ETV Bharat / state

নলবাৰী এজেপিৰ সভাপতি নগেন ডেকাক দুৰ্বৃত্তৰ আক্ৰমণ

author img

By

Published : May 8, 2022, 10:21 AM IST

নলবাৰী এজেপিৰ জিলা সভাপতি নগেন ডেকাক আক্ৰমণ ৷ চহৰৰ মাজমজিয়াৰ হৰিমন্দিৰ চ’কত কোনো অজ্ঞাত দুৰ্বৃত্তই শাৰিৰীকভাৱে অপদস্থ কৰে জ্যেষ্ঠ নাগৰিকগৰাকীক(Nalbari AJP district president Nagen Deka attacked by miscreants) ৷ ঘটনা সন্দৰ্ভত নলবাৰী সদৰ থানাত দাখিল এজাহাৰ ৷

nalbari-ajp-district-president-nagen-deka-attacked-by-miscreants
নগেন ডেকাক দুৰ্বৃত্তৰ আক্ৰমণ

নলবাৰী, 8 মে’: ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি নগেন ডেকাক শনিবাৰে নিশা আক্ৰমণ দুৰ্বৃত্তৰ(Nalbari AJP district president Nagen Deka attacked by miscreants) ৷ ডেকা সম্প্ৰতি এজেপিৰে নহয়, বৰং শ্ৰীশ্ৰীহৰিমন্দিৰ কমিটিৰ সাধাৰণ সম্পাদকৰ দায়িত্বতো কাৰ্যনিৰ্বাহ কৰি আছে ৷ নিশা হৰিমন্দিৰৰ চ’কত শাৰিৰীকভাৱে নগেন ডেকাক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, ঈদ(Eid-Ul-Fitr) ৰ দিনা নলবাৰীৰ সমীপৱৰ্তী দীঘেলী অঞ্চলৰ দুগৰাকী মাংস ব্যৱসায়ীয়ে ছাগলী মাংসৰ লগত গো-মাংস মিহলাই বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ উক্ত কথা পোহৰলৈ অহাৰ পিছতে অঞ্চলটোত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি আৰু বন্ধ কৰি দিয়া হৈছিল মাংসৰ বিপণী দুখন ৷ তদুপৰি সেইদিনাৰে পৰা অঞ্চলটোৰ একাংশ লোকৰ মাজত চলি আহিছিল আভ্যন্তৰীণ হিংসা ৷

নলবাৰী এজেপিৰ সভাপতি নগেন ডেকাক দুৰ্বৃত্তৰ আক্ৰমণ

এই সন্দৰ্ভত দীঘেলীবাসীয়ে শনিবাৰে আয়োজন কৰিছিল গাঁওসভাৰ ৷ এই গাঁওসভাত উপস্থিত আছিল নগেন ডেকা ৷ যাৰবাবে অজ্ঞাত দুৰ্বৃত্তই আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে খোদ জিলা এজেপিৰ সভাপতিগৰাকীয়ে ৷ ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত ডেকাই নলবাৰী সদৰ থানাত দাখিল কৰিছে এজাহাৰ ৷ জিলাখনৰ এগৰাকী জ্যেষ্ঠ নাগৰিকক এনেদৰে দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনা সম্প্ৰতি জিলাখনৰ সৰ্বত্ৰে চৰ্চিত হৈছে ৷

  • 1/n: অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি, বিগত বিধানসভা নিৰ্বাচনত নলবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অজাপ প্ৰাৰ্থী নগেন ডেকা দেৱক আজি নলবাৰীত তথাকথিত সোঁপন্থী আদৰ্শৰ কেইজনমান উদণ্ড যুৱকে আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ধিক্কাৰ জনাইছোঁ ৷ pic.twitter.com/EsGQ2AoCFo

    — Lurinjyoti Gogoi (@lurinjtgogoi) May 7, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ গগৈয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰাৰ লগতে এই ঘটনাত জড়িত দোষীৰ উচিত শাস্তিৰ দাবী উত্থাপন কৰিছে ৷ লুৰিণজ্যোতি গগৈয়ে সামাজিক মাধ্যমযোগে এই বিষয়ত সৰৱ হৈ পৰা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে, বিগত বিধানসভাৰ নিৰ্বাচনত নগেন ডেকাই অসম জাতীয় পৰিষদৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷

লগতে চাওক: বৰপেটা কংগ্ৰেছত খহনীয়া : জিলা সভাপতিৰ পিছতে পদত্যাগ মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.