ETV Bharat / bharat

ত্ৰিপুৰাত দুই শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

author img

By

Published : May 5, 2022, 10:42 AM IST

বুধবাৰে ত্ৰিপুৰাত দুই শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ এই ঘটনাৰ পিছতে সেই সময়ত চিকিৎসালয়ত কৰ্তব্যৰত অৱস্থাত থকা চিকিৎসকক প্ৰহাৰ(On duty thrashed in Tripura after two children died) কৰে সাধাৰণ জনতাই ৷

on-duty-thrashed-in-tripura-after-two-children-died-for-alleged-medical-negligence
ত্ৰিপুৰাত দুই শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

আগৰতলা, 5 মে’: বুধবাৰে ত্ৰিপুৰাৰ এখন চিকিৎসালয়ত মৃত্যু ঘটিছিল দুটাকৈ শিশুৰ ৷ ঘটনাটো সংঘটিত হৈছিল ধলাই জিলাৰ মাণিকপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ(Manikpur Primary Health Centre at Dhalai district) ত ৷ এই ঘটনাৰ পিছতে উত্তপ্ত জনতাই প্ৰহাৰ কৰিছিল সেই সময়ত স্বাস্থ্যকেন্দ্ৰটোত কৰ্তব্যৰ খাতিৰত উপস্থিত থকা প্ৰণৱ দেৱবৰ্মা নামৰ এগৰাকী চিকিৎসকক(On duty thrashed in Tripura after two children died) ৷

জনতাৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল চিকিৎসকগৰাকী ৷ পৰৱৰ্তী সময়ত তেওঁক ততালিকে আগৰতলাৰ জি বি পন্ত চিকিৎসালয়(GB Pant hospital in Agartala) লৈ প্ৰেৰণ কৰা হয় ৷ মৃত শিশু দুটাৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰা অনুসৰি, শিশু দুটা ক্ৰমে দৰ্মিতা ত্ৰিপুৰা (8) আৰু ধৰ্মঞ্জয় ত্ৰিপুৰা (5) ই কিছুদিনৰে পৰা জ্বৰত ভূগি থকাত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোত ভৰ্তি কৰা হৈছিল । পৰৱৰ্তী সময়ত কৰ্তব্যৰত চিকিৎসকে এটা বেজী আৰু কিছু ঔষধ দিয়াৰ পিছতে শিশু দুটি স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে আৰু বিয়লি দুয়োৰে মৃত্যু ঘটে ৷

এই ঘটনাৰ পিছতে উত্তেজিত হৈ পৰে শিশু দুটিৰ পৰিয়ালবৰ্গ ৷ উত্তেজিত লোকসকলে ক্ষান্ত নাথাকি চিকিৎসালয়ৰ ভিতৰত প্ৰৱেশ কৰি লণ্ড-ভণ্ড কৰে সকলো ধৰণৰ সা-সামগ্ৰী ৷ ইয়াৰ পিছতে তেওঁলোকে প্ৰহাৰ কৰে চিকিৎসকগৰাকীক ৷ তেওঁলোকে দাবী কৰা অনুসৰি, একমাত্ৰ চিকিৎসকৰ অৱহেলাৰ বাবেই শিশু দুটি মৃত্যুমুখত পৰে ৷

আনফালে, চিকিৎসালয় কৰ্তৃপক্ষই সমগ্ৰ বিষয়টো একেমুখে নস্যাৎ কৰে ৷ জিলাখনৰ মুখ্য চিকিৎসা বিষয়া ডাঃ পি কলোই এই সন্দৰ্ভত একপ্ৰকাৰ দাবী কৰি কয় যে, তেওঁলোকে শিশু দুটাৰ পৰিয়ালক উন্নত চিকিৎসাৰ বাবে আন এখন উন্নত সা-সুবিধাযুক্ত চিকিৎসালয়লৈ নিয়াৰ পৰামৰ্শ আগবঢ়াইছিল ৷ কিন্তু চিকিৎসকৰ পৰামৰ্শ মানি ল’বলৈ অস্বীকাৰ কৰে শিশু দুটাৰ পৰিয়ালবৰ্গই ৷ যাৰ বাবে চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰে দুয়োজনে ৷

শিশু দুটি মেলেৰিয়াত ভোগাৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে জিলাখনৰ মুখ্য চিকিৎসা বিষয়া ডাঃ পি কলোই ৷ তেওঁ লগতে কয় যে, মৃত শিশু দুটাৰ পৰিয়ালক সকলো কথা জনোৱাৰ পাছতো তেওঁলোক বিনা কাৰণত উত্তেজিত হৈ পৰে ৷ তাৰপিছতে চিকিৎসালয়খনত প্ৰৱেশ কৰে প্ৰায় 50 জনীয়া এটি দল ৷ এই দলটোৱে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত মজুত থকা সামগ্ৰীসমূহৰ বিনষ্ট সাধন কৰাৰ পিছতে চিকিৎসকক প্ৰহাৰ কৰে ৷

এই ঘটনাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত মজুত কৰা হয় আৰক্ষী আৰু টিএছআৰ কৰ্মীৰ দলক ৷

লগতে চাওক: ঈদ উপলক্ষে কাশ্মীৰত বিক্ৰী প্ৰায় ১০০ কোটি টকাৰ ছাগলীৰ মাংস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.