কলিয়াবৰত জীনা ৰাজকুমাৰীৰ জনগোষ্ঠীয় নৃত‍্য-গীত পৰিৱেশন

By

Published : Apr 16, 2022, 11:15 AM IST

thumbnail

বসন্তৰ পৰশ আৰু প্ৰকৃতিৰ মনোমোহা প্ৰতিশ্ৰুতিৰে অসমী আইৰ বুকুত উৎসৱৰ মধুৰ আলোড়ন তুলি আকৌ আহিল অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক ৰঙালী বিহু । বিহুৰ ঐতিহ‍্য ৰক্ষা কৰি মহাসমন্বয়ৰ গীত জুৰিবলৈ পূৰ্বৰ দৰে এইবাৰো কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা(Kaliabor AASU Bihu 2022)ই কুঁৱৰীটোল গান্ধী খেলপথাৰত ৰঙালী বিহু উদযাপন কৰে । উক্ত অনুষ্ঠানত সমন্বিত যুৱ তীৰ্থ কলিয়াবৰে হুঁচৰি পৰিৱেশন কৰাৰ লগতে অসমৰ কেইবাটাও বিহুৱা দলে বিহু পৰিৱেশন কৰে । এই বিহুথলীতে অনুষ্ঠান পৰিৱেশন কৰে অসমৰ লোকসংগীত আৰু জনগোষ্ঠীয় নৃত‍্যৰ উত্তৰণত অহোপুৰুষাৰ্থ কৰা জনপ্ৰিয় শিল্পী জীনা ৰাজকুমাৰীয়ে(Rangali Bihu celebrations in Kaliabor) । বিহুৰ লগতে বিভিন্ন জনগোষ্ঠীয় নৃত‍্য-গীতৰ অনুষ্ঠান পৰিৱৱেশন কৰি কলিয়াবৰীয়া ৰাইজক পহিলা বহাগৰ দিনাই এক সুকীয়া সোৱাদ দিয়ে ৰাজকুমাৰীয়ে । জীনা ৰাজকুমাৰীয়ে পৰিৱেশন কৰা বড়ো, হাজং, তিৱা, নেপালীকে ধৰি কেইবাটাও জনগোষ্ঠীয় গীতৰ নৃত‍্যৰ তালে-তালে নৃত‍্য কৰে আন বহু কেইগৰাকী শিল্পীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.