ETV Bharat / bharat

হিমাচল বিধানসভাৰ প্ৰৱেশদ্বাৰৰ সমীপত উৰিল খালিস্তানৰ পতাকা

author img

By

Published : May 8, 2022, 1:30 PM IST

হিমাচল প্ৰদেশ বিধানসভাৰ মুখ্য প্ৰৱেশদ্বাৰৰ সমীপত উৰিল খালিস্তানৰ পতাকা ৷ কোনো অজ্ঞাত দুস্কৃতিকাৰীয়ে এই পতাকাসমূহ দেৱালত আঁৰি থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান আৰম্ভ ৷

khalistan-flag-on-himachal-assembly-gate-of-tapovan-dharamshala
হিমাচল বিধানসভাৰ প্ৰৱেশদ্বাৰৰ সমীপত উৰিল খালিস্তানৰ পতাকা

নেশ্যনেল ডেস্ক, 8 মে’: তপোবনত থকা হিমাচল বিধানসভাৰ চৌহদৰ প্ৰৱেশদ্বাৰৰ সমীপত উৰিল (Himachal assembly tapovan dharamshala) খালিস্তানৰ পতাকা (Khalistan flag on himachal assembly gate) ৷ শনিবাৰে পুৱতি নিশা এই ঘটনা সম্পৰ্কে পোহৰলৈ আহে ৷ স্থানীয় লোকসকলে পুৱা এই বিষয়ে জানিব পাৰি বিষয়টো অৱগত কৰে আৰক্ষীক ৷ আৰক্ষীয়ে ততালিকে উপস্থিত হয় ঘটনাস্থলীত ৷

আৰক্ষীয়ে খালিস্তানী পতাকাসমূহ জব্দ কৰি আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত ৷ দুৰ্ভাগ্যজনকভাৱে বিধানসভাৰ প্ৰৱেশদ্বাৰৰ সমীপত নাই কোনো চিচিটিভি কেমেৰা ৷ অৱশ্যে বিধানসভা চৌহদৰ সমীপৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানত স্থাপন কৰা কেমেৰাসমূহ পৰীক্ষা কৰা আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

ইয়োল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই এই সন্দৰ্ভত সদৰি কৰা অনুসৰি, তপোবনৰ মুখ্য প্ৰৱেশদ্বাৰৰ সমীপত নাছিল কোনো চিচিটিভি কেমেৰা ৷ সম্প্ৰতি আৰক্ষীয়ে বিপণীসমূহৰ পৰা লাভ কৰা চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰিছে ৷ ঘটনা সন্দৰ্ভত জড়িত দোষীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা ৷

খালিস্তানৰ পতাকা উৰোৱাৰ সন্দৰ্ভত লাভ কৰিছিল ধমকি : বিগত মাৰ্চ মাহত শিখ ফৰ জাষ্টিছৰ সভাপতি গুৰপতৱন্ত সিং পান্নুৱে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰলৈ প্ৰেৰণ কৰিছিল সতৰ্কবাণী ৷ উক্ত পত্ৰত 29 এপ্ৰিলত চিমলাত খালিস্তানৰ পতাকা উত্তোলন কৰাৰ সন্দৰ্ভত ভাবুকি প্ৰদান কৰা হৈছিল ৷ পত্ৰখনত উল্লেখ কৰা অনুসৰি, শিখছ ফৰ জাষ্টিছে চিমলাত খালিস্তানৰ পতাকা উত্তোলন কৰিবলৈ 50,000 ডলাৰ সংগ্ৰহ কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীক নিৰ্দেশ দিছিল ৷

পত্ৰখনত কোৱা হৈছে যে 29 এপ্ৰিলত 1966 চনলৈকে পঞ্জাৱৰ ৰাজধানী হৈ থকা চিমলাত উত্তোলন কৰা হ'ব এই পতাকা ৷ উল্লেখনীয় যে, 1966 চনত হিমাচলক পঞ্জাৱৰ পৰা পৃথক কৰা হৈছিল আৰু সুকীয়াকৈ হিমাচল ৰাজ্য গঠন কৰা হৈছিল । পত্ৰখনত ভিন্দ্ৰনৱালেৰ ছবি আৰু খালিস্তানী পতাকাৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাক লৈ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰৰ কথাও উল্লেখ কৰা হৈছিল ।

বিগত মাৰ্চ মাহত পঞ্জাৱৰ একাংশ যুৱকে তেওঁলোকৰ বাহনত এনে নিষিদ্ধ পতাকা লৈ হিমাচল প্ৰদেশৰ উনা, মাণ্ডি আৰু কুল্লুলৈ আহিছিল ৷ যাৰ বিৰুদ্ধে হিমাচল আৰক্ষীয়ে যান-বাহন আইনৰ অধীনত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছিল । পঞ্জাৱৰ যুৱকৰ দলটোৱে বাহনসমূহত জাৰ্ণেল সিং ভিন্দ্ৰনৱালেৰ এখন ফটোও পতাকাৰ লগতে লৈ আহিছিল । যিবোৰ পিছত আৰক্ষীয়ে আঁতৰাই দিছিল । তাৰপিছতে হিমাচল প্ৰদেশ আৰক্ষীৰ এনে পদক্ষেপৰ বিৰুদ্ধে পঞ্জাৱৰ কিৰাতপুৰত হিমাচলৰ পৰা অহা বাহনসমূহৰ এটা ভিডিঅ' ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ।

মুখ্যমন্ত্ৰী জয়ৰামে এই প্ৰসংগত কি কৈছিল : মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে এই সন্দৰ্ভত কৈছিল যে, হিমাচল আৰক্ষীয়ে যান-বাহন আইনৰ অধীনত নিজৰ কাম কৰিছে । এনেদৰে পতাকাৰে বাহন চলোৱাটো আইন বিৰোধী । আৰক্ষীয়ে সদৰি কৰা অনুসৰি, নিশান চাহিবৰ পতাকাক সম্পূৰ্ণ সন্মান কৰা হয় যদিও বাহনবোৰত নিষিদ্ধ ছবি, পোষ্টাৰ বা পতাকা আছিল ৷ যাৰ বাবে আৰক্ষীয়ে আইনৰ অধীনত থাকি কৰ্তব্য সমাপন কৰিছিল ৷

লগতে চাওক: Char Dham Yatra 2022 : দেওবাৰে ভক্তৰ বাবে মুকলি হ'ব বদ্ৰীনাথৰ দুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.