ETV Bharat / state

কলিয়াবৰত আয়োজিত শিশু ভাওনা

author img

By

Published : May 8, 2022, 2:22 PM IST

কলিয়াবৰত কণ-কণ শিশুৰ দ্বাৰা প্ৰদৰ্শন কৰা হ’ল গুৰুজনাৰ অমৰ সৃষ্টি 'ৰাম-বিজয়' অংকীয়া নাট (Kids Bhaona held at Kaliabor) ৷ কলিয়াবৰৰ শ্ৰী শ্ৰী ৰূপ নাৰায়ণ পোৰাভেটি সত্ৰৰ নৱ-নিৰ্মিত নামঘৰত গুৰু আসন প্ৰতিষ্ঠা উপলক্ষে তিনিদিনীয়াকৈ আয়োজন কৰা হয় এক বিশেষ কাৰ্যসূচী ৷ এই কাৰ্যসূচীৰ অংশস্বৰূপে শনিবাৰে নিশা কণ কণ শিশু তথা কিশোৰ-কিশোৰীৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় 'ৰাম-বিজয়' অংকীয়া নাট ৷

Kids Bhaona
কলিয়াবৰত আয়োজিত শিশু ভাওনা

কলিয়াবৰ, 8 মে’: ভাওন-সবাহ অসমীয়া জাতিৰ পৰিচয় স্বৰূপ ৷ অসমীয়াৰ কলা-সংস্কৃতি নিহিত হৈ আছে এই ভাওন-সবাহত ৷ উঠি অহা নৱ-প্ৰজন্মক এইবোৰৰ সৈতে চিনাকী কৰি দিয়াৰ প্ৰয়াস কৰিছে কলিয়াবৰবাসী ৰাইজে ৷ যাৰ বাবেই শনিবাৰে কলিয়াবৰৰ শ্ৰী শ্ৰী ৰূপ নাৰায়ণ পোৰাভেটি সত্ৰত শিশু তথা চেমনীয়াসকলৰ দ্বাৰা অংকীয়া নাট প্ৰদৰ্শন কৰা হয় (Kids Bhaona held at Kaliabor) ৷

Kids Bhaona
কলিয়াবৰত আয়োজিত শিশু ভাওনা

এক প্ৰকাৰে ক’ব পাৰি যে, হৰি নামৰ ধ্বনিৰে দ্বিতীয় বৈকুন্ঠ পুৰিলৈ পৰিণত হ’ল 1697 খ্ৰীষ্টাব্দতে প্ৰতিষ্ঠা হোৱা কলিয়াবৰৰ শ্ৰী শ্ৰী ৰূপ নাৰায়ণ পোৰাভেটি সত্ৰ ৷ শ্ৰী শ্ৰী ৰূপ নাৰায়ণ পোৰাভেটি সত্ৰৰ নৱ-নিৰ্মিত নামঘৰত গুৰু আসন প্ৰতিষ্ঠাৰ লগতে ভাগৱত পাঠৰ আয়োজন কৰা হয় ।

Kids Bhaona
শিশু ভাওনা প্ৰদৰ্শন

তিনিদিনীয়াকৈ আয়োজন কৰা এই ধৰ্মীয় অনুষ্ঠানৰ লগতে অন্তিম দিনা অৰ্থাৎ শনিবাৰে নিশা শিশু-চেমনীয়াসকলৰ দ্বাৰা প্ৰদৰ্শিত কৰা হয় গুৰুজনাৰ অমৰ সৃষ্টি 'ৰাম-বিজয়' অংকীয়া নাট ৷ আজিৰ নৱ প্ৰজন্মক পুৰণি কলা-সংস্কৃতি তথা গুৰুজনাৰ অপূৰ্ব সৃষ্টি ৰাজি চিনাকী কৰাই দিয়াৰ মানসেৰে কলিয়াবৰৰ শ্ৰী শ্ৰী ৰূপ নাৰায়ণ পোৰাভেটি সত্ৰত আয়োজিত কৰা হয় এই ভাওনাৰ ৷

কলিয়াবৰত আয়োজিত শিশু ভাওনা

আনকি শিশু তথা চেমনীয়াসকলেও এই ভাওনাত ভাও লৈ উৎফুল্লিত হৈ পৰে ৷ উল্লেখ্য যে, শিশু তথা চেমনীয়াসকলে পৰিৱেশন কৰা এই ভাওনা চাবলৈ লোকে লোকাৰণ্য হৈ পৰে নামঘৰ প্ৰাংগন ।

লগতে পঢ়ক : কান চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শন হ’ব অসমীয়া ছবি ‘বাঘজান' আৰু ‘বুম্বা ৰাইড’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.