ETV Bharat / international

Rangali Bihu 2022 : এজাক প্ৰবাসী অসমীয়াৰ প্ৰচেষ্টাত ডুবাইত বহাগী বিদায়

author img

By

Published : May 8, 2022, 12:57 PM IST

সাত সাগৰ তেৰ নদীৰ সিপাৰে মৰুৰ দেশ ডুবাইত উদযাপন ৰঙালী বিহু(Rangali Bihu celebrations in Dubai) ৷ ডুবাইৰ অসমীয়া সমাজৰ উদ্যোগ(Rangali bihu organised by assam association in Dubai)ত অসমীয়াৰ বাপতি সাহোন বিহুৰ উন্মাদনা ৷

rangali-bihu-celebrations-in-dubai-organised-by-assam-association
এজাক প্ৰবাসী অসমীয়াৰ প্ৰচেষ্টাত ডুবাইত বহাগী বিদায়

শিৱসাগৰ, 8 মে’ : ঢোল, পেঁপা, গগনাৰ মাতত কঁপি উঠিল বিশ্বৰ অন্যতম ধনী চহৰ ডুবাই(Rangali Bihu celebrations in Dubai) ৷ সঁচাকৈয়ে এগৰাকী প্ৰকৃত অসমীয়াক বিহুৰ পৰা আঁতৰত বান্ধি ৰাখিব নোৱাৰে দূৰত্বই ৷ সাত সাগৰ তেৰ নদীৰ সিপাৰে ডুবাইত বাস কৰা প্ৰতিগৰাকী অসমীয়া একত্ৰিত হ’ল এই ব’হাগতে ৷ মন খুলি উদযাপন কৰিলে ৰঙালী বিহু, প্ৰাণ ঢালি নাচিলে এপাক ৷

কৰ্মসূত্ৰে অথবা ব্যৱসায়িক সূত্ৰে ডুবাইত বাস কৰা অসমীয়া লোকসকলে শনিবাৰে একত্ৰিত হৈ উদযাপন কৰে ব’হাগী বিদায় শীৰ্ষক এটি ৰঙীন সন্ধিয়া ৷ ডুবাইৰ কাৰ্লটন পেলেচ হোটেল(Carlton palace hotel dubai)ত অনুষ্ঠিত এই অনুষ্ঠানত বিহু হুঁচৰি আদিৰ লগতে ভালেমান সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানতে সুৰৰ ৰাগীৰে উপস্থিত দৰ্শকক মতলীয়া কৰে বিশিষ্ট গায়িকা তৰালি শৰ্মাৰ লগতে আন কেইবাগৰাকীও বাছকবনীয়া শিল্পীয়ে ৷

মৰুৰ দেশ ডুবাইত উদযাপন ৰঙালী বিহু

ডুবাইৰ প্ৰবাসী অসমীয়া সমাজে বোপা ককাৰ দিনৰ পৰম্পৰাসমূহ নৱপ্ৰজন্মক চিনাকী কৰাই দিয়াৰ উদ্দেশ্যে আয়োজন কৰে এই বিহুৰ অনুষ্ঠান(Rangali bihu organised by assam association in Dubai)ৰ ৷ অসমীয়া কলা-কৃষ্টিক বিদেশৰ মাটিত প্ৰতিষ্ঠা কৰাটোৱে এই সমাজৰ মুখ্য উদ্দেশ্য ৷ বিদেশৰ মাটিত আয়োজন কৰা এই বিহুক কেন্দ্ৰ কৰি ডুবাইত শনিবাৰে সন্ধিয়া এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখা যায় ৷

লগতে চাওক: কলিয়াবৰত জীনা ৰাজকুমাৰীৰ জনগোষ্ঠীয় নৃত‍্য-গীত পৰিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.