ETV Bharat / bharat

Cyclone Asani rages in Bay of Bengal : আহি আছে 'আছানী'

author img

By

Published : May 8, 2022, 1:08 PM IST

Updated : May 8, 2022, 1:23 PM IST

বংগোপ সাগৰত আছানী ঘূৰ্ণীবতাহৰ উৎপত্তি (Cyclone Asani forms in Bay of Bengal)। আন্দামান দ্বীপপুঞ্জৰ পোৰ্ট ব্লেয়াৰৰ পৰা ৩৮০ কিলোমিটাৰ পশ্চিম দিশত দক্ষিণ-পূব বংগোপ সাগৰত সৃষ্টি হৈছে এই ঘূৰ্ণীবতাহত । আছানীৰ প্ৰভাৱত অন্ধ্ৰপ্ৰদেশৰ উত্তৰ দিশত আৰু ওড়িশা উপকূলত মঙলবাৰৰ পৰা বতাহ আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

Cyclone Asani rages in Bay of Bengal
আহি আছে অসানী

নেশ্যনেল ডেস্ক, ৮ মে' : 'আছানী' ঘূৰ্ণীবতাহক (Cyclone Asani) লৈ শংকিত হৈছে দেশবাসী । দেওবাৰে বংগোপসাগৰত সৃষ্টি হোৱা এই ঘূৰ্ণীবতাহ ইতিমধ্যে ঘণ্টাত প্ৰায় ৭৫ কিল’মিটাৰতকৈ অধিক গতিবেগত ভাৰতীয় উপকূলৰ দিশে আগবাঢ়িছে । বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে এই ঘূৰ্ণীবতাহৰ প্ৰভাৱত অন্ধ্ৰপ্ৰদেশৰ উত্তৰ দিশত আৰু ওড়িশা উপকূলত মঙলবাৰৰ পৰা বতাহ আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে (Heavy rainfall is expected in Andhra Pradesh and Odisha)। দেওবাৰে পুৱা প্ৰায় ৫:৩০ বজাত আন্দামান দ্বীপপুঞ্জৰ পোৰ্ট ব্লেয়াৰৰ পৰা ৩৮০ কিলোমিটাৰ পশ্চিমে দক্ষিণ-পূব বংগোপসাগৰৰ এই ঘূৰ্ণীবতাহ কেন্দ্ৰীভূত হৈছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পুৱা ৮:৩০ বজাত জাৰি কৰা বুলেটিন অনুসৰি এই ঘূৰ্ণীবতাহ উত্তৰ-পশ্চিম দিশে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু পৰৱৰ্তী ২৪ ঘণ্টাত পূব মধ্য বংগোপসাগৰৰ ওপৰত ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে । বতৰ বিজ্ঞান বিভাগে অনুমান কৰিছে যে, 'আছানী' ঘূৰ্ণীবতাহ ১০ মে'ৰ সন্ধিয়ালৈকে উত্তৰ-পশ্চিম দিশে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু অন্ধ্ৰ প্ৰদেশৰ উত্তৰ দিশত আৰু ওড়িশা উপকূলৰ পশ্চিম মধ্য আৰু সংলগ্ন উত্তৰ-পশ্চিম বংগোপসাগৰত খুন্দা মৰাৰ সম্ভাৱনা আছে । বতৰ বিজ্ঞান কেন্দ্ৰই অৱশ্যে অনুমান কৰা মতে সম্ভৱত এই ঘূৰ্ণীবতাহে স্থলভাগত বেছি প্ৰভাৱ নেপেলাবও পাৰে (Alert issued for Asani cyclone)।

এই ঘূৰ্ণীবতাহ অধিক শক্তিশালী হ'ব বুলিও আশা কৰা হৈছে । অৱশ্যে অন্ধ্ৰ প্ৰদেশৰ উত্তৰ দিশত আৰু ওড়িশা উপকূলৰ ফালে আগবাঢ়ি যোৱাৰ লগে লগে মঙলবাৰৰ পৰা ঘূৰ্ণীবতাহ ক্ৰমান্বয়ে দুৰ্বল হোৱাৰ সম্ভাৱনা আছে ।

পশ্চিমবংগৰ ৰাজধানী কলকাতাকে ধৰি ওড়িশাৰ উপকূলীয় জিলা আৰু পশ্চিমবংগৰ দক্ষিণ অংশত মঙলবাৰৰ পৰা পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । মাছমৰীয়াসকলক ১০ মে'ৰ পৰা পৰৱৰ্তী জাননী নোপোৱালৈকে সাগৰ আৰু পশ্চিমবংগ আৰু ওড়িশা উপকূলত নাযাবলৈ পৰামৰ্শ দিয়া হৈছে ।

লগতে পঢ়ক :অৱতাৰ ছবিৰ পাণ্ডোৰালৈ ৰূপান্তৰিত হৈছে অনামালাই টাইগাৰ ৰিজাৰ্ভ

Last Updated : May 8, 2022, 1:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.