ETV Bharat / bharat

স্বাধীনতা সংগ্ৰামীৰ সমাধিস্থল সংৰক্ষণৰ পদক্ষেপ আগৰতলা পৌৰ নিগমৰ

author img

By

Published : May 5, 2022, 12:49 PM IST

মুক্তিযুদ্ধৰ সময়ৰ বাংলাদেশী স্বাধীনতা সংগ্ৰামীসকল(Bangladeshi freedom fighters of Liberation War) ৰ ৰাজহুৱা সমাধিস্থলৰ সংৰক্ষণ আৰু সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিছে আগৰতলা পৌৰ নিগমে(Tripura takes efforts to preserve liberation war mass burial site) ৷ ইয়াৰ বাবে মেয়ৰ সহিতে এটা দলে বুধবাৰে পৰিদৰ্শন কৰে এটা ৰাজহুৱা কবৰস্থান ৷

tripura-takes-efforts-to-preserve-liberation-war-mass-burial-site
স্বাধীনতা সংগ্ৰামীৰ সমাধিস্থল সংৰক্ষণৰ পদক্ষেপ আগৰতলা পৌৰ নিগমৰ

আগৰতলা, 5 মে’: আগৰতলা পৌৰ নিগম (AMC) ৰ অনন্য পদক্ষেপ ৷ মুক্তিযুদ্ধৰ সময়ৰ বাংলাদেশী স্বাধীনতা সংগ্ৰামীসকল(Bangladeshi freedom fighters of Liberation War) ৰ ৰাজহুৱা সমাধিস্থলৰ সংৰক্ষণ আৰু সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিছে পৌৰ নিগম(Tripura takes efforts to preserve liberation war mass burial site) খনে ৷ যাৰ দ্বাৰা স্বাধীনতা সংগ্ৰামীসকলৰ সৰ্বোচ্চ ত্যাগক স্বীকৃতি দিয়া যাব ৷

বুধবাৰে আগৰতলা পৌৰ নিগমৰ মেয়ৰ দীপক মজুমদাৰ, আয়ুক্ত শৈলেশ কুমাৰ যাদৱ আৰু অন্যান্য বিষয়াসকলৰ নেতৃত্বত এটা দলে আগৰতলা চহৰৰ সমীপৰ ভাৰত-বাংলাদেশ সীমান্তৰ পৰা মাত্ৰ কেই কিল’মিটাৰ দূৰত্বত অৱস্থিত জয়নগৰত থকা এটা কবৰস্থান পৰিদৰ্শন কৰে ৷

ৰাজহুৱা সমাধিস্থলৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ আগৰতলা পৌৰ নিগমৰ

"মুক্তি যুদ্ধৰ সময়তে বাংলাদেশৰ বহু স্বাধীনতা সংগ্ৰামীৰ মৃত্যু ঘটিছিল আৰু তেওঁলোকক ইয়াতে সমাধিস্থ কৰা হৈছিল । ঐতিহাসিক গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটো সুৰক্ষিত আৰু সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব", বুলি মেয়ৰ মজুমদাৰে সদৰি কৰে । তদুপৰি মেয়ৰ গৰাকীয়ে অঞ্চলটোত বাস কৰা বিভিন্ন সম্প্ৰদায়ৰ লোকসকলৰ মুৰব্বীসকলৰ সৈতে মত বিনিময় কৰে ৷ ৰাজ্য চৰকাৰৰ দ্বাৰা এইক্ষেত্ৰত সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণৰো আশ্বাস প্ৰদান কৰে ৷

তেওঁ লগতে কৈছিল যে, সমগ্ৰ অঞ্চলটোৰ সীমা নিৰ্ধাৰণৰ বাবে ইতিমধ্যে বিষয়াসকলক কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ প্ৰশাসনে পথটোৰ পুনৰ নিৰ্মাণৰ লগতে ষ্ট্ৰীট লাইট স্থাপন কৰাৰ সিদ্ধান্ত লৈছে ৷

লগতে চাওক: ত্ৰিপুৰাত দুই শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.