ETV Bharat / bharat

অৱতাৰ ছবিৰ পাণ্ডোৰালৈ ৰূপান্তৰিত হৈছে অনামালাই টাইগাৰ ৰিজাৰ্ভ

author img

By

Published : May 6, 2022, 4:08 PM IST

Avatars Pandora
অৱতাৰ ছবিৰ পাণ্ডোৰালৈ ৰূপান্তৰিত হৈছে অনামালাই টাইগাৰ ৰিজাৰ্ভ

তামিলনাডুৰ অনামালাই টাইগাৰ ৰিজাৰ্ভৰ ব্যতিক্ৰমী দৃশ্য । 'অৱতাৰ' ছবিৰ কাল্পনিক পাণ্ডোৰালৈ (Bioluminescent World Pandora in Avatar) ৰূপান্তৰিত অৰণ্যখন । ভাইৰেল ফটোৱে সকলোকে উদগ্ৰীৱ কৰি তুলিছে । পিছে কিয় আৰু কেনেকৈ এয়া সম্ভৱ ?

নেশ্যনেল ডেস্ক,৬ মে' : বিশ্বজুৰি দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰা হলীউডৰ 'অৱতাৰ' ছবিখন আপুনি চাইছেনে ? ছবিখনৰ পাণ্ডোৰাৰ বিষয়ে আপুনি জানে নিশ্চয় । ছবিখনত পাণ্ডোৰাৰ জৰিয়তে এক কাল্পনিক বায়োলুমিনেচেণ্ট পৃথিৱী দেখুওৱা হৈছিল (Bio luminescent World Pandora in Avatar)। সেই কাল্পনিক বায়োলুমিনেচেণ্ট পৃথিৱী আপুনি ছবিত নহয় নিজ চকুৰেও দেখিব ।

হয়, তামিলনাডুৰ অনামালাই টাইগাৰ ৰিজাৰ্ভত দেখা গৈছে পাণ্ডোৰা সদৃশ দৃশ্য (Glowing fireflies turn ATR into Avatars Pandora)। সামাজিক মাধ্যমত ভাইৰেল হৈছে টাইগাৰ ৰিজাৰ্ভৰ ফটো । সেই দৃশ্য নিজ চকুৰে চাবলৈ এতিয়া বহু লোকৰ মনত কৌতূহল দেখিবলৈ পোৱা গৈছে ।

আচলতে ইয়াৰ কাৰণ জোনাকী পৰুৱা । নিশা জোনাকী পৰুৱাৰ বাবে এক নান্দনিক পৰিৱেশে বিৰাজ কৰিছে বনাঞ্চলখনত । সেউজীয়া আলোকিত দলিচালৈ পৰিণত হৈছে সমগ্ৰ বনাঞ্চল । প্ৰতি বছৰে এনেদৰে একোটা সময়ত অসংখ্য জোনাকী পৰুৱাই এক ব্যতিক্ৰমী পৰিৱেশৰ সূচনা কৰি আহিছে বনাঞ্চলখনত ।

এই জোনাকী পৰুৱাবোৰৰ ওপৰত ইতিমধ্যে অধ্যয়ন আৰম্ভ হৈছে । জানিব পৰা মতে যোৱা মাহত ক্ষেত্ৰ সঞ্চালক ৰামসুব্ৰমনিয়াম (IFS)ৰ নিৰ্দেশনাত, উপ-সঞ্চালক এম. জি গণেশনৰ সৈতে ছফ্টৱেৰ অভিযন্তা আৰু পোহৰ প্ৰদূষণৰ বিশেষজ্ঞ শ্ৰীৰাম মুৰলীয়ে অনামালাই টাইগাৰ ৰিজাৰ্ভলৈ জোনাকী পৰুৱাৰ ফ্লেছিং পৰ্যবেক্ষণ কৰিবলৈ গৈছিল ।

তেওঁলোকে দেখিছিল যে হাজাৰ হাজাৰ জোনাকী পৰুৱাই নিশা অৰণ্যত পোহৰৰ সৃষ্টি কৰিছিল । এজোপা গছৰ পৰা জোনাকী পৰুৱাবোৰ ওলাই অহা দেখা গৈছিল আৰু অতি কম সময়ৰ ভিতৰত সমগ্ৰ অঞ্চলতে বিয়পি পৰিছিল । প্ৰতি জোপা গছ জিলিকি থকা দেখা গৈছিল । গোটেই অৰণ্যখন হালধীয়া-সেউজীয়া ৰঙেৰে জিলিকি থকা যেন লাগিছিল ।

প্ৰকৃততে, এই পোহৰবোৰ পুৰুষ জোনাকী পৰুৱাৰ দ্বাৰা আহে, যিয়ে সম্ভাৱ্য সঙ্গী বিচাৰি এই পোহৰ সৃষ্টি কৰি গছত পৰি থাকে । বিশেষজ্ঞসকলে কয় যে অৰণ্যত সমান সংখ্যক মাইকী জোনাকী পৰুৱাও থাকিব পাৰে ।

অৰণ্যখনত জোনাকী পৰুৱাৰ অত্যাধিক সংখ্যাৰ বাবে বিশেষজ্ঞসকলে বিভিন্ন ধৰণৰ পৰীক্ষাও আৰম্ভ কৰিছে । আচলতে ২,০০০ তকৈও অধিক প্ৰজাতিৰ জোনাকী পৰুৱা আছে, কিন্তু মাত্ৰ কেইটামানহে সততে পোৱা যায় । বিজ্ঞানীসকলে কৈছে যে অৰণ্যখনত পোৱা জোনাকী পৰুৱাবোৰ সমকালীন প্ৰজাতিৰ আৰু হয়তো কোনো নতুন প্ৰজাতিৰো হ'ব পাৰে । অৱশ্যে, প্ৰজাতিটো সঠিকভাৱে চিনাক্ত কৰিবলৈ বিতং গৱেষণা আৰু ডিএনএ অনুক্ৰমৰ প্ৰয়োজন ।

ভাৰতৰ পাৰাম্বিকুলাম আৰু নেলিয়ামপতিৰ উপৰিও মহাৰাষ্ট্ৰৰ কিছু কিছু ঠাইত এই সমকালীন জোনাকী পৰুৱা পোৱা যায় । অৰণ্যখনৰ জোনাকী পৰুৱাবোৰৰ পৰিস্থিতি আৰু জীৱন চক্ৰ, তেওঁলোকে কোনোবোৰ গছ বাছনি কৰে, অন্যান্য বন্যপ্ৰাণীৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আদি বিষয়বোৰ জানিবলৈ অধিক অনুসন্ধান অব্যাহত আছে ।

লগতে পঢ়ক :স্বাধীনতা সংগ্ৰামীৰ সমাধিস্থল সংৰক্ষণৰ পদক্ষেপ আগৰতলা পৌৰ নিগমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.