শ্ৰীলংকাৰ খাদ্য, স্বাস্থ্য আৰু শক্তি সুৰক্ষাৰ উন্নয়নৰ বাবে, ভাৰত চৰকাৰে ১৭ মাৰ্চত ভাৰতীয় ষ্টেট বেংকৰ জৰিয়তে শ্ৰীলংকা চৰকাৰক ১ বিলিয়ন আমেৰিকান ডলাৰৰ ৰেহাই ঋণ প্ৰদান কৰে । ভাৰতে ইয়াৰ জৰিয়তে ইতিমধ্যে চাউল, ৰঙা জলকীয়াৰ দৰে বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰিছে । চৰকাৰ আৰু জনসাধাৰণৰ প্ৰয়োজন সাপেক্ষে চেনী, গাখীৰ পাউডাৰ, ঘেঁহু, ঔষধ, ইন্ধন আৰু ঔদ্যোগিক কেঁচা সামগ্ৰী যোগানৰ বাবে আন কেইবাটাও চুক্তি কৰা হৈছে বুলিও বিবৃতিত উল্লেখ কৰা হৈছে ।

উল্লেখ্য যে শ্ৰীলংকা বৰ্তমান তীব্ৰ সংকটত (Sri Lanka in severe crisis)। অৰ্থনৈতিক সংকটে দেশখনত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Economic crisis in Sri Lanka)। যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে দেশখনত ব্যাপক আন্দোলন হৈছে । আন্দোলন ইমানে হিংসাত্মক হৈ উঠিছে যে ৰাষ্ট্ৰপতিয়ে দেশখনত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছে ।

প্ৰথমে ১ এপ্ৰিলত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল আৰু ৫ এপ্ৰিলত ইয়াক প্ৰত্যাহাৰ কৰা হৈছিল । কিন্তু পৰিস্থিতি অধিক অৱনতি হোৱাত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে শুকুৰবাৰে মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ জৰুৰীকালীন অৱস্থা ঘোষণা কৰে ।

লগতে পঢ়ক :Sri Lanka crisis : প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষে পদত্যাগ কৰিব নেকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.