ETV Bharat / state

জনীয়াৰ চানপুৰ গাঁৱত ৰাইজৰ জালত গভাইত চোৰ

author img

By

Published : May 8, 2022, 2:26 PM IST

এশ গৰু মাৰিলে বাঘৰো মৰণ । আপ্ত বাক্যশাৰী যেন পুনৰ প্ৰমাণিত হ'ল জনীয়াত । ৰাইজে কৰায়ত্ব কৰিলে দীৰ্ঘদিনে বহু চুৰিকাণ্ডৰে লিপ্ত মাত্ৰ ১৪ বছৰ বয়সৰ এটা চোৰক(Public caught a thief in Jania) ।

Public caught a thief in Jania
জনীয়াৰ চানপুৰ গাঁৱত ৰাইজৰ জালত গভাইত চোৰ

জনীয়া,৮ মে': দীৰ্ঘদিনে সন্ত্ৰাস চলাই থকা এটা চোৰ অৱশেষত পৰিল ৰাইজৰ জালত(Public caught a thief in Jania) । মাত্ৰ ১৪ বছৰ বয়সতে বহুকেইটা চুৰিকাণ্ডত লিপ্ত হৈ অৱশেষত চোৰ পৰিল ৰাইজৰ জালত । বৰপেটাৰ বিভিন্ন অঞ্চলত চুৰিকাণ্ড সংঘটিত কৰি আহিছিল ১৪ বছৰীয়া চোৰটোৱে(14 year old thief committed several thefts) ।

শনিবাৰৰ দিনা জনীয়াৰ চানপুৰ গাঁৱৰ ৰহিমা খাতুনৰ ঘৰত চুৰিকাণ্ড সংঘটিত কৰিছিল চোৰটোৱে । চানপুৰ গাঁৱৰ ৰহিম বাদশা নামৰ ১৪ বছৰীয়া চোৰটোৱে একেখন গাঁৱৰে ৰহিমা খাতুনৰ ঘৰত টেবুলৰ পৰা ১৪০০ টকা চুৰি কৰি নিয়াৰ অভিযোগ উত্থাপন হৈছিল । তাৰ পাছতেই কৌশলেৰে স্থানীয় ৰাইজৰ সহযোগত ঘৰৰ গৰাকীয়ে কৰায়ত্ব কৰে চোৰটোক ।

জনীয়াৰ চানপুৰ গাঁৱত ৰাইজৰ জালত গভাইত চোৰ

ৰাইজৰ জেৰাত চোৰটোৱে লোকজনৰ ঘৰৰ পৰা ৮০০ টকা চুৰি কৰা বুলি স্বীকাৰ কৰে । লগতে অঞ্চলটোৰ বিভিন্ন প্ৰান্তত চুৰিকাণ্ড সংঘটিত কৰাৰ কথাও প্ৰকাশ কৰে চোৰটোৱে । আনহাতে আন এক তথ্য অনুসৰি চোৰটোৱে পূৰ্বতেও কেইবাটাও চুৰিকাণ্ড সংঘটিত কৰাৰ অপৰাধত কেইবাবাৰো আৰক্ষীয়ে কৰায়ত্ব কৰিছিল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: 24 ঘন্টাত জামুগুৰিহাটত আটক 7 নকল সোণৰ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.